বোকাখাতত ভুলুণ্ঠিত মানৱতা, পাষাণ পিতৃ-মাতৃয়ে মোনাত ভৰাই পেলাই থৈ গ’ল নৱজাতকক

কংক্ৰিটৰ এই পৃথিৱীৰ মাজত মানুহৰ মনবোৰো কংক্ৰিটৰ দৰে হৈ পৰিছে নেকি? নোহোৱা হৈছে নেকি মানৱতা? শেহতীয়াকৈ বোকাখাতত সংঘটিত হোৱা এক ঘটনাই উত্থাপন কৰিছে এনে কেতবোৰ প্ৰশ্নৰে। কোনো পাষাণ পিতৃ-মাতৃয়ে মোনাৰ ভিতৰত সোমোৱাই পেলাই থৈ গ’ল দেখিলেই মৰমলগা এটি দেৱশিশুক। বোকাখাতৰ গড়মূৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। মোনাটো পৰিত্যক্ত অৱস্থাত প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে। পৰৱৰ্তী সময়ত পোহৰলৈ আহে মোনাটোত এটি নৱজাতক থকাৰ কথা। ৰাইজৰ তৎপৰতাত চিকিৎসাললৈ প্ৰেৰণ কৰা হয় শিশুটিক। নিজৰ কুকৰ্ম লুকুৱাবলৈকে কোনো লোকে এনে গৰ্হিত কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰিছে ৰাইজে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...