বহু গুণেৰে ভৰপূৰ চজিনা, জানো আহক চজিনাৰ পুষ্টিগুণ

চজিনা – প্ৰকৃতিৰ এক অমূল্য বৰদান। ভাৰতবৰ্ষত অতি প্ৰাচীন কালৰ পৰাই ৩০০বিধ ৰোগৰ আয়ুৰ্বেদিক চিকিৎসাত চজিনা গছৰ পাত, ফুল, ফল, বাকলি, আঠা আৰু শিপাৰ প্ৰয়োগ হৈ আহিছে৷ আনকি দক্ষিণ আফ্ৰিকাৰ কেইবাখনো দেশত পুষ্টিহীনতাত ভোগা শিশুক চজিনাক খাদ্য হিচাবে গ্ৰহণ কৰাৰ পৰামৰ্শ আগবঢ়াইছে বিশ্ব স্বাস্থ্য সংস্থাই৷ চজিনাত ভিটামিন-চি কমলাতকৈ ৭ গুণ বেছি, কেলচিয়াম গাখীৰতকৈ ৪গুণ বেছি, ভিটামিন-এ গাজৰতকৈ ৪গুণ বেছি, পটেচিয়াম কলতকৈ ৩গুণ বেছিকৈ থাকে৷ বহু গুণেৰে ভৰপূৰ চজিনা। ডায়েবেটিজৰ নিয়ন্ত্ৰণত সহায়ক চজিনা, হাঁড়ৰ ঘনত্ব আৰু শক্তি বৃদ্ধি কৰে৷ ৰক্ত পৰিশোধক- সেয়ে শালমন জাতীয় ছালৰ ৰোগত উপকাৰী চজিনা৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। মহিলাৰ গৰ্ভকালৰ পুষ্টিকৰ খাদ্য, প্ৰসৱত সহায়ক আৰু মাতৃদুগ্ধ উৎপাদনত উপযোগী৷ ইয়াৰ শিপাৰ ৰসেৰে মূৰৰ বিষৰ চিকিৎসা কৰা হয়৷ শিপা উতলোৱা পানী খালে জ্বৰৰ উপশম ঘটে৷ সাধাৰণ পানীলগা, চৰ্দি চজিনাৰ কুহুমীয়া চুপ খালে আৰোগ্য হয়৷ শিশু আৰু মহিলাৰ বাবে চজিনা নিয়মীয়াকৈ খালে প্ৰাকৃতিক আইৰণ টনিকৰ দৰে৷ চজিনাৰ কুমলীয়া পাত ভাজি খালে কৃমি নাশ হয়, বিশেষকৈ শিশুৰ বাবে ই এক সহজ প্ৰাকৃতিক চিকিৎসা ৷ চজিনা গছৰ বাকলিৰ ৰস লগালে মুৰত চুলি গজে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...