ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা অব্যাহত

ৰাহুল গান্ধীৰ ৬,৭১৩ কিলোমিটাৰ ভ্ৰমণসূচী সন্দৰ্ভত গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদমেল মহিলা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভানেত্ৰী অলকা লাম্বাৰ। অনাগত লোকসভা নিৰ্বাচন, ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা, ৰাজ্যৰ বিজেপি চৰকাৰ আদি প্ৰতিটো বিষয়তে মত ব্যক্ত কৰে জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। অনাগত লোকসভা নিৰ্বাচনত জনতাই কংগ্ৰেছৰ সপক্ষে ৰায় দিব বুলিও আত্মবিশ্বাসী অলকা লাম্বা।

ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা অব্যাহত
বৃহস্পতিবাৰে অসমত প্ৰৱেশ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী
ৰাহুল গান্ধীৰ যাত্ৰাক লৈ গুৱাহাটীত ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী অলকা লাম্বা

বিজেপি চৰকাৰে সৰ্বত্ৰে অন্যায়-অবিচাৰ কৰিছে, এই অভিযোগ কংগ্ৰেছৰ। বিজেপিৰ অন্যায় ৰুধিবলৈ সমগ্ৰ উত্তৰ-পূবজুৰি কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আৰম্ভণি। মণিপুৰৰ পৰা আৰম্ভ হোৱা এই ন্যায় যাত্ৰাই বৃহস্পতিবাৰে প্ৰৱেশ কৰিব অসমত। বহু স্থানত অৱশ্যে অনুমতি পোৱা নাই এই যাত্ৰাৰ। ৰাহুল গান্ধীৰ এই যাত্ৰাৰ বাবে উজনি অসমৰ সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তাৰ প্ৰত্যুত্তৰ দিলে অলকা লাম্বাই।

ৰাহুল গান্ধীৰ অনুষ্ঠানলৈকে যাব জনতা

২০২৪ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিব ডাবল ডিজিট’। অসমৰ লোকসভা নিৰ্বাচনত ডাবল ডিজিটত আসন লাভ কৰিব বুলিও মন্তব্য অলকা লাম্বাৰ।

ভাৰত জোড়ো যাত্ৰাৰ অংশীদাৰ হ’বলৈ ৯৮৯১৮০২০২৪ত মিছড কল দিয়াৰ আহ্বান ৰাষ্ট্ৰীয় নেতাগৰাকীৰ। ভাৰত জোড়ো ন্যায় যাত্ৰাই অসমত ন্যায় প্ৰতিষ্ঠা কৰিব বুলি আশাবাদী জ্যেষ্ঠ নেত্ৰীগৰাকী।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...