পৰজনমক বিশ্বাস কৰেনে লতা মংগেশকাৰে?

কিংবদন্তি লতা মংগেশকাৰৰ মহাপ্ৰয়াণত শোকস্তব্ধ সংগীত জগত। সকলোৱে সুঁৱৰিছে কোকিলকণ্ঠী শিল্পীগৰাকীক। লতা মংগেশকাৰৰ দেহাৱসানৰ পিছত তেওঁৰ এটি বিশেষ সাক্ষাৎকাৰ চৰ্চালৈ আহিছে। পৰজনমক বিশ্বাস কৰেনে লতা মংগেশকাৰে? শিল্পীগৰাকীক সোধা হৈছিল যদি আকৌ জন্ম লাভ কৰে তেওঁ কি হৈ জন্ম হোৱাটো বিচাৰিব? সংগীতজ্ঞ জাভেদ আখতাৰে সোধা এই প্ৰশ্নত কোকিলকণ্ঠী গায়িকাগৰাকীয়ে যি উত্তৰ দিছিল সেই উত্তৰে হতবাক কৰিব সকলোকে। হাঁহিমুখীয়া লতাজীয়ে বিষণ্ণ মনেৰে উত্তৰ দিছিল– পুনৰ জন্মলাভ কৰিলে মই লতা মংগেশকাৰ হৈ জন্ম হ’ব নিবিচাৰো। মই অন্যৰূপত জন্ম হ’ব বিচাৰিম। লতা মংগেশকাৰ হোৱাৰ পাছত মই যিমান কষ্ট লাভ কৰিছো সেই বেদনা কেৱল মইহে জানো। মৃত্যুৰ পিছত বিশেষভাৱে চৰ্চিত হৈছে লতাজী-জাভেদ আখতাৰৰ সাক্ষাৎকাৰটো। সুৰৰ দেৱী হাঁহিমুখীয়া লতা মংগেশকাৰ সুখী নাছিল নেকি? সুৰীয়া জীৱনৰ আঁৰত লুকাই আছিল নেকি বহু বেদনা!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...