তীব্ৰবেগী ডাম্পাৰক নাকী লগাব কোনে? ডাম্পাৰৰ খুন্দাত পুনৰ প্ৰাণ গ’ল এজনৰ

ডাম্পাৰ ‘বাহন’ নে ‘যমদূত’? এতিয়া যেন আতংকৰ আন এক নাম হৈ পৰিছে ডাম্পাৰ। আজি পুৱাই শৰাইঘাটৰ নতুন দলঙত সংঘটিত হয় ভয়ংকৰ পথ দুর্ঘটনা। নম্বৰপ্লেটবিহীন ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল এজন চাইকেল আৰোহীৰ। দলঙৰ ওপৰেদি গৈ থকা অৱস্থাত পাছফালৰ পৰা মহতিয়াই নিলে লোকজনক। মৃত লোকজন জালুকবাৰী অঞ্চলৰে ভাগ্যেশ্বৰ সিনহা দাস বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে জালুকবাৰী আৰক্ষীয়ে তৎপৰতাৰে ডাম্পাৰৰ চালকজনক আটক কৰাৰ লগতে জব্দ কৰে নম্বৰপ্লেটবিহীন ডাম্পাৰখনো। উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰা জামাল আলী ডাম্পাৰৰ চালকজনৰো নাছিল ড্ৰাইভিং লাইচেন্স। কোনোধৰণৰ নথি–পত্ৰও নাই ডাম্পাৰখনৰ। ঘটনাৰ পিছতে উত্তপ্ত হয় পৰিস্থিতি, দুৰ্ঘটনা সংঘটিত কৰা চালকজনক প্ৰহাৰো কৰে একাংশই।

উল্লেখ্য যে দৈনিক ইটোৰ পিছত সিটোকৈ দুৰ্ঘটনা সংঘটিত কৰিয়েই আছে ডাম্পাৰে। ডাম্পাৰৰ খুন্দাত অকালতে হেৰাই গৈছে বহু সম্ভাৱনা নাইবা চিৰদিনলৈ ঘুণীয়া হৈছে বহুজন। উকা হৈছে কোনো নৱবিবাহিতাৰ কপাল, সন্তান নাইবা পিতৃ-মাতৃক হেৰুৱাই নিথৰুৱা হৈছে বহুজন। খবৰবোৰে বাতৰিৰ শিৰোনাম দখল কৰে। তাৰ পিছতো গা নলৰে বিভাগীয় কৰ্তৃপক্ষৰ। লোৱা নহয় কোনো ব্যৱস্থা। প্ৰশ্ন হয়, আৰু কিমান সম্ভাৱনা হেৰাই গ’লে ব্যৱস্থা লোৱা হ’ব তীব্ৰবেগী ডাম্পাৰৰ বিৰুদ্ধে? নে এনেকৈয়ে ঘটি থাকিব ঘটনাবোৰ? প্ৰশ্ন বহুত, কিন্তু উত্তৰ…

Popular

More like this
Related

BCCIৰ চেণ্ট্ৰেল কণ্ট্ৰেক্টত কিয় স্থান নাপালে ৰিয়ান পৰাগে?

BCCI (ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড)ৰ চেণ্ট্ৰেল কণ্ট্ৰেক্ট হৈছে ক্ৰিকেটাৰসকলক...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে দিলে ভাল খবৰ

টকা খৰচ কৰি এতিয়া আৰু আপুনি কিনিব নালাগে মোবাইল।...

১৪ বছৰ বয়সত কিদৰে নিজকে IPLৰ বাবে যোগ্য কৰি তুলিছিল বৈভৱ সূৰ্যবংশীয়ে?

বিহাৰৰ সমষ্টিপুৰৰ ১৪ বছৰীয়া ক্ৰিকেট প্ৰতিভা বৈভৱ সূৰ্যবংশীয়ে আই...

ৰাজ্যত মৰেল পুলিচিঙৰ ভয়াৱহ ঘটনা

ৰাজ্যত মৰেল পুলিচিঙৰ ভয়াৱহ ঘটনা। লাহোৱালত দলবদ্ধ আক্ৰমণত প্ৰাণ...