পুনৰ কুখ্যাত মাফিয়া ডাউদ ইব্ৰাহীমক লৈ জল্পনা-কল্পনা

পুনৰ কুখ্যাত মাফিয়া ডাউদ ইব্ৰাহীমক লৈ জল্পনা-কল্পনা
বিশ্বৰ অপৰাধ জগতৰ ডন ৰূপে প্ৰখ্যাত ডাউদ
ডাউদে ক’ত কি কৰে সেই সন্দৰ্ভত সঠিক তথ্য নাই কাৰো হাতত
এইবাৰ আহিছে ডাউদৰ অসুস্থতাৰ খবৰ
বিহ খুওৱাৰ ফলত কৰাচীৰ হাস্পতালত সংকটজনক অৱস্থাত ডাউদ!

ডাউদ ইব্ৰাহীম। অপৰাধ জগতৰ কুখ্যাত নায়ক ডাউদ ইব্ৰাহীমক লৈ জল্পনা-কল্পনাৰ অন্ত নাই। এসময়ৰ মুম্বাইৰ এজন কনিষ্টবলৰ সন্তান ডাউদ পাকিস্তানৰ অপৰাধ সম্ৰাজ্যৰ এজন খলনায়ক। ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ কূটাঘাতৰ ক্ষেত্ৰত সন্দেহৰ আঙুলি প্ৰায়েই উঠে ডাউদ ইব্ৰাহীমৰ প্ৰতি। ১৯৯৩ চনৰ ১২ মাৰ্চত মুম্বাইত সংঘটিত ধাৰাবাহিক আক্ৰমণৰ মাষ্টাৰমাইণ্ড হিচাপে চিহ্নিত হৈছিল ডাউদ ইব্ৰাহীম। আমেৰিকাৰ পৰা ৰাষ্ট্ৰসংঘলৈ সকলোতে লিপিবদ্ধ হৈছে দুৰ্ধৰ্ষ অপৰাধীৰূপে ডাউদৰ নাম। বিশ্বজুৰি নিষিদ্ধ ড্ৰাগ্ছ পৰিচালনাৰ বিশাল সম্ৰাজ্য আছে ডাউদৰ। সেই ডাউদ এতিয়া চিকিৎসাধীন বুলি ওলাইছে খবৰ। একো নিশ্চিত তথ্য দিব নোৱাৰিলেও পাক সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ মতে কৰাচীৰ এখন হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে মাফিয়া ডাউদ ইব্ৰাহীম। সামাজিক মাধ্যমত ওলোৱা বাতৰি মতে বিহ খুৱাই দিয়াৰ ফলত অৱস্থা জটিল হৈ পৰিছে ডাউদৰ।

ডাউদৰ অসুস্থতাৰ বাতৰিৰ পিছত পাকিস্তানৰ নিৰাপত্তা কটকটীয়া
কৰাচীত ডাউদ চিকিৎসাধীন হৈ থকা হাস্পতাল ছীল
কোনো ৰোগীৰো আহ-যাহ নিষিদ্ধ কৰা হৈছে হাস্পতালখনলৈ
পূৰ্বে ২০১৬ চনতো ওলাইছিল ডাউদৰ গুৰুতৰ অসুস্থতাৰ খবৰ

অৱশ্যে, এইবাৰ অসুস্থতাৰ খবৰ কোনো সূত্ৰই নিশ্চিত কৰা নাই। ১০১৭ চনত ডাউদৰ গেংৰিণ হোৱা বুলি ওলাইছিল খবৰ। ওলাইছিল হৃদৰোগত ডাউদ আক্ৰান্ত হোৱা বুলিও বাতৰি। এইবাৰ আহিছে ডাউদক বিহপান কৰোৱাই আক্ৰান্ত কৰাৰ খনবৰ।

বৰ্তমান ডাউদ আছে পাক চোৰাংচোৱা সেৱা ISIৰ সহকাৰী সঞ্চালক প্ৰধান পদত
পাকিস্তানৰ গুপ্তচৰ ব্যৱস্থাত প্ৰভুত অৰিহণাৰ বাবে ডাউদক এই সন্মান ISIৰ

ডাউদৰ অসুস্থতা বা মৃত্যুৰ বাতৰি ভাৰতীয় চোৰাংচোৱা সংস্থাৰ বাবে স্বস্তিৰ খবৰ যদিও এই খবৰ এতিয়াও নিশ্চিত হোৱা নাই। ডাউদ ইব্ৰাহীমৰ প্ৰকৃতাৰ্থত মৃত্যু হ’লেও আচল সত্য জানিবলৈ লাগিব অনেক সময়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...