বিগত শতিকাত নাম সলনি হৈছে বিশ্বৰ বহু দেশৰ

আমাৰ দেশৰ নাম সলনিৰ প্ৰসংগত চলিছে ব্যাপক বিতৰ্ক
বিগত শতিকাত নাম সলনি হৈছে বিশ্বৰ বহু দেশৰ

ইউৰোপ আৰু এছিয়া মহাদেশৰ সীমাৰ ভিতৰত থকা এখন দেশ হৈছে তুৰষ্ক। এইখন দেশৰ সংস্কৃতি, সভ্যতা, মূল্যবোধক প্ৰতিনিধিত্ব কৰিব পৰাকৈ তুৰস্ক চৰকাৰে সলনি কৰিছে দেশৰ নাম।

২০২২ৰ জুনৰ পৰা তুৰস্ক পৰিচিত হয় ‘তুৰকিয়ে’ বুলি
ৰাষ্ট্ৰসংঘতো দেশখনৰ নাম হৈ পৰিছে ‘তুৰকিয়ে’

বিশ্বৰ এখন উন্নত দেশ হৈছে ইউৰোপৰ হলেণ্ড। মাদক দ্ৰব্যৰ ৰমৰমীয়া বেহা, দেহ ব্যৱসায়ৰ ঘাটি হৈ পৰাত এসময়ত বিশ্বৰ বিভিন্ন প্ৰান্ত অধিকাৰ কৰা হলেণ্ডৰ এক নেতিবাচক ভাৱমূৰ্তি গঢ় লৈ উঠিছিল। ইয়াক খণ্ডন কৰিবলৈ সলনি কৰা হ’ল দেশখনৰ নাম।

হলেণ্ড এতিয়া বিশ্বত পৰিচিত ‘নেদাৰলেণ্ড’ বুলি
দেশখনৰ ইতিবাচক ভাৱমূৰ্তি গঢ়ি তোলাৰ বাবেই নাম সলনি

চলিত বৰ্ষৰ আৰম্ভণিতে সলনি কৰা হয় ইউৰোপৰ আন এখন দেশ চেক ৰিপাব্লিকৰ নাম। দীঘলীয়া নাম হোৱা বাবে খেলুৱৈৰ জাৰ্ছী বা অন্য সামগ্ৰীত দেশখনৰ নাম লিখাত অসুবিধা হৈছিল, সেয়ে নাম সলনি।

চেক ৰিপাব্লিক এতিয়া হৈ পৰিল ‘চেখিয়া’
২০১৬ৰ পৰাই এই নাম জনা হৈছিল যদিও ২০২৩ত আনুষ্ঠানিক স্বীকৃতি ‘চেখিয়া’ নামটোলৈ

আমাৰ ভাৰতৰ কাষত থকা ম্যানমাৰৰ পূৰ্বৰ নাম আছিল ব্ৰহ্মদেশ। বাৰ্মিজ সম্প্ৰদায়ৰ লোক বাস কৰাৰ বাবেই দেশখনৰ নাম আছিল ব্ৰহ্মদেশ।

তাহানিৰ ব্ৰহ্মদেশ আজিৰ ‘ম্যানমাৰ’
১৯৮৯ত দেশখনৰ নাম সলনি কৰে জুণ্টা চৰকাৰে

ভাৰতৰ দক্ষিণত থকা সৰু দ্বীপৰাষ্ট্ৰখনক ব্ৰিটিছে অভিহিত কৰিছিল ‘চিলন’ বুলি।

ব্ৰিটিছ শাসকৰ স্মৃতি মচিবলৈ ১৯৭২ত ‘চিলন’ক কৰা হয় ‘শ্ৰীলংকা’লৈ পৰিৱৰ্তন
২০১১ৰ পৰা চৰকাৰী নথি-পত্ৰত নিষিদ্ধ হয় ‘চিলন’ নামটো

দক্ষিণ-পূব এছিয়াৰ কাম্পুচিয়া দেশখনৰ নাম সলনি কৰি ব্ৰিটিছে কৰিছিল ‘কাম্বোডিয়া’।

১৯৭৬ত কমিউনিষ্ট চৰকাৰে ‘কাম্বোডিয়া’ সলাই পুনৰ কৰে ‘কাম্পুচিয়া’
কমিউনিষ্ট শাসনৰ অন্তত দেশখনৰ নাম পুনৰ কৰা হয় ‘কাম্বোডিয়া’

এইদৰে বিশ্বৰ আন বহু দেশৰ নাম বিভিন্ন কাৰণত সলনি কৰা হৈছে। এইবোৰৰ ভিতৰত আছে

দক্ষিণ আফ্ৰিকাৰ দেশ নিউ ছোৱাজিলেণ্ডক ২০১৮ৰ পৰা জনা যায় ‘এশ্বাটিনি’ নামেৰে
পূৰ্বৰ শ্যাম দেশক ১৯৩৯ চনৰ পৰা জনা যায় ‘থাইলেণ্ড’ বুলি
পূব ইউৰোপৰ দেশ মেচিড’নিয়া ২০১৯ৰ পৰা জনা যায় ‘নৰ্থ মেচিড’নিয়া’ৰূপে
বৰ্তমানৰ ইৰান দেশক ১৯৩৫ৰ পূৰ্বে জনা গৈছিল পাৰস্য দেশ বুলি

এতিয়া ইণ্ডিয়াৰ নাম ভাৰত নে কি হ’ব সেয়া জানিবলৈ আৰু কিছুদিন অপেক্ষা কৰিব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...