ৰাজ্যজুৰি ভয়ানক পৰিৱেশৰ সৃষ্টি হৈছে

নোহোৱা হৈছে মানুহ-জানোৱাৰৰ পাৰ্থক্য
লজ্জিত সভ্য সমাজ, চৌদিশে প্ৰতিবাদ-প্ৰতিক্ৰিয়া
ইটোৰ পাছত সিটো ধৰ্ষণৰ ঘটনা ৰাজ্যত

ধিঙৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো অসমবাসীক লজ্জানত কৰা সেই বাতৰি। ধিঙ কাণ্ডৰ অভিযুক্তৰ মৃত্যু হ’ল। সকলোৱে আশা কৰিছে এনে ঘটনাৰ পুনৰাবৃত্তি নহওক। কিন্তু ৰাজ্যৰ চৌদিশে এতিয়া চৰম নিৰাপত্তাহীনতাৰ পৰিৱেশ। গোসাইগাঁৱত দুগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ
নিশা এদল যুৱকে এখন এল্টো আৰু এখন বলেৰো গাড়ীত ফুচুলাই উঠাই লৈ গ’ল দুগৰাকী কিশোৰীক। নিজম স্থানলৈ নি কিশোৰী দুগৰাকীক ধৰ্ষণ কৰিলে যুৱকৰ দলটোৱে। মুমূৰ্ষু অৱস্থাত পেলাই থৈ গুচি গ’ল। দুয়োকে উদ্ধাৰ কৰি ততাতৈয়াকৈ ভৰ্তি কৰোৱা হ’ল হাস্পতালত। এগৰাকীৰ অৱস্থা সংকটজনক হোৱাত। গোসাইগাঁও RNB চিভিল হাস্পতালৰ পৰা প্ৰেৰণ কৰা হয় কোকৰাঝাৰ। আৰক্ষীয়ে এই ঘটনাৰে জড়িত থকাৰ অভিযোগত তিনিজনক আটক কৰে। জামাল খান, শেখ আব্দুল্লা, নুৰ আলম আৰক্ষীৰ জালত। এই ঘটনাক লৈ চেপা উত্তেজনা গোসাঁইগাঁৱত। প্ৰতিবাদ, দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী। হিন্দু-মুছলমানে মিলাপ্ৰীতিৰে বাস কৰা গোসাঁইগাঁৱত ঘটা এই ঘটনাত ক্ষুব্ধ সকলো।

ডিফুত পূজাৰীৰ কামনাৰ বলি ১০ বছৰীয়া নাবালিকা
দুষ্কাৰ্য সংঘটিত কৰা পূজাৰী খনছিং ৰংহাং

বৃহস্পতিবাৰে হামৰেণৰ পৰা ডিফুৰ বিৰলালৈ পূজা কৰিবলৈ আহিছিল পূজাৰীজন। সেই নিশাই গৃহস্থৰ ঘৰত অপকৰ্ম সংঘটিত কৰে পূজাৰীয়ে। শুকুৰবাৰে বিদ্যায়লৈ যোৱা নাবালিকাগৰাকীয়ে ঘটনাৰ বিষয়ে জনাই মাতৃক। একাংশ স্থানীয় লোকে উত্তম-মাধ্যম সোধাই পূজাৰীজনক গতাই দিয়ে আৰক্ষীক। ধৰ্ষণকাৰী পূজাৰী DMCHত চিকিৎসাধীন।

বিহপুৰীয়াত কিশোৰীক ধৰ্ষণৰ অপচেষ্টা
বিহপুৰীয়াৰ এজন ধৰ্মীয় শিক্ষকে ধৰ্ষণৰ চেষ্টা চলায় এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক৷ নিজামুদ্দিন ওৰফে নিজাম আলী নামৰ ৫৫ বছৰীয়া লোকজনৰ বিৰুদ্ধে এই অভিযোগ৷ কিশোৰীগৰাকীৰ পিতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে বিহপুৰীয়া নগৰৰ ২নং ৱাৰ্ডৰ লম্পট নিজামুদ্দিনক।

চিৰাঙৰ চিদলীত দুগৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। মানৱ সৰবৰাহকাৰীৰ ৰূপত গাঁওৰক্ষী বাহিনীৰ সভাপতি। মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা কথমপি ৰক্ষা দুগৰাকীকৈ নাবালিকাৰ।

বহিঃৰাজ্যত কাম দিয়াৰ ছলেৰে ঘৰৰ পৰা মাতি নিশা যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ জহৰুদ্দিন দেৱানৰ বিৰুদ্ধে। চিদলী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে। দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উঠিছে।

বাক্সাৰ মুছলপুৰত সম্পৰ্কীয় মোমায়েকৰ কামনাৰ বলি ১৩ বছৰীয়া ভাগিনীয়েক৷ সৰুমানিকপুৰত সংঘটিত হৈছে এই জঘন্য ঘটনা৷ সম্প্ৰতি
পলাতক লম্পট মোমায়েক ৰঞ্জিত বড়ো

ভয়- ভাবুকিৰে নাবালিকা গৰাকীৰ মুখ বন্ধ কৰি থৈছিল লম্পট মোমায়েক ৰঞ্জিত বড়োৱে৷ মুছলপুৰ আৰক্ষীয়ে অভিযু্ক্ত ৰঞ্জিত বড়োক বিচাৰি আৰম্ভ কৰিছে অভিযান।

গোলকগঞ্জতো ধৰ্ষণৰ বলি নাবালিকা
ৰায়পুৰ প্ৰথম খণ্ড গাঁৱৰ জগদ্দি শ্বেখৰ পুত্ৰ আনোৱাৰ আলী্য়ে কাষৰ ঘৰৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক ফুচুলাই ঘৰলৈ মাতি নি ধৰ্ষণ কৰে। তাৰ পাছতে শ্বিলংলৈ পলায়ন আনোৱাৰৰ। ঘটনাটো কিছুদিন পুৰণি যদিও সেহতীয়াকৈ আহিছে পোহৰলৈ। ইয়াৰ পাছতে গোলকগঞ্জত তীব্ৰ প্ৰতিক্ৰিয়া।

তিতাবৰত বোৱাৰীয়েকক ধৰ্ষণ কৰিলে শহুৰেকে
বোৱাৰীয়েকক ধৰ্ষণ কৰি জালত শহুৰেক যাদৱ বৰা

তিতাবৰৰ দেওঘৰীয়াত এই ঘটনা সংঘটিত কৰি পলাই আছিল যাদৱ বৰা। সমগ্ৰ ঘটনা সন্দৰ্ভত পিতৃ পৰিয়ালক জনাইছিল বোৱাৰীগৰাকীয়ে। অৱশেষত জালত পৰিল অসত চৰিত্ৰৰ যাদৱ। ৰাজ্যৰ ভিন্ন প্ৰান্তত ঘটিছে এনে ঘটনা। প্ৰতিবাদ প্ৰতিক্ৰিয়া। কিন্তু এনে কাণ্ডৰ শেষ কেতিয়া।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমত কি কি খাদ্যৰে আপ্যায়ন কৰা হ’ল ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেক?

’২৬ৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে তৃণমূল কৰ্মীক উৎসাহৰ প্ৰয়াস। আজি...

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...