শোকাৱহ দুৰ্ঘটনাই জোকাৰি গ’ল বৰপেটাৰ সৰ্থেবাৰী

সৰ্থেবাৰীত শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত পিতৃ আৰু ৫বছৰীয়া পুত্ৰৰ কৰুণ মৃত্যু। হাস্পতালত জীৱন মৃত্যুৰে যুঁজ কণমানি জীয়ৰী আৰু ভাগিনীয়েকৰ।

শোকাৱহ ঘটনাই জোকাৰি গ’ল বৰপেটাৰ সৰ্থেবাৰী। সৰ্থেবাৰীৰ কামাৰপাৰাত কয়লাভৰ্তি ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষত কৰুণ মৃত্যুক সাৱটিলে পিতা-পুত্ৰই। থিতাতে নিহত পিতৃ দুলাল ডেকা আৰু তেওঁৰ ৫ বছৰীয়া পুত্ৰ মৌচম ডেকা। আনফালে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত মৃত দুলাল ডেকাৰ কণমানি জীয়ৰী আৰু ভাগিনীয়েক। সংকটজনক অৱস্থাত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি ১০বছৰীয়া ৰিয়া ডেকা আৰু ৰাহুল দাসক।

দুৰ্ঘটনাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ঘটনাস্থলীত সৰ্থেবাৰী আৰক্ষীৰ উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS 17 B 6496। এই ঘটনাই সম্প্ৰতি শোকৰ ছাঁ পেলাইছে সৰ্থেবাৰীত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ

সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত শনিবাৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত...

হৰিয়ানাৰ টেনিছ খেলুৱৈ ৰাধিকাক কিয় হত্যা কৰিলে পিতৃয়ে?

কন্যাৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰাৰ কটাক্ষই দীপক যাদৱৰ আত্মসন্মানত...

ৰিজাৰ্ভ বেংকে ক’লে ‘অবৈধ নহয়’; ২০০০ টকীয়া নোট এতিয়াও আছে নেকি? তেন্তে কি কৰিব?

২০২৩ চনত ২০০০ টকীয়া নোট বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা...

এইবাৰ ভাৰতীয় ৰে’লৱেৰ বাবে কাম কৰিব TATAই, চুক্তি স্বাক্ষৰিত

টাটা অটো-কম্প চিষ্টেমছ আৰু ইউৰোপৰ স্কোডা গ্ৰুপে এখন নতুন...