২৪ডিচেম্বৰত গুৱাহাটী ৰাজহ চক্ৰত ভূমি সম্পৰ্কীয় অভিযোগ গ্ৰহণ কৰিব জিলা আয়ুক্তই

দিছপুৰ ৰাজহ চক্ৰত ৩৮খন আবেদন জিলা আয়ুক্তক দিলে ৰাইজে

ৰাইজৰ ভূমি সম্পৰ্কীয় আবেদন আৰু ওজৰ-আপত্তিৰ খৰতকীয়া মীমাংসাৰ বাবে তৎপৰ হোৱা কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানে পৰৱৰ্তী দেওবাৰ অৰ্থাৎ ২৪ ডিচেম্বৰত গুৱাহাটী ৰাজহ চক্ৰৰ ৰাইজৰ অভিযোগ গ্ৰহণ কৰিব৷ সেইদিনা পুৱা ৯.৩০ বজাৰ পৰা জিলা আয়ুক্তগৰাকী উলুবাৰীত থকা গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত থাকিব৷ ৰাজহ চক্ৰটোৰ এলেকাধীন ৰাইজে ভূমি সম্পৰ্কীয় ওজৰ-আপত্তি আৰু অভিযোগৰ মীমাংসাৰ বাবে জিলা আয়ুক্তগৰাকীক পোনপতীয়াকৈ আবেদন জনাব পাৰিব৷ উল্লেখযোগ্য যে, জিলা আয়ুক্ত সুমিত ছাত্তাৱান ৰাইজৰ ভূমি সম্পৰ্কীয় অভিযোগ শুনাৰ বাবে কালি দিছপুৰ ৰাজহ চক্ৰৰ কাৰ্যলয়ত উপস্থিত আছিল৷ তেওঁ মুঠ ৩৮খন ভূমি সম্পৰ্কীয় বিষয়ৰ মীমাংসাৰ আবেদন ৰাইজৰ পৰা লাভ কৰে৷ আবেদনৰ বিষয়সমূহ বিধি অনুসৰি খৰতকীয়াকৈ নিষ্পত্তিৰ বাবে জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীক দিকদৰ্শন আৰু নিৰ্দেশ দিয়ে৷ জিলা আয়ুক্ত গৰাকীয়ে অহা দেওবাৰে গুৱাহাটী ৰাজহ চক্ৰত আৰু পৰৱৰ্তী একোটা দেওবাৰে আজাৰা, সোনাপুৰ আৰু চন্দ্ৰপুৰ ৰাজহ চক্ৰত উপস্থিত থাকি ৰাইজৰ অভিযোগ পোনপতীয়াকৈ গ্ৰহণ কৰিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...

দুসপ্তাহৰ জাননী দি ৭২ ঘণ্টাৰ ভিতৰত ইৰাণক আক্ৰমণ! ট্ৰাম্পে কেতিয়া আক্ৰমণ কৰাৰ সিদ্ধান্ত লৈছিল?

ইৰাণৰ বিৰুদ্ধে আমেৰিকাই প্ৰত্যক্ষভাৱে অস্ত্ৰ ল’ব নে নাই, সেই...

ৰাছিয়াই ইৰাণক কিয় প্ৰত্যক্ষভাৱে সহায় কৰা নাই?

পশ্চিম এছিয়াত উত্তেজনা ক্ৰমাৎ বাঢ়িছে। এই পৰিপ্ৰেক্ষিতত শনিবাৰে গভীৰ...

ইৰাণত প্ৰৱেশ কৰি কেনেকৈ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলাইছিল আমেৰিকাই?

ইৰাণৰ পৰমাণু কেন্দ্ৰত আমেৰিকাৰ গোপন আক্ৰমণ শনিবাৰে গভীৰ নিশা আমেৰিকাই...