আজি মহাপুৰুষ মাধৱদেৱৰ পবিত্ৰ তিৰোভাৱ তিথি

আজি মহাপুৰুষ মাধৱদেৱৰ পবিত্ৰ তিৰোভাৱ তিথি। হৰি নাম, কীৰ্তনেৰে মুখৰিত হৈ পৰিল দশোদিশ। বিভিন্ন প্ৰান্তত চলিল বিবিধ আয়োজন। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱ বন্দনাৰে ভকতিময় চৌদিশ।

হৰি নাম, কীৰ্তনেৰে মুখৰিত হৈ পৰিল দশোদিশ
বিভিন্ন প্ৰান্তত চলিল বিবিধ আয়োজন
জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্যৰ বন্দনাৰে ভকতিময় চৌদিশ
৪২৮ সংখ্যক তিৰোভাৱ তিথি পালন কৰা হৈছে দশোদিশে
লেটেকপুখুৰী, বৰপেটাত বিশেষ আয়োজন
মাজুলী, ঢেকীয়াখোৱা নামঘৰতো অনন্য কীৰ্তন

ৰিনামৰ ধ্বনিৰ অমিয়া মাধুৰী
ৰাজ্যজুৰি বৈছে গুৰু সেৱাৰ নদী
গুৰু শ্ৰীশ্ৰীমাধৱদেৱক সশ্ৰদ্ধ সোঁৱৰণ ৰাজ্যজুৰি
আজি গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথি

মহাপুৰুষ মাধৱদেৱৰ ৪২৮ সংখ্যক তিথি পালন কৰা হৈছে দশোদিশে। সকলোতে গুৰু বন্দনাৰ অনিন্দ্য সুৰ।
তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ জন্মস্থানৰূপে বিদিত লেটেকুপুখুৰীত এই আয়োজন।
লেটেকুপুখুৰীত ভকত বৈষ্ণৱৰ ভীৰ। মহিলাসকলে পৰিৱেশন কৰে হৰিনাম।

সমগ্ৰ ৰাজ্যৰ সত্ৰ, নামঘৰ, ৰাজহুৱা অনুষ্ঠান আদিৰ লগতে সত্ৰনগৰী বৰপেটাতো পালন কৰা হৈছে মহাপুৰুষজনাৰ তিৰোভাৱ তিথি মহোৎসৱ ৷
বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাতা মাধৱদেৱ মহাপুৰুষৰ তিৰোভাৱ তিথি উপলক্ষে আজি সত্ৰত ভকতৰ অংশগ্ৰহনেৰে অনুষ্ঠিত হৈছে প্ৰসংগ।
সত্ৰীয়া ৰীতি পৰম্পৰা অনুসৰি মহোৎসৱ উপলক্ষে সত্ৰৰ গায়ন, বায়ন, ঘোষা কীৰ্তনীয়া, ব্যাস কীৰ্তনীয়া আৰু নাম কীৰ্তনীয়াই হৰিনাম কীৰ্তনক আগস্থান দি কীৰ্তন মহোৎসৱ৷

৩২খন সত্ৰ ২০০ ৰো অধিক নামঘৰৰে পৰিৱেষ্টিত মাজুলীৰ পৰিৱেশ এয়া। জেংৰাইমুখৰ কেৱলীয়া নামঘৰত মিছিং সমাজে পালন কৰিছে গুৰুজনাৰ তিৰোভাৱ তিথি। এই আয়োজনকে লোৱা হল বিশেষ পদক্ষেপ। মিছিং ভাষালৈ অনুদিত হল গুৰুৰ সৃষ্ট বৰগীত, দিহানাম।
মিছিং আয়তীৰ অপূৰ্ব কণ্ঠৰে নিগৰিছে দিহা নামৰ অপুৰ্ব সুৰ।

মাধৱদেৱ স্থাপিত ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰৰ পৰিৱেশ এয়া। মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে হৰি নামৰ ধ্বনিৰে মুখৰিত ঢেকীয়াখোৱা বৰ নামঘৰ। বিভিন্ন স্থানৰ পৰা আহিছে সেৱকী। ধূপ-দীপ,নৈবেদ্যৰে নেদেখা জনৰ ওচৰত আশিষ লৈছে ভক্ত প্ৰাণ ৰাইজে। হৰি নামত মহা আড়ম্ৱৰ।

গুৰুক সুঁৱৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভকতৰ কীৰ্তন। নাম প্ৰেমৰ বোৱতী ধাৰে ৰসময় কৰিলে সমগ্ৰ অসম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...