যৌৱন ধৰি ৰাখিবলৈ খাওক এইকেইবিধ বাদাম

প্ৰতিগৰাকী লোকেই নিজকে সদায় ধুনীয়া কৰি ৰাখিব বিচাৰে। নিজকে ধুনীয়া কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ প্ৰসাধনো ব্যৱহাৰ কৰে। কিন্তু তাৰ মাজতো বহুতৰে মূৰত এটাই চিন্তা থাকে, তেওঁৰ সৌন্দৰ্য কমি গৈছে নেকি?’ বহুতে ভাবে যে বিখ্যাত প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰি বয়স লুকুৱাব পাৰি ৷ কিন্তু আমি পাহৰি যাওঁ যে নিজকে ধুনীয়া কৰি ৰাখিবলৈ খাদ্যৰ ওপৰত বিশেষ নজৰ ৰাখিব লাগে। বহু ধৰণৰ বাদাম ছালৰ বাবে অতি উপকাৰী।

বাদাম

এই বাদামবোৰত ভিটামিন ‘ই’ৰ যথেষ্ট উৎস। ভিটামিন ই’য়ে আপোনাৰ ছালখনক অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰাত সহায় কৰে, আৰ্দ্ৰতা ধৰি ৰাখে, আৰু ছালৰ কোষ মেৰামতি কৰে।

আখৰোট

আখৰোটত এন্টি-ইনফ্লেমেটৰী ওমেগা ৩ ফেটি এচিড থাকে। ই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। আখৰোটত এন্টি অক্সিডেন্ট থাকে। ছালখন টান কৰি ৰখাতো
ই সহায় কৰে।

পিস্তা

এই বাদামবোৰত পলিফিনল আৰু ফ্লেভন’ইড প্ৰচুৰ পৰিমাণে থাকে। ছালখন সুস্থ কৰি ৰাখিবলৈ এই দুটা উপাদান অতি প্ৰয়োজনীয়। ইয়াত থকা এন্টি অক্সিডেন্টবোৰে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...