বোকাখাতত ভুলুণ্ঠিত মানৱতা, পাষাণ পিতৃ-মাতৃয়ে মোনাত ভৰাই পেলাই থৈ গ’ল নৱজাতকক

কংক্ৰিটৰ এই পৃথিৱীৰ মাজত মানুহৰ মনবোৰো কংক্ৰিটৰ দৰে হৈ পৰিছে নেকি? নোহোৱা হৈছে নেকি মানৱতা? শেহতীয়াকৈ বোকাখাতত সংঘটিত হোৱা এক ঘটনাই উত্থাপন কৰিছে এনে কেতবোৰ প্ৰশ্নৰে। কোনো পাষাণ পিতৃ-মাতৃয়ে মোনাৰ ভিতৰত সোমোৱাই পেলাই থৈ গ’ল দেখিলেই মৰমলগা এটি দেৱশিশুক। বোকাখাতৰ গড়মূৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। মোনাটো পৰিত্যক্ত অৱস্থাত প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে। পৰৱৰ্তী সময়ত পোহৰলৈ আহে মোনাটোত এটি নৱজাতক থকাৰ কথা। ৰাইজৰ তৎপৰতাত চিকিৎসাললৈ প্ৰেৰণ কৰা হয় শিশুটিক। নিজৰ কুকৰ্ম লুকুৱাবলৈকে কোনো লোকে এনে গৰ্হিত কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰিছে ৰাইজে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিলাসীপাৰাৰ মায়াৰচৰত চাঞ্চল্যকৰ ঘটনা! বিয়াৰ প্ৰলোভনেৰে মহিলাৰ ধন-সোণ লুট

বিলাসীপাৰাৰ মায়াৰচৰ ১ম খণ্ডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।...

বাহ্যিক আড়ম্বৰবিহীন উপাসনাৰে এখন ব্যতিক্ৰমী দুৰ্গাপূজাস্থলী; ২৮২ বছৰীয়া ঐতিহ্যৰে নিৰৱে চলি আহিছে উপাসনা

দুৰ্গোৎসৱক লৈ ৰাজ্যৰ চৌদিশে এতিয়া উখল-মাখল পৰিৱেশ। আটকধুনীয়া পূজামণ্ডপ,...

মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত; হাফলং উপ-কাৰাগাৰৰ পৰা পুৱা ৬:৩০ বজাত মুক্তি

অৱশেষত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাল অমৃতপ্ৰভা মহন্ত।...