বিহু এইবাৰ ভালকৈয়ে খালে ৰাইজে…

ভোগালীৰ আনন্দত মতলীয়া হ’ল ৰাজ্যবাসী। সকলোৱে লগে-ভাগে খালে এসাঁজ। কেৱল খোৱাই নহয়, ভোগালীত গিলিলেও ৰাইজে। বিহুৰ দুদিনত কেৱল গুৱাহাটী মহানগৰীত বিক্ৰী হল ১২ কোটি টকাৰ সুৰা। ৰাজ্যজুৰি বিহুৰ দুটা দিনত বিলাতী সুৰা বিক্ৰী হ’ল প্ৰায় ২০ কোটি টকাৰ।

বিহু এইবাৰ ভালকৈয়ে খালে ৰাইজে…
ভোগালীৰ দুদিনত গুৱাহাটীতেই বিক্ৰী প্ৰায় ১২ কোটিৰ সুৰা

নতুন বছৰ, পিকনিক, ভোগালী। চৌদিশে এতিয়া উদযাপনৰ পৰিবেশ। হেঁপাহৰ ভোগালীক লৈ ৰাজ্যবাসীৰ আনন্দৰ সীমা নাই। বিহুৰ সময়খিনিত সুৰাপায়ীয়ে গঢ়িলে অভিলেখ।

১৪ জানুৱাৰীত ৭ কোটি ২ লাখ টকাৰ বিক্ৰী সুৰা
১৫ জানুৱাৰীত ৪ কোটি ৬ লাখ টকাৰ বিক্ৰী সুৰা
দুদিনত গুৱাহাটীত প্ৰায় ১২ কোটি টকাৰ সুৰা বিক্ৰী
ৰাজ্যজুৰি বিহুৰ দুটা দিনত বিলাতী সুৰা বিক্ৰী হ’ল প্ৰায় ২০ কোটি টকাৰ

ভোগালীক লৈ পূৰ্বৰ পৰা সষ্টম হৈ আছিল ৰাজ্য প্ৰশাসন। মহানগৰীৰ ভিন্ন প্ৰান্ততো চলিছিল তালাচী। নিয়ন্ত্ৰণত ফূৰ্তি কৰাৰ আহ্বান জনাইছিল আৰক্ষীয়েও। এইবাৰৰ ভোগালীত অৱশ্যে কোনো অঘটন নহল। কিন্তু সুৰা বিক্ৰীৰ ক্ষেত্ৰত গুৱাহাটী পিছ পৰি নাথাকিল। ইয়াৰ পূৰ্বে দীপাৱলিৰ দুদিনত গুৱাহাটীত সুৰা বিক্ৰী হৈছিল ৬ কোটি ৩৮ লাখ টকাৰ সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। কেৱল ডিচেম্বৰেই নহয়। জানুৱাৰী-ফেব্ৰুৱাৰি মাহতো একেদৰে অভিযান চলাবলৈ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যক কৈছিল মুখ্যমন্ত্ৰীয়ে। আৰক্ষীৰ নিশ্ছিদ্ৰ বেহুৰ মাজেৰে সুকলমে পাৰ হল ভোগালী। সুৰাপায়ীয়ে কিন্তু খালে। টেটু গুৰিলৈকে খালে।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

অপাৰেচন সিন্দূৰক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অপাৰেচন সিন্দূৰৰ সময়ত...

অপাৰেচন কেলাৰ কি?

অপাৰেচন কেলাৰ হৈছে ভাৰতীয় সেনাৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ...

ভাৰতীয় সাংবাদিকৰ পৰা তথ্য আহৰণৰ চেষ্টা পাকিস্তানী চোৰাংচোৱাৰ

পাকিস্তানৰ গুপ্তচৰ সংস্থাই ভাৰতীয় সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ সৈতে...

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...