তৰমুজত আছে আচৰিত পুষ্টিগুণ

তৰমুজ এবিধ গ্রীষ্মকালীন ফল। ইয়াত প্রচুৰ পৰিমাণে পুষ্টি, ভিটামিন আৰু খনিজ আইৰণ থাকে। তৰমুজত শতকৰা ৯২ ভাগ পানী থাকে, প্রাকৃতিকভাৱে ইয়াত কোনো চর্বি নাথাকে। তৰমুজত প্রচুৰ পৰিমাণে বিটা কেৰোটিন আৰু ভিটামিন A থাকে। বিটা কেৰোটিনে চকুৰ ৰেটিনা সুৰক্ষাত সহায় কৰাৰ লগতে চকুত ছানি পৰাৰ ক্ষেত্রত প্রতিবন্ধকতাৰ সৃষ্টি কৰে। ভিটামিন এ চকুৰ জ্যোতি বৃদ্ধি কৰে। সঠিকভাৱে হৃদযন্ত্রৰ ৰক্ত প্রবাহ অত্যন্ত গুৰুত্বপূর্ণ। তৰমুজে হৃদযন্ত্রৰ সঠিকভাৱে ৰক্ত প্রৱাহত সহায় কৰে ফলত হৃদযন্ত্র ব্লক হোৱাৰ প্রৱণতা বহুগুণে হ্রাস পায়। তৰমুজত প্রচুৰ পৰিমাণ পটাছিয়াম থাকে যি প্রাকৃতিকভাৱে শৰীৰত ইলেকট্রো পাৱাৰ তৈয়াৰী কৰে। এই পাৱাৰ শৰীৰৰ মাংসপেশীও স্নায়ু সুৰক্ষাত অত্যন্ত কার্যকৰী। তৰমুজত লাইকোপিনো নামক ৰঙা উপাদান থাকে যত প্রচুৰ পৰিমাণে কেলচিয়াম মিহলি থাকে যিয়ে হাড়ৰ গঠন মজবুত কৰাত অত্যন্ত সহায় কৰে। গতিকে গৰমৰ দিনত উপলব্ধ এই ফলবিধ খোৱাৰ অভ্যাস কৰক আৰু সু-স্বাস্থ্যৰ অধিকাৰী হৈ থাকক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...