বোকাখাতত ভুলুণ্ঠিত মানৱতা, পাষাণ পিতৃ-মাতৃয়ে মোনাত ভৰাই পেলাই থৈ গ’ল নৱজাতকক

কংক্ৰিটৰ এই পৃথিৱীৰ মাজত মানুহৰ মনবোৰো কংক্ৰিটৰ দৰে হৈ পৰিছে নেকি? নোহোৱা হৈছে নেকি মানৱতা? শেহতীয়াকৈ বোকাখাতত সংঘটিত হোৱা এক ঘটনাই উত্থাপন কৰিছে এনে কেতবোৰ প্ৰশ্নৰে। কোনো পাষাণ পিতৃ-মাতৃয়ে মোনাৰ ভিতৰত সোমোৱাই পেলাই থৈ গ’ল দেখিলেই মৰমলগা এটি দেৱশিশুক। বোকাখাতৰ গড়মূৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। মোনাটো পৰিত্যক্ত অৱস্থাত প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে। পৰৱৰ্তী সময়ত পোহৰলৈ আহে মোনাটোত এটি নৱজাতক থকাৰ কথা। ৰাইজৰ তৎপৰতাত চিকিৎসাললৈ প্ৰেৰণ কৰা হয় শিশুটিক। নিজৰ কুকৰ্ম লুকুৱাবলৈকে কোনো লোকে এনে গৰ্হিত কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰিছে ৰাইজে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...

মহাকাশতো চীনৰ চোৰাংচোৱাগিৰি! এতিয়াৰ পৰা প্ৰতিটো উপগ্ৰহত নজৰ ৰাখিব চীনে

মহাকাশত চীনৰ চোৰাংচোৱাগিৰিৰ নতুন কৌশল! পৃথিৱীৰ কক্ষপথত থকা উপগ্ৰহসমূহৰ...

মুম্বাইৰ কোষ্টেল ৰোডত ভয়ংকৰ দুৰ্ঘটনা; দলঙৰ পৰা বাগৰি পৰিল BMW

দেওবাৰে পুৱতি নিশা মুম্বাইৰ কোষ্টেল ৰোডত এখন দ্ৰুতবেগী BMW...