২০২৪ চনৰ ১৩ মে’। কোনেও, কেতিয়াও কল্পনা নকৰা এক অনাকাংক্ষিত খবৰে জোকাৰি গৈছিল সকলোকে। শেষ হৈ গৈছিল এটা যুগ। সকলোকে বাকৰুদ্ধ কৰি কোনোদিনে উভতি নহাৰ বাটেৰে গুচি গৈছিল ডাইনী হত্যাৰ বিৰুদ্ধে আজীৱন যুঁজ দিয়া পদ্মশ্ৰী বিৰুবালা ৰাভা। আজি তেওঁৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী। পুণ্যতিথিত অদম্য সাহসী, সমাজৰ প্ৰকৃত যোদ্ধা বিৰুবালা ৰাভালৈ NKTV PLUSৰ পৰিয়ালৰ তৰফৰ পৰা যাঁচিছো গভীৰ শ্ৰৰ্দ্ধাঘ্য।
১৯৫৪ চনত গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটা কৃষক পৰিয়ালত জন্ম হৈছিল বিৰুবালা ৰাভাৰ। মাত্ৰ পঞ্চম শ্ৰেণীলৈকে অধ্যয়ন কৰাৰ পিছতেই বিদ্যালয় এৰিবলগীয়া হৈছিল বিৰুবালা ৰাভাই।
সময় তেতিয়া ১৯৮৫ চন। সামাজিকভাৱে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত তেওঁলোকৰ কোলালৈ আহিছিল প্ৰথম সন্তান ধৰ্মেশ্বৰ। পঞ্চম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ পিছত হঠাতে অসুস্থ হৈ পৰিছিল ধৰ্মেশ্বৰ। স্নায়ুৰোগত আক্ৰান্ত হৈ মাজে মাজে মূৰ্ছাও গৈছিল৷ চিকিত্সা বুলিবলৈ ওচৰত একোৱেই নাছিল। গুৱাহাটীত অভিজ্ঞ চিকিত্সকৰ হতুৱাই চিকিত্সাৰ বাবে সামৰ্থ নাছিল। পু্ত্ৰ ধৰ্মেশ্বৰক আৰোগ্য কৰিবলৈ বেজ, দেওধানীৰ শৰণাপন্ন হৈছিল বিৰুবালা ৰাভা। মঙল চাই দেওধানীয়ে এটা কথাই কৈছিল যে ধৰ্মেশ্বৰৰ গাত পৰী লম্ভিছে আৰু বৰ্তমান গৰ্ভৱতী হৈ থকা পৰীজনীয়ে সন্তান জন্ম দিয়াৰ পিছতে ধৰ্মেশ্বৰ মৰি থাকিব। কিন্তু দেওধানীৰ ভৱিষ্যদ্বাণী নফলিয়াল। ইয়াৰ পিছতো সময় সলনি নহ’ল। ক্লাছ নাইনলৈ পোৱাৰ পিছতে পগলা হ’ল ধৰ্মেশ্বৰ আৰু তাৰ পাগলামিত মানুহ থাকিব নোৱাৰা হ’ল। উপায়হীন হৈ প্ৰশাসনৰ সহযোগত হাত-ভৰি বান্ধি জন্তুৰ দৰে চিকিত্সাৰ বাবে তাক শ্বিলঙলৈ পঠিয়াই দিবলগা হ’ল। কিন্তু তাতেই থমকি ৰোৱা নাছিল বিৰুবালা ৰাভাৰ দুৰ্দিনবোৰ, পুত্ৰৰ দুখে শোকবিহ্বল কৰা বিৰুবালাৰ জীৱনলৈ পুনৰ আহিছিল দুৰ্দিন। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছিল স্বামী। সকলোৱে কৈছিল যে বিৰুবালাই নিজেই ডাইনী হৈ বৰপুত্ৰক পাগল আৰু স্বামীক বেমাৰী কৰিলে। স্বামী আৰু বিৰুবালাই তেতিয়া প্ৰতিবাদ কৰিছিল। কিন্তু তেওঁলোকৰ প্ৰতিবাদে কোনো কাম নিদিলে। উপায়বিহীন হৈ গাঁও এৰি পলাই আহিবলৈ বাধ্য হৈছিল অদম্য সাহসী বিৰুবালা ৰাভা৷ সেইদিনাই তেওঁ পণ লৈছিল, আমাৰ সমাজখন ডাইনী, অন্ধবিশ্বাসমুক্ত কৰিবই লাগিব।
১৯৯৯ৰ পৰাই আৰম্ভ হৈছিল সেই অবিৰত সংগ্ৰাম। পাঁচগৰাকী মহিলা-যুৱতীক ডাইনী সজাই শাস্তি বিহিবলৈ বিচাৰ বহিছিল। গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ দান মন্দিৰৰ প্ৰাংগণত আয়োজিত ৰাজহুৱা সভাত সজোৰে যুক্তি দৰ্শাই বিৰুবালা ৰাভাই কৈছিল যে বেজ, দেওধানী একো একোটা ভণ্ডামিহে। কিন্তু সেই সময়ত বিৰুবালাৰ যুক্তি শুনাৰ পৰিৱৰ্তে সমাজে এঘৰীয়াহে কৰিছিল তেওঁক।
অৱশ্যে অদম্য সাহসী, সমাজৰ প্ৰকৃত যোদ্ধা বিৰুবালা ৰাভা থমকি নৰ’ল। ইখনৰ পিছত সিখন গাঁৱলৈ গৈ, কেতিয়াবা বহু দুৰ বাট অকলে খোজকাঢ়ি ডাইনী হত্যা, অন্ধবিশ্বাসৰ বিৰুদ্ধে শক্তিশালী কণ্ঠৰে যুঁজ দি গৈ থাকিল। এই সংগ্ৰামত পিছলৈ সহযোগ কৰিলে আধুনিক মনৰ এচাম দূৰদৰ্শী লোকে। এগৰাকী দুগৰাকী নহয়, ৩৫ গৰাকী ব্যক্তিৰ জীৱন ৰক্ষা কৰিলে বিৰুবালা ৰাভাই। ২০১২ চনত আনুষ্ঠানিকভাৱে জন্ম হয় ‘মিছন বিৰুবালা’ৰ। ইতিমধ্যে প্ৰায় শতাধিক সদস্য অসমৰ মুঠ ১৪খন জিলাত অন্ধবিশ্বাস অথবা ডাইনী সন্দৰ্ভত সজাগতা সভা কৰ্মশালা অনুষ্ঠিত কৰি সেৱা আগবঢ়াইছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়, দুধনৈ মহাবিদ্যালয়, চাবুৱাৰ ডি ডি আৰ কলেজ, ডিব্ৰু মহাবিদ্যালয়, ফিল’বাৰী কনিষ্ঠ মহাবিদ্যালয় আৰু ছেৰফাংগুৰি কলেজতো মিছন বিৰুবালাৰ কোষ গঠন কৰিছিল বিৰুবালা ৰাভাই।
সমাজলৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে ২০০৫ চনত থাউজেণ্ড উইমেনৰ মনোনয়নত শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনীত প্ৰথম অসমীয়া হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল বিৰুবালাই। ২০১০ চনত ৰিলায়েন্স ইনডাষ্ট্ৰি টি.ডি’ৰ পৰা ‘ৰিয়েল হিৰ’ খিতাপ, টাই আহোম যুৱ পৰিষদৰ পৰা “বীৰাংগনা মুলা গাভৰু বঁটা, “জয়মতী” বঁটা, “সমাজ প্ৰাণ সেৱা বঁটা, আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি. এইচ .ডি সন্মানেৰেও বিভূষিত হৈছিল বিৰুবালা ৰাভা। নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে ২০১৯ বৰ্ষত তেওঁলৈ আগবঢ়াইছিল ‘আনন্দৰাম ঢেকিয়াল ফুকন বঁটা’। ২০১৫ চনত উপেন্দ্ৰনাথ ব্ৰহ্ম ছ’লজাৰ অৱ হিউমেনিটী বঁটা লাভ কৰিছিল বিৰুবালা ৰাভাই। ২০২১ চনত ডাইনী হত্যাৰ বিৰুদ্ধে থিয় দিয়া বিৰুবালা ৰাভাক প্ৰদান কৰা হৈছিল পদ্মশ্ৰী বঁটা।
আজি বিৰুবালা ৰাভা কেৱল এটা নাম নহয়, বিৰুবালা ৰাভা প্ৰতিগৰাকী মহিলাৰ বাবে স্বাভিমান, দৃঢ়মনা, মানৱদৰদী লোকৰ বাবে অনুপ্ৰেৰণ। তেখেত কায়িকভাৱে নাথাকিলেও অসমীয়াই কাহানিও নাপাহৰে তেওঁৰ যুগান্তকাৰী অৱদান।
