NEETৰ ফলাফলক লৈ দেশজুৰি বৃদ্ধি হ’বলৈ ধৰিছে অসন্তুষ্টি

NEETৰ ফলাফলক লৈ দেশজুৰি অসন্তুষ্টি বৃদ্ধি হ’বলৈ ধৰিছে। এই পৰীক্ষাত উত্তীৰ্ণ হবলৈ একো একোজন ছাত্ৰ ছাত্ৰীয়ে দিন-ৰাতি একাকাৰ কৰি চলায় প্ৰস্তুতি। প্ৰস্তুতি পৰীক্ষাত বহি সমগ্ৰ দেশৰ বুজন সংখ্যক ছাত্ৰ ছাত্ৰীৰ মাজত মাথোঁ আঙুলিৰ মূৰত গণিব পৰাকৈ কেইজনমানেহে উত্তীৰ্ণ হবলৈ সক্ষম হয়। কিন্তু শেহতীয়া NEET পৰীক্ষাৰ ফলাফলে চকু কপালত তুলিছে শিক্ষাৰ্থী–অভিভাৱকৰ।

NEETত শিক্ষাৰ্থীৰ সপোনৰ শিক্ষানুষ্ঠান হৈছে দিল্লীৰ AIIMS

AIIMS দিল্লীত সৰ্বমুঠ আসন আছে ১৩২ খন

কিন্তু এই ১৩২খন আসনৰ মাজত সংৰক্ষিত আসন কেইখনক বাদ দিলে সাধাৰণ বৰ্গৰ শিক্ষাৰ্থীৰ বাবে ৰৈ যায় মাথোঁ ৫০ খন আসন। এতিয়া আপুনি জানি আচৰিত হ’ব যে, NEETৰ এই ফলাফলত ৬৭ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে প্ৰথম স্থান।

অৰ্থাৎ এই ৬৭ গৰাকী ছাত্ৰ–ছাত্ৰীয়ে যদি নতুন দিল্লীৰ AIIMSত আসন এখনৰ বাবে আবেদন কৰে তেন্তে কাক দিয়া হ’ব, কাক দিয়া নহ’ব?

NEETৰ পৰীক্ষাৰ ফলাফলক লৈ ইতিমধ্যে চলিছে ব্যাপক চৰ্চা। ১৪ জুনৰ দিনা এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ কথা আছিল যদিও হঠাৎ আগতীয়াকৈ লোক সভাৰ নিৰ্বাচনৰ ফলাফলৰ দিনাই এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়। ইয়াক লৈও বহুতৰ সন্দেহ নোহোৱা নহয়। National Testing Agencyয়ে এই পৰীক্ষা অনুষ্ঠিত কৰে।

NEETৰ পৰীক্ষাৰ পেপাৰ লিক হোৱাৰ অভিযোগ

এই পৰীক্ষাত সৰ্বমুঠ নম্বৰ হৈছে ৭২০

৬৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিলে প্ৰথম স্থান

আনহাতে ২য়, ৩য় স্থান পোৱা কেইগৰাকীয়ে লাভ কৰিলে ৭১৯, ৭১৮ নম্বৰ

NEETৰ পৰীক্ষাত এনে নম্বৰ পোৱাটো সম্ভৱ নহয়

প্ৰতিটো ভুল উত্তৰত কটা যায় ৫ নম্বৰ

উত্তৰ নিদিলে কটা যায় ৪ নম্বৰ

তেনে স্থলত কিহৰ ভিত্তিত এজন শিক্ষাৰ্থীয়ে সৰ্বমুঠ ৭২০ নম্বৰত ৭১৮, ৭১৯ নম্বৰ লাভ কৰিছে, সেয়া ভাবি আচৰিত হৈছে দেশৰ সৰ্বসাধাৰণ জনতা। তাৰমাজতে দেশজুৰি প্ৰায় ২০০০ ছাত্ৰ-ছাত্ৰীয়ে NEET পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবী জনাইছে। সমান্তৰালভাৱে ন্যায়ালয়ৰো দ্বাৰস্থ হৈছে বহু Coaching institute।

এই পৰীক্ষা পুনৰ অনুষ্ঠিত হ’ব নে অনুষ্ঠিত হোৱা পৰীক্ষাৰ ন্যায়িক তদন্ত হ’ব তাকেলৈও উৎকণ্ঠা বৃদ্ধি পাইছে শৈক্ষিক মহলত। ছাত্ৰ–ছাত্ৰীৰ ভৱিষ্যৎ গঢ়া এই পৰীক্ষাৰ এনে খেলিমেলিয়ে স্বাভাৱিকতে সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

NKTV Digital
Author: NKTV Digital

9 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...