খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ, ছাব-জুনিয়ৰ শাখাৰ ফাইনেলত ওদালগুৰি-চৰাইদেউ

ওদালগুৰি আৰু চৰাইদেউৰ ছোৱালী দলে গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তয়াবুল্লাহ হকী ষ্টেডিয়ামত চলি থকা খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগৰ ছাব-জুনিয়ৰ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ আজি প্ৰতিযোগিতাৰ অন্তিম চাৰিখন লীগৰ খেল অনুষ্ঠিত হোৱাৰ পাছত ওদালগুৰিয়ে গ্ৰুপ ‘এ’ৰ শীৰ্ষ দল হিচাপে তথা চৰাইদেউ দলে গ্ৰুপ ‘বি’ৰ শ্ৰেষ্ঠ হৈ খিতাপৰ যুঁজলৈ অগ্ৰসৰ হয়৷

২৬ মাৰ্চত ফাইনেল খেলখন অনুষ্ঠিত হ’ব আৰু মেচৰ অন্তত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা অসম এথলেটিকছ সন্থাৰ সভাপতি জয়ন্তমল্ল বৰুৱাই চেম্পিয়ন দলক ট্ৰফী প্ৰদান কৰিব বুলি অসম হকীৰ সম্পাদক তপন দাসে জনাইছে৷ ইফালে, ফাইনেল মেচৰ পূৰ্বে তৃতীয়স্থান নিৰ্ধাৰণকাৰী খেলখন পূৱা আঠ বজাত অনুষ্ঠিত হ’ব৷ গ্ৰুপ ‘এ’ আৰু ‘বি’ৰ দ্বিতীয় স্থানত থকা দল গুৱাহাটী আৰু বঢ়মপুৰৰ মাজত এই মেচখন অনুষ্ঠিত হ’ব৷

উল্লেখ্য যে, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সহযোগত অসম হকীয়ে আয়োজন কৰা প্ৰাইজমানি প্ৰতিযোগিতাখনত ইতিমধ্যে ছোৱালীৰ জুনিয়ৰ শাখাৰ খেল সফলতাৰে সমাপ্ত হৈছে৷ জুনিয়ৰৰ দৰে ছাব-জুনিয়ৰ শাখাতো চেম্পিয়ন দলে দুই লাখ, ৰানাৰ্ছ আপ দলে এক লাখ ৬০ হাজাৰ আৰু তৃতীয় স্থানৰ দলে এক লাখ ২০ হাজাৰ টকা লাভ কৰিব৷

Popular

More like this
Related

দিন-দুপৰতেই গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা

ক্ৰমাৎ যেন অসহিষ্ণু হৈ পৰিছে মানুহবোৰ। দিন-দুপৰতেই এইবাৰ গুৱাহাটী...

BCCIৰ চেণ্ট্ৰেল কণ্ট্ৰেক্টত কিয় স্থান নাপালে ৰিয়ান পৰাগে?

BCCI (ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড)ৰ চেণ্ট্ৰেল কণ্ট্ৰেক্ট হৈছে ক্ৰিকেটাৰসকলক...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে দিলে ভাল খবৰ

টকা খৰচ কৰি এতিয়া আৰু আপুনি কিনিব নালাগে মোবাইল।...

১৪ বছৰ বয়সত কিদৰে নিজকে IPLৰ বাবে যোগ্য কৰি তুলিছিল বৈভৱ সূৰ্যবংশীয়ে?

বিহাৰৰ সমষ্টিপুৰৰ ১৪ বছৰীয়া ক্ৰিকেট প্ৰতিভা বৈভৱ সূৰ্যবংশীয়ে আই...