হাতীৰ আক্ৰমণত নিহত নৱম শ্ৰেণীৰ ছাত্ৰী

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। ক’ৰবাত যদি হাতীয়ে মানুহক আক্ৰমণ কৰিছে আন কৰ’বাত আকৌ মানুহে আক্ৰমণ কৰিছে হাতীক। তাৰ মাজতে তামুলপৰৰ ভূটান-সীমান্তৰ বগাজুলীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। বন্যহস্তীৰ আক্ৰমণত কৰণ মৃত্যু এগৰাকী ছাত্ৰীৰ। নিহত ছাত্ৰীগৰাকীৰ নাম মনিকা বড়ো। মৃত মনিকা বড়ো নৱম শ্ৰেণীৰ ছাত্ৰী আছিল। আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা মাতৃ-পুত্ৰৰ।

নিশা শুই থকা অৱস্থাতেই সংঘটিত হয় সেই মৰ্মান্তিক ঘটনা। বন্যহস্তীৰ জাকে পৰিয়ালটোৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰে। তাৰ মাজতেই পলাবলৈ চেষ্টা কৰে ছাত্ৰীগৰাকীয়ে। তেনেতেই ঘটি যায় সেই মৰ্মান্তিক ঘটনাতো। বন্যহস্তীৰ আক্ৰমণত নিহত হয় ছাত্ৰীগৰাকী। আনফালে হাতীৰ জাকটোৱে ভাঙি লণ্ড-ভণ্ড কৰে কেইবাটাও পৰিয়ালৰ বাসগৃহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...