কাব্যৰ পৃথিৱীত সুকীয়া সুৰ! আজি কাব্যঋষি নীলমণি ফুকনৰ জন্মদিন

‘এতিয়া আৰু কোনো শব্দ নাই
মাথোঁ নিৰৱতা…’

নিৰৱতাৰ মাজতো যিগৰাকী কবিৰ শব্দই কথা কয়, অনুভৱৰ গভীৰতাত যিগৰাকী কবিৰ কবিতাই পাঠকক লৈ যায় অন্য এখন পৃৰ্থিৱীলৈ তেওঁয়েই কাব্যঋষি নীলমণি ফুকন। আজি এইগৰাকী কাব্য জগতৰ মহীৰূহ নীলমণি ফুকনৰ জন্মদিন।

তেওঁৰ কবিতাত শব্দৰ সৈতে যেন ছবি আঁকে অনুভৱে; প্ৰতিটো পংক্তিতে বিচাৰি পোৱা যায় জীৱন আৰু অস্তিত্বৰ গভীৰ উপলব্ধি। অসমীয়া আধুনিক কবিতাৰ জগতত প্ৰকৃতি, সৌন্দৰ্য, নিসংগতা, প্ৰেম আৰু জীৱনবোধক শব্দৰ অপূৰ্ব সংমিশ্ৰণেৰে এক নতুন মাত্ৰা প্ৰদান কৰিছিল এইগৰাকী কবিয়ে।

১৯৩৩ চনৰ ১০ ছেপ্টেম্বৰত গোলাঘাট জিলাৰ দেৰগাঁৱত জন্মগ্ৰহণ কৰা নীলমণি ফুকনে পৰৱৰ্তী সময়ত অসমীয়া সাহিত্যৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰে। তেওঁৰ সৃষ্টিৰাজিৰে অসমীয়া কাব্য জগতলৈ আগবঢ়োৱা অৱদান অনন্য আৰু চিৰস্মৰণীয়।

‘সূৰ্য হেনো নামি আহে’, ‘কবিতা’, ‘ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে’ আদি কাব্যগ্ৰন্থই অসমীয়া সাহিত্যত তেওঁৰ স্বকীয় স্থান অধিক সুদৃঢ় কৰে। কবিতাৰ লগতে তেওঁ গদ্য, অনুবাদ আৰু শিল্প-চৰ্চাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। তেওঁৰ সাহিত্যকৰ্মত আধুনিক চিন্তা আৰু পৰম্পৰাগত জীৱনবোধৰ এক অনন্য সমন্বয় দেখা যায়।

অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা, পদ্মশ্ৰী আৰু ২০২১ চনত জ্ঞানপীঠ বঁটাৰে সন্মানিত হয়। অসমীয়া ভাষা-সাহিত্যৰ বাবে এয়া আছিল এক গৌৰৱৰ মুহূৰ্ত।

কাব্যঋষিক জন্মদিনত আজি অসমে শ্ৰদ্ধাৰে সোঁৱৰিছে। আজি আমাৰ মাজত কাব্যঋষি নীলমণি ফুকন কায়িকভাৱে নাই যদিও তেওঁৰ কবিতাৰ শব্দ আৰু ছন্দ আজিও জীৱন্ত। নতুন প্ৰজন্মৰ কবি-সাহিত্যিকৰ বাবে তেওঁৰ সৃষ্টি এক অনন্ত প্ৰেৰণাৰ উৎস। তেওঁৰ কবিতাই শিকাই যায় সাধাৰণ জীৱনৰ সৰু সৰু ঘটনা-পৰিঘটনাত লুকাই থাকিব পাৰে গভীৰ সৌন্দৰ্য আৰু সীমাহীন অৰ্থ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জীৱনেই হওক প্ৰথম পছন্দ! আজি বিশ্ব আ/ত্ম/হ/ত্যা প্ৰতিৰোধ দিৱস

প্ৰতি বছৰে ১০ ছেপ্টেম্বৰত বিশ্ব আ/ত্ম//হ/ত্যা প্ৰতিৰোধ দিৱস পালন...

Appleৰ নতুন চমক! মুকলি iPhone 18 Pro আৰু Pro Max

বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান Apple-এ ৯ ছেপ্টেম্বৰত মুকলি কৰিলে...

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা

সামাজিক মাধ্যমত এতিয়া ’80s vibeৰ ধুমুহা। ট্ৰেণ্ডৰ দৌৰত ৰাজনৈতিক...