টোপনি অহা নাই নেকি? টোপনি অহাৰ ঘৰুৱা উপায়

টোপনি অহাৰ ঘৰুৱা উপায়। অনিদ্ৰা আমাৰ শৰীৰৰ বাবে অত্যন্ত ক্ষতি কাৰক। সেয়ে প্ৰথম অৱস্থাৰ পৰাই এই সমস্যা আঁতৰাবলৈ চেষ্টা কৰিব লাগে। এনে কিছুমান খাদ্য সামগ্ৰী আছে যি প্ৰাকৃতিক ভাৱে টোপনি সঠিক কৰাত সহায় কৰে । আয়ুবেৰ্দ শাস্ত্ৰৰ মতে ভৰিৰ তলোৱাত মিঠাতেলেৰে মালিচ কৰিলে টোপনি অহাত সহায় কৰে ।
পকা কলত মেগনেছিয়াম আৰু পটাছিয়াম থকাৰ বাবে টোপনি নাহিলে এটা পকা কল খালে উপকাৰ পোৱা যায়। শোৱাৰ আগতে এগিলাচ গৰম গাখীৰ বা অকনমান দৈ খালে টোপনি অহাত সহায় কৰে । গাখীৰ বা দৈত থকা ট্ৰায়াপেক্টাফান নামৰ এমিন’ এচিডে মগজুক বিশ্ৰামৰ বাবে সক্ৰিয় কৰি তোলে। কিন্তু ৰক্ত সম্পকীয় ৰোগ থকা লোকে ৰাতিৰ ভাগত দৈ খাব নালাগে। সিজোৱা বুট বা পানীত তিয়াই থোৱা কেঁচা বুট খালে টোপনি অহাত সহায় কৰে । বুট খালে টোপনিৰ বাবে অতি প্ৰয়োজনীয় মেলাটনিন নামৰ এবিধ হৰ’মন নিঃসৰণ কৰাত সহায় কৰে। শোৱাৰ আগতে গাখীৰৰ সৈতে উটচ খালেও টোপনি অহাত সহায় কৰে। দৈ, চফ, জালুকৰ গুড়ি আৰু চেনি মিহলাই খালেও টোপনি অহাত সহায় কৰে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...