হাতীগাঁৱৰ PGত মালিক-ভাড়াতীয়াৰ সংঘাত, দুয়োপক্ষৰ এজাহাৰ দাখিল

গুৱাহাটীত PG আৰু ভাড়াঘৰক লৈ পুনৰ সংঘাত। হাতীগাঁৱৰ দেৱদাৰু পথৰ হাউচ নং ২৮ৰ এটা PGত মালিকপক্ষ আৰু এগৰাকী যুৱতী ভাড়াতীয়াৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা। ঘটনাই অৱশেষত পালেহি দিছপুৰ থানা।

জানিব পৰা মতে, আৰম্ভণিতে যুৱতীগৰাকী ভাল আছিল বুলি দাবী PG মালিকৰ। প্ৰায় এবছৰ ধৰি PGটোত থকাৰ পিছত নিশা পলমকৈ ঘূৰি অহাক লৈ দুয়োপক্ষৰ মাজত মতানৈক্যৰ সৃষ্টি হয়।

PG মালিকৰ অভিযোগ, নিশা ১১:৩০ বজাৰ পাছত যুৱতীগৰাকীক ঘৰত সোমাবলৈ অনুমতি দিব লাগে। কিন্তু মালিকগৰাকীয়ে পূৰ্বৰে পৰাই নিশা ১০:৩০ বজাৰ পাছত গেট খুলি নিদিওঁ বুলি স্পষ্ট কৰি থৈছিল।

মালিকগৰাকীৰ ভাষ্য অনুসৰি, স্বামী বাহিৰত থকাৰ বাবে তেওঁ অকলশৰীয়া মহিলা হিচাপে PG চলাই আছে আৰু সেইবাবেই নিৰাপত্তাৰ দিশৰ পৰা কিছু কঠোৰ নিয়ম মানি চলে।

ইফালে, বহুদিন ধৰি যুৱতীগৰাকীয়ে বিভিন্ন অশান্তিৰ সৃষ্টি কৰি অহাৰ অভিযোগ তুলি তেওঁক ৰুম খালী কৰিবলৈ কোৱাৰ পিছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে বুলি PG কৰ্তৃপক্ষৰ অভিযোগ।

অভিযোগ অনুসৰি, যুৱতীগৰাকীয়ে PG কৰ্তৃপক্ষৰ এগৰাকী মহিলাক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে কাপোৰ ফালি দিয়াৰ অভিযোগ উত্থাপন হৈছে। মাতৃক বচাবলৈ যোৱা ১৩ বছৰীয়া সন্তানকো শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগ কৰিছে PG কৰ্তৃপক্ষই।

আনহাতে, অধিবক্তা হিচাপে পৰিচিত ভাড়াতীয়া যুৱতীগৰাকীয়েও PG কৰ্তৃপক্ষৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ উত্থাপন কৰিছে।

ঘটনা সন্দৰ্ভত দিছপুৰ থানাত দুয়োপক্ষই পৰস্পৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত দুয়োপক্ষৰ অভিযোগকাৰীক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে আৰক্ষীয়ে ষ্টেটমেণ্টো গ্ৰহণ কৰে।

ঘটনাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে—PGৰ নিয়ম নে ভাড়াতীয়াৰ অধিকাৰ, নিশা ১০:৩০ বজাৰ পাছত প্ৰৱেশক লৈ সংঘাত কিয় গৈ পালেগৈ থানালৈ?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা, নতুন ৰূপত পৰ্যটকক আদৰিবলৈ সাজু কাজিৰঙা

প্ৰায় চাৰি মাহৰ বিৰতিৰ অন্তত চলিত মাহৰ প্ৰথম সপ্তাহতে...

বৰ্ষাপাৰাত ৰাণৰ ধুমুহা, ৪০৬ ৰাণৰ লক্ষ্য অতিক্ৰম কৰি ইতিহাস ৰচিলে টীম ইণ্ডিয়াই

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত সৃষ্টি হ’ল এদিনীয়া ক্ৰিকেটৰ এক...

আতচবাজী ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত; নিৰ্দিষ্ট সময়তহে ব্যৱহাৰ কৰিব পাৰিব আতচবাজী

আতচবাজীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ নকৰে উচ্চতম ন্যায়ালয়ে। অৱশ্যে...