আপোনাৰ চকুজুৰি কিদৰে নিৰোগী কৰি ৰাখিব?

দৃষ্টি শক্তি সঠিক কৰি ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে প্ৰয়োজন যতন লোৱাৰ। ভিটামিন এ হৈছে চকুৰ বাবে আটাইতকৈ উপযোগী। দৃষ্টি শক্তি বজাই ৰখাত ভিটামিন এ-ৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। উদাহৰণ স্বৰূপে, পালেং শাক হৈছে “লটিন” নামৰ এক পুষ্টি। যি চকুক ক্ষতিকাৰক ৰশ্মিৰ পৰা সুৰক্ষিত কৰে। ভিটামিন চি আৰু ভিটামিন ই চকুৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান বুলি প্ৰমাণিত হৈছে। এই ভিটামিনবোৰ চকুৰ দৃষ্টি শক্তি হ্ৰাস হোৱা প্ৰতিহত কৰাৰ এক মহান উপায়। বিলাহীত ভিটামিন এ, বি, চি, কে, কেলচিয়াম, পটাছিয়াম, লাইকোপেলন, ক্ৰমিয়ামকে ধৰি বিভিন্ন উপাদান থাকে। বিলাহীয়ে চকুৰ ৰেটিনা উন্নত কৰে আৰু চকুক সূৰ্য্যৰ পৰা ক্ষতিকাৰক ৰশ্মিৰ পৰা সুৰক্ষিত কৰে।বাদামজাতীয় খাদ্যসমূহ চকুৰ ৰেটিনাৰ কাৰণে ভাল। এইসমূহে চকু ভালে ৰাখে আৰু অস্পষ্ট দৃষ্টি দূৰ কৰে। বাদামজাতীয় খাদ্যসমূহ ভিটামিনেৰে ভৰপূৰ। কাঠ বাদাম, আমণ্ড আৰু ৱালনাট—আটাইবোৰেই স্বাস্থ্যৰ পক্ষে ভাল।
দিনে এমুঠিমান বাদামজাতীয় শুকান ফল খালেই ই আপোনাৰ চকুৰ লগতে সম্পূৰ্ণ স্বাস্থ্য ভালে ৰাখিব। চকু ভালে থাকিবলৈ চকুত পানী থকাৰ প্ৰয়োজন। ফেটি এচিডে চকুৰ পানী উৎপন্ন হোৱাত সহায় কৰে। চকুৰ পানীয়ে চকু পৰিষ্কাৰ কৰি ৰখাৰ লগতে চকুৰ অৱসাদ দূৰ কৰে আৰু ইয়াক সুস্থ ৰাখে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...