শগুণৰ মৃত্যুত আদ্যশ্ৰাদ্ধ

0 40

১৭ মাৰ্চত ছয়গাঁৱৰ মিলনপুৰত শতাধিক শগুণৰ অস্বাভাৱিকভাৱে মৃত্যু হৈছিল। এই খবৰে সমগ্ৰ ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী লোকৰ হৃদয় চুই গৈছিল। নিশাৰ ভিতৰতে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ সৎকাৰ কৰিছিল মৃত শগুণসমূহ।

কোনো দুষ্ট লোকে অঞ্চলটোত চলি থকা কুকুৰৰ সন্ত্ৰাস ৰোধ কৰিবলৈ মৃত ছাগলীৰ ওপৰত কুকুৰক মাৰিবলৈ বিষ প্ৰয়োগ কৰিছিল। পিছে কুকুৰৰ পৰিৱৰ্তে শগুণে মৃত শৱ ভক্ষণ কৰাত মৃত্যু হয় শতাধিক শগুণৰ। এই ঘটনাৰ পিছতে মৰ্মাহত হৈ মিলনপুৰৰ ৰাইজে আজি শগুণৰ আত্মাৰ সদগতি কামনা কৰি ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজন কৰে।

পুৱাৰে পৰা শগুণৰ সৎকাৰস্থলীত ৰাইজৰ ভিৰ। কণ কণ শিশুসকলে হাতে হাতে তুলি ল’লে বেনাৰ-পোষ্টাৰ। বন্যবন্ধু প্ৰশান্ত কলিতা, ৰেঞ্জাৰ দ্বিপন ডেকাই ৰাইজৰ মাজত সজাগতা অনাৰ প্ৰয়াস চলায়।

Leave A Reply

Your email address will not be published.