প্ৰথমবাৰলৈ ৰাজ্যিক নাৰ্ছিং কনফাৰেন্স, কি কি আলোচনা?

0 39

নুমলীগড়ৰ বিবেকানন্দ কেন্দ্ৰ NRL নাৰ্ছিং বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে স্বাস্থ্য খণ্ডৰ প্ৰকৃত যোদ্ধা হিচাপে পৰিচিত নাৰ্চসকলৰ অধিৱেশন অনুষ্ঠিত হয়৷ অসমত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নাৰ্ছসকলৰ অধিৱেশন বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷ ভি কে এন আৰ এল নাৰ্ছিং স্কুলৰ আহ্বান ক্ৰমে অসমৰ বিভিন্ন জিলাৰ নাৰ্ছ প্ৰতিনিধি, স্বাস্থ্য-বিষয়া আৰু বহুকেইজন বিশেষজ্ঞ ব্যক্তি উপস্থিত থাকে৷ নাৰ্ছ সকলৰ আৰ্থিক নিৰাপত্তা, সুৰক্ষা, বেচৰকাৰী প্ৰতিষ্ঠানত নাৰ্চসকলৰ উচিত দৰমহা সা-সুবিধা প্ৰদান সম্পৰ্কত বিশদভাৱে আলোচনা কৰে৷ নাৰ্চৰ উমৈহতীয়া অনুষ্ঠানৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত অধিৱেশনখনক লৈ উত্সাহী স্বাস্থ্য কৰ্মীসকল৷

Leave A Reply

Your email address will not be published.