প্ৰকাণ্ড নাহৰফুটুকীৰ আক্ৰমণত আহত দুই ভাতৃ

বাঘৰ আক্ৰমণত আহত দুই ভাতৃ। প্ৰকাণ্ড নাহৰফুটুকী বাঘৰ আক্ৰমণত এজনৰ অৱস্থা গুৰুতৰ । টিংখাঙত বাঘৰ আক্ৰমণত আহত হৈছে দুগৰাকী ভাতৃ।

প্ৰকাণ্ড নাহৰফুটুকী বাঘৰ আক্ৰমণত আহত এজনৰ অৱস্থা গুৰুতৰ। টিংখাঙৰ দিল্লীবাৰীৰ লংবৈ নহোলা গাঁৱত সংঘটিত হৈছে এই ঘটনা । গাঁওখনৰ চুটু গঞ্জু নামৰ লোকজনৰ দুই পুত্ৰ বিনোদ গঞ্জু আৰু সুনীল গঞ্জুক আক্ৰমণ কৰে বাঘে। আহত দুই যুৱকক ৰাজগড় সামূহিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰোৱাই ততাতৈয়াকৈ ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰে সুনীলৰ অৱস্থা অধিক গুৰুতৰ। মূৰত, কপালত, হাতত বাঘে আক্ৰমণ কৰি আহত কৰিছে যুৱক দুজনক।

নিশাই ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগৰ লোকে পিঞ্জৰা পাতি বাঘ ধৰাৰ ব্যৱস্থা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বন বিভাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...