বাছ আৰু টেম্প’ৰ সংঘৰ্ষ, প্ৰাণ হেৰুৱালে ১২ জনকৈ লোকে

ৰাজস্থানৰ ঢোলপুৰ অঞ্চলত ভয়াৱহ পথ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ঘটনাত মৃত্যু ১২ জন লোকৰ। এখন যাত্ৰীবাহী বাছ আৰু টেম্প’ৰ সংঘৰ্ষত এই অঘটন। নিহতৰ ভিতৰত আছে ৮টিকৈ শিশু। ৰাষ্ট্ৰীয় ঘাইপথ ১১-বিত সুনিপুৰৰ সমীপত এই দুৰ্ঘটনা। টেম্প’ আৰোহীয়ে বিয়াৰ কাৰ্যসূচীৰ পৰা উভতি আহিছিল। শ্লিপাৰ কোচ বাছখনে খুন্দা মাৰে টেম্প’ত। ঘটনাৰ তথ্য লাভৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় নিকটতম থানাৰ আৰক্ষী।
নিহত সকলোৰ মৃতদেহ বাৰী চিকিৎসালয়ৰ মৰ্গলৈ স্থানান্তৰ। বাছ আৰু টেম্প’ক জিম্মাত লৈছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত।

Popular

More like this
Related

প্ৰেমিকাৰ দেউতাকক দেখুৱাবলৈ বেংক ডকাইতিৰ অপচেষ্টা, জালত প্ৰেমিক

প্ৰেমৰ বাবেই কি কি যে নঘটে। প্ৰেমক সফল ৰূপ...

১ ফেব্ৰুৱাৰীৰপৰা জগন্নাথ মন্দিৰ দৰ্শনৰ নতুন নিয়ম

১ ফেব্ৰুৱাৰীৰপৰা জগন্নাথ মন্দিৰ দৰ্শনৰ নতুন নিয়ম প্ৰণয়ন কৰা...

গো-মূত্র ভেঁকুৰ প্ৰতিৰোধী, পাচন শক্তি গুণসম্পন্ন! IIT মাদ্রাজৰ সঞ্চালকৰ মন্তব্যক লৈ বিতর্ক

গো-মূত্রত থকা ঔষধি গুণ সন্দর্ভত মন্তব্য কৰি তীব্ৰ বিতৰ্কৰ...

গুৱাহাটীত দ্বিতীয়জন HMPVত আক্ৰান্ত ৰোগীক চিনাক্ত

গুৱাহাটীত দ্বিতীয়জন HMPVত আক্ৰান্ত ৰোগীক চিনাক্ত। এগৰাকী মহিলাৰ পাছতে...