বিহু এইবাৰ ভালকৈয়ে খালে ৰাইজে…

ভোগালীৰ আনন্দত মতলীয়া হ’ল ৰাজ্যবাসী। সকলোৱে লগে-ভাগে খালে এসাঁজ। কেৱল খোৱাই নহয়, ভোগালীত গিলিলেও ৰাইজে। বিহুৰ দুদিনত কেৱল গুৱাহাটী মহানগৰীত বিক্ৰী হল ১২ কোটি টকাৰ সুৰা। ৰাজ্যজুৰি বিহুৰ দুটা দিনত বিলাতী সুৰা বিক্ৰী হ’ল প্ৰায় ২০ কোটি টকাৰ।

বিহু এইবাৰ ভালকৈয়ে খালে ৰাইজে…
ভোগালীৰ দুদিনত গুৱাহাটীতেই বিক্ৰী প্ৰায় ১২ কোটিৰ সুৰা

নতুন বছৰ, পিকনিক, ভোগালী। চৌদিশে এতিয়া উদযাপনৰ পৰিবেশ। হেঁপাহৰ ভোগালীক লৈ ৰাজ্যবাসীৰ আনন্দৰ সীমা নাই। বিহুৰ সময়খিনিত সুৰাপায়ীয়ে গঢ়িলে অভিলেখ।

১৪ জানুৱাৰীত ৭ কোটি ২ লাখ টকাৰ বিক্ৰী সুৰা
১৫ জানুৱাৰীত ৪ কোটি ৬ লাখ টকাৰ বিক্ৰী সুৰা
দুদিনত গুৱাহাটীত প্ৰায় ১২ কোটি টকাৰ সুৰা বিক্ৰী
ৰাজ্যজুৰি বিহুৰ দুটা দিনত বিলাতী সুৰা বিক্ৰী হ’ল প্ৰায় ২০ কোটি টকাৰ

ভোগালীক লৈ পূৰ্বৰ পৰা সষ্টম হৈ আছিল ৰাজ্য প্ৰশাসন। মহানগৰীৰ ভিন্ন প্ৰান্ততো চলিছিল তালাচী। নিয়ন্ত্ৰণত ফূৰ্তি কৰাৰ আহ্বান জনাইছিল আৰক্ষীয়েও। এইবাৰৰ ভোগালীত অৱশ্যে কোনো অঘটন নহল। কিন্তু সুৰা বিক্ৰীৰ ক্ষেত্ৰত গুৱাহাটী পিছ পৰি নাথাকিল। ইয়াৰ পূৰ্বে দীপাৱলিৰ দুদিনত গুৱাহাটীত সুৰা বিক্ৰী হৈছিল ৬ কোটি ৩৮ লাখ টকাৰ সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। কেৱল ডিচেম্বৰেই নহয়। জানুৱাৰী-ফেব্ৰুৱাৰি মাহতো একেদৰে অভিযান চলাবলৈ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যক কৈছিল মুখ্যমন্ত্ৰীয়ে। আৰক্ষীৰ নিশ্ছিদ্ৰ বেহুৰ মাজেৰে সুকলমে পাৰ হল ভোগালী। সুৰাপায়ীয়ে কিন্তু খালে। টেটু গুৰিলৈকে খালে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...