লোকসভাৰ পৰা নিলম্বিত হ’ল ৩০জনকৈ বিৰোধী সাংসদ

0 465

সংসদ ভৱনৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰি সদনৰ পৰা নিলম্বিত হ’বলগীয়া হ’ল কমেও ৩০ জন বিৰোধী সাংসদ। নিলম্বিত সাংসদ সকলৰ ভিতৰত আছে কংগ্ৰেছৰ কেইবাজনো সাংসদসহ গৌৰৱ গগৈ আৰু আব্দুল খালেক। আন কেইবাটাও বিৰোধী দলৰ সাংসদকো সোমবাৰে লোকসভাৰ পৰা নিলম্বিত কৰা হয়। আটাইকেজন সাংসদকে সংসদৰ চলিত অধিৱেশনৰ পৰৱৰ্তী কাৰ্যসূচীৰ পৰা নিলম্বিত কৰা হৈছে। উল্লেখ্য যে যোৱা সপ্তাহত সংসদৰ নিৰাপত্তা বেষ্টনী ভেদ কৰি ভিতৰত হালধীয় ধোঁৱা নিক্ষেপ কৰি আতংকৰ সৃষ্টি কৰিছিল ২জন যুৱকে। একে সময়তে সংসদৰ বাহিৰতো প্ৰতিবাদৰ নামত আতংকৰ সৃষ্টি কৰিছিল আন দুগৰাকী যুৱক–যুৱতীয়ে। এই ঘটনাক লৈ সংসদত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিবৃতি দাবী কৰাৰ পিছতে সোমবাৰে বিৰোধী সাংসদসকলক পৰৱৰ্তী কাৰ্যসূচীৰ বাবে নিলম্বিত কৰা হয়।

সংসদৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰি শাস্তিৰ সন্মুখীন বিৰোধী সাংসদ
লোকসভাৰ পৰা নিলম্বিত হ’ল ৩০ জনকৈ বিৰোধী সাংসদ
নিলম্বিত হ’ল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ, আব্দুল খালেক
লোকসভাত বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰীকো নিলম্বন
চলিত অধিৱেশনৰ পৰৱৰ্তী কাৰ্যসূচীৰ পৰা নিলম্বিত আটাইকেইজনকে

সংসদৰ বাহিৰৰ লগতে ভিতৰতো মাত মতাৰ পৰা বঞ্চিত কৰা হৈছে বিৰোধী সাংসদসকলক। পূৰ্বৰে পৰা চৰকাৰৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপিত হৈ অহাৰ পিছত সোমবাৰে পুনৰ দেখিবলৈ পোৱা গ’ল ইয়াৰ প্ৰতিফলন। লোকসভাৰ পৰা নিলম্বিত হ’বলগীয়া হ’ল কংগ্ৰেছকে ধৰি বিৰোধী দলৰ কমেও ৩০জনকৈ সাংসদ। এইবাৰ সংসদৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে এনে শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে বিৰোধী সাংসদসকল। সোমবাৰে সদনৰ কাম–কাজ চলি থকাৰ সময়তে কংগ্ৰেছকে ধৰি আন বিৰোধী দলৰ সাংসদ সকলে সংসদৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। যোৱা সপ্তাহত দুজন যুৱকে সংসদৰ ভিতৰত প্ৰতিবাদৰ নামত কেনিষ্টাৰৰ পৰা ধোঁৱা নিক্ষেপ কৰি সংসদৰ মজিয়াত আতংকৰ সৃষ্টি কৰিছিল। বাহিৰতো চলিছিল আন ২ যুৱক–যুৱতীৰ অনুৰূপ প্ৰতিবাদ। আন দুজন যুৱকো জড়িত আছিল এই কাৰ্যত। আৰক্ষীয়ে ইতিমধ্যে আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। সোমবাৰে বিৰোধী সাংসদসকলে সংসদৰ নিৰাপত্তা সম্পৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা বিবৃতি দাবী কৰিছিল। ইয়াতেই ক্ষুণ্ণ হৈ পৰে চৰকাৰ। কংগ্ৰেছ সহ বিৰোধী সাংসদসকলৰ মুখ বন্ধ কৰিবলৈ অধিৱেশনৰ পৰৱৰ্তী কাৰ্যসূচীৰ পৰা নিলম্বিত কৰা হয় কমেও ৩০ জন সাংসদক। নিলম্বিত সাংসদসকলৰ ভিতৰত আছে লোকসভাৰ বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰী, উপ দলপতি গৌৰৱ গগৈও। ইয়াৰ উপৰি কংগ্ৰেছ সাংসদ আব্দুল খালেক, তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জী, কাকলি ঘোষ দস্তিদাৰ, সৌগত ৰয়, শতাব্দী ৰয়, ডি এম কেৰ সাংসদ এ ৰাজা আৰু দয়ানিধি মাৰাণকে ধৰি বিৰোধী দলৰ আন কেইবাজনো সাংসদক অধিৱেশনৰ পৰৱৰ্তী কাৰ্যসূচীৰ পৰা নিলম্বিত কৰা হয়।

নিলম্বিত হোৱাৰ পিছতে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিৰোধী সাংসদসকল। কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কয়, চৰকাৰে একনায়কত্ববাদ চলাই আহিছে। সংসদক বিজেপিৰ মুখ্য কাৰ্যালয়ৰূপে ব্যৱহাৰ কৰা হৈছে। চৰকাৰৰ হঠকাৰিতাৰ বিৰুদ্ধে যুঁজ দি যাব বিৰোধীয়ে।

সংসদ ভৱনৰ নিৰাপত্তা বিঘ্নিত হোৱাৰ পিছত বিষয়টোক লৈ সমগ্ৰ দেশৰ ৰাজনীতিৰ লগতে আন সামাজিক মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে। চৰকাৰৰ গাফিলতিৰ বাবেই বাৰে বাৰে সাংসদৰ নিৰাপত্তা ব্যৱস্থা উপেক্ষিত হৈ আহিছে বুলি অভিযোগ কৰি বিৰোধী সাংসদসকলে ইয়াৰ প্ৰতিবাদ জনাই আহিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰাও এই সম্পৰ্কত বিবৃতি দাবী কৰি আহিছে বিৰোধী সাংসদসকলে। ইপিনে চৰকাৰে নিৰাপত্তাৰ স্বাৰ্থত বিৰোধী দলৰ দাবী মানি লোৱাৰ পৰিৱৰ্তে একপক্ষীয়ভাৱে বিৰোধী সাংসদসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

ইয়াৰ পূৰ্বে সদনৰ পৰা নিলম্বিত হৈছিল ১৩ বিৰোধী সাংসদ
তেওঁলোকেও দাবী কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহৰ বিবৃতিত
বিশেষাধিকাৰ কমিটীৰ প্ৰতিবেদনক লৈ নিলম্বিত হৈছিল ৩ সাংসদ
বৰ্তমানলৈকে মুঠ ৪৬ জন সাংসদ সদনৰ পৰা নিলম্বিত

সংসদৰ নিৰাপত্তাক লৈ সদনত প্ৰতিবাদ মুখৰ হৈ উঠিছে বিৰোধী সাংসদসকল। যোৱা কেইবাদিন ধৰি চৰকাৰৰ হস্তক্ষেপ বিচাৰি প্ৰতিবাদ জনাই আহিছে বিৰোধী সংসদসকলে। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ইয়াৰ পূৰ্বে ‘X’ হেণ্ডেলযোগে প্ৰকাশ কৰে যে, সদনত গৃহমন্ত্ৰীৰ বিবৃতিৰ দাবীত বিৰোধী দলসমূহে এই প্ৰতিবাদ জনাই আহিছে যদিও চৰকাৰে বিষয়টোক সামন্যতমো গুৰুত্ব প্ৰদান নকৰাটো দুৰ্ভাগ্যজনক।

Leave A Reply

Your email address will not be published.