ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্তিম বিদায় সুৰৰ সম্ৰাজ্ঞীক

৯২ বছৰীয়া এক জীৱন পৰিক্ৰমা। ৯২ বছৰত ৬০ বছৰ কেৱল গীতেই গালে তেওঁ। সমৃদ্ধ কৰিলে ভাৰতীয় সংগীতক। সেই লতা মংগেশকাৰ পৰলোকগামী হ’ল। ১৯২৯ চনত জন্মগ্ৰহণ কৰা লতা মংগেশকাৰে বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে বুলিছিল জীৱনৰ বাট। অৱশেষত দেওবাৰে সন্ধিয়া শেষকৃত্য সম্পন্ন হ’ল কোকিলকণ্ঠী লতা মংগেশকাৰৰ। ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্তিম বিদায় সুৰৰ সম্ৰাজ্ঞীক। মুম্বাইৰ শিৱাজী পাৰ্কত শেষকৃত্য সম্পন্ন। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বলীউদৰ শিল্পীৰ পৰা ৰাজনৈতিক-ক্ৰীড়া ক্ষেত্ৰৰ অজস্ৰ গুণমুগ্ধই জনালে শ্ৰদ্ধাঞ্জলি। ত্ৰিৰংগাৰে পৰিবেষ্টিত হৈ প্ৰভুকুঞ্জৰ পৰা অন্তিম যাত্ৰাৰ সাক্ষী হ’ল হাজাৰ হাজাৰ গুণমুগ্ধ। শোকাকূল পৰিৱেশত শেষকৃত্য সম্পন্ন হ’ল লতাজীৰ। ভাৰতবাসীক আজীৱন কেৱল দি গ’ল সুৰৰ অমিয়া সুধা। মৃত্যুৰ পিছতো তেওঁৰ যি অনিৰ্বাপিত খ্যাতি, গুণমুগ্ধৰ অপাৰ ভালপোৱা, এই সকলোবোৰে যেন তেওঁক কায়িকভাৱেহে কাঢ়ি লৈ গ’ল। ৮ জানুৱাৰীত মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পাতালত ভৰ্তি কৰোৱাৰ পৰা মৃত্যু পৰ্যন্ত কোকিলকণ্ঠীগৰাকীৰ এই পৰিক্ৰমাও যেন হৈ ৰ’ল এক মহাপ্ৰয়াণৰ গাঁথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...