RRৰ অধিনায়ক পদ লাভ কৰি গৌৰৱান্বিত ৰিয়ান পৰাগ

‘IPL দল এটাক নেতৃত্ব দিব পৰাটো মোৰ বাবে গৌৰৱৰ কথা৷ ইয়াৰ বাবে মই ৰাজস্থান ৰয়েলছৰ প্ৰতি চিৰকৃতজ্ঞ৷ মই পূৰ্বে ৰাজ্যিক দলক নেতৃত্ব দিছিলো যদিও আন্তৰ্জাতিক স্তৰত কেতিয়াও এনে দায়িত্ব পোৱা নাছিলো৷ মোৰ কেৰিয়াৰৰ উত্তৰণত ৰাজস্থান ৰয়েলছে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ আৰম্ভনিৰ পৰাই মোৰ পাছত দলটো থিয় হৈ আছে৷ এইবাৰ অধিনায়কৰ দায়িত্ব দি মোৰ প্ৰতি যি গভীৰ আস্থা ৰয়েলছৰ দলীয় মেনেজমেণ্টে ৰাখিছে তাক লৈ মই আপ্লুত লগতে দলক প্ৰত্যাশিত সফলতা দিবলৈও দৃঢ়৷’ এই মন্তব্য ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগৰ৷

উল্লেখ্য যে চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ প্ৰথম দুখন ঘৰুৱা মেচ গুৱাহাটীত খেলিবলৈ অহা ৰাজস্থান ৰয়েলছে কাইলৈ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত কলকাতা নাইটৰাইডাৰ্ছৰ মুখামুখি হ’ব৷ আজি সংবাদমেলত অংশ লৈ ৰিয়ানে মেচৰ প্ৰস্তুতি তথা অধিনায়ক হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে মিডিয়াৰ লগত বাৰ্তালাপ কৰি নিজৰ অনুভূতি ব্যক্ত কৰে৷ গুৱাহাটীত দূয়োখন মেচতে ঘৰুৱা অনুৰাগীৰ সন্মুখত ৰয়েলছ দলক নেতৃত্ব দিব পৰাটো ৰিয়ানৰ বাবে ৰোমাঞ্চকৰ অভিজ্ঞতা হ’ব বুলিও অসম সন্তানজনে ব্যক্ত কৰে৷ আনহাতে, এ চি এ ষ্টেডিয়ামৰ উইকেট, খেলপথাৰ তথা গেলাৰীৰ দৰ্শক তেওঁৰ বাবে চিনাকি হোৱাত নেতৃত্বৰ চাপ নাথাকে বুলিও কয়৷

‘কাইলৈৰ দিনটো মোৰ বাবে উল্লেখনীয়৷ আমি প্ৰথম মেচ হায়দৰাবাদত খেলিছিলো৷ কিন্তু কাইলৈ আমাৰ প্ৰথম ঘৰুৱা মেচ লগতে মোৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে খেলিব৷ আশাকৰো আমি ঘৰুৱা সমৰ্থকৰ আশীৰ্বাদ আৰু মৰম খেলপথাৰত পাম৷ ঘৰত খেলাৰ সুযোগে আমাক সফলতা দিয়াতো নিশ্চিতৰূপত সহায় কৰিব৷’ ৰিয়ানে লগতে কয়৷ ইফালে, যোৱা মেচৰ বিফলতা বা প্ৰথম মেচত আৰ আৰ দলৰ বলিং বিভাগৰ দূৰ্বলতা সন্দৰ্ভত ৰিয়ানে কয় যে হৈ যোৱা মেচৰ কথা তেওঁ বিশ্লেষন নকৰে৷ গুৱাহাটীত দুই চেম্পিয়ন কে কে আৰ আৰু চি এছ কেৰ বিৰুদ্ধে জয়ৰ লক্ষ্যৰে খেলিবলৈ ৰয়েলছ সাজু হৈছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...