নগাঁৱত স্থাস্থ্য মন্ত্ৰীয়ে দিলে দুটা ভাল খবৰ

0 159

মধ্য অসমবাসীৰ বাবে এটা ভাল খৱৰ৷ নগাঁৱত স্থাপন কৰা হ’ব কেঞ্চাৰ হাস্পতাল৷ এপ্ৰিল মাহৰ পৰা নগাঁও অসামৰিক চিকিৎসালয়খন কেঞ্চাৰ হস্পিতাল ৰূপে উন্নীতকৰণৰ কাম আৰম্ভ কৰিব ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ যাৰ জৰিয়তে যথেষ্ট লাভাম্বিত হ’ব মধ্য অসমৰ ৰাইজ৷ শনিবাৰে নগাঁৱত এই কথা প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ উল্লেখ্যে যে, শনিবাৰে নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এটা অত্যাধুনিক ICU কক্ষ মুকলি কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ এই অত্যাধুনিক ICU কক্ষটোত ২২ খন ICU বিচনা থকাৰ লগতে ৩০খন অক্সিজেনযুক্ত বিচনা আছে৷ ICU উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ম’হখুলিত নিৰ্মাণ হৈ থকা নগাঁও মেডিকেল কলেজৰ কামো শীঘ্ৰে সম্পূৰ্ণ হৈ উঠিব আৰু তাত পাঠ্যক্ৰম আৰম্ভ হ’ব বুলি ঘোষণা কৰে৷

Leave A Reply

Your email address will not be published.