জাতিষ্কাৰ হৈ উঠিছে কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যান

সমাগত বসন্ত। বসন্তৰ আগমনত ন-ৰূপ লৈছে প্ৰকৃতিয়ে। চাৰিওফালে জকমকাই ফুলি উঠিছে না-না ৰঙী ফুলবোৰ। বসন্তৰ প্ৰাক-ক্ষণতে কাজিৰঙা অৰ্কিড উদ্যানত ফুলি উঠিছে ভিন্ন প্ৰজাতিৰ অৰ্কিডসমূহ। দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটিছে উদ্যানখনলৈ। নানা তৰহৰ অৰ্কিডৰ সৌন্দৰ্যত মন্ত্ৰমুগ্ধ হৈছে পৰ্যটকসকল। বিশ্বৰ আটাইতকৈ সৰু প্ৰজাতিৰ অৰ্কিডৰ পৰা সুগন্ধি বোৱাৰী কপৌলৈকে একেলগে দেখি অৰ্কিড উদ্যানখনৰ প্ৰেমত পৰিছে পৰ্যটক।

প্ৰায় ১৬০০ প্ৰজাতিৰ অৰ্কিডৰ সমাহাৰ বাগিচাখনত
অৰ্কিডৰ না-না ৰঙে মনোমোহা কৰি তুলিছে বাগিচাখন
বাগিচাখনে আকৰ্ষণ কৰিছে দেশী-বিদেশী পৰ্যটকক

বসন্তৰ আগমনত ৰঙ-বিৰঙী অৰ্কিডেৰে জাতিস্কাৰ হৈ উঠিছে কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যান। সম্প্ৰতি ফুলেৰে সমাহিত অৰ্কিড উদ্যানখনখনত ভিৰ বাঢ়িছে পৰ্যটকৰ ৷ দুষ্প্ৰাপ্য প্ৰজাতিৰ অৰ্কিডৰ সৌন্দৰ্যই মুগ্ধ কৰিছে অৰ্কিড পাৰ্কলৈ অহা পৰ্যটকসকলক।

অৰ্কিডৰ নয়নাভিৰাম দৃশ্যই মন-প্ৰাণ জুৰাইছে উদ্যানখনলৈ অহা প্ৰতিগৰাকী পৰ্যটকৰ ৷ ইপাহৰ পিছত সিপাহকৈ ফুলি উঠা দুষ্প্ৰাপ্য প্ৰজাতিৰ অৰ্কিডসমূহে দুগুণে উচাহ বঢ়াইছে উদ্যানখনৰ কৰ্মচাৰীৰ মনত। বিশ্বৰ আটাইতকৈ সৰু প্ৰজাতিৰ অৰ্কিডৰ পৰা সুগন্ধি বোৱাৰী কপৌলৈকে উপলব্ধ এই অৰ্কিড উদ্যানত।

সম্প্ৰতি উদ্যানখনত ফুলি আছে ৭০ শতাংশ অৰ্কিড
ন-ৰূপে জাতিষ্কাৰ হৈছে অৰ্কিডসমূহ

যেন ৰঙৰহে মেলা পাতিছে প্ৰতিপাহ অৰ্কিডে। এই সৌন্দৰ্যৰ আঁৰত আছে উদ্যানখনৰ কৰ্মচাৰীসকলৰ বছৰজোৰা আপদাল, শ্ৰম আৰু হেঁপাহ। উদ্যানখনৰ সৌন্দৰ্যই আনন্দ দিছে পৰ্যটকসকলক। ব’হাগৰ প্ৰাকক্ষণত উদ্যানখনৰ এই মনোমোহা পৰিৱেশে হাঁহি বিৰিঙাইছে উদ্যানৰ প্ৰতিগৰাকী কৰ্মচাৰীৰ মুখত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...