সামৰিক শক্তি দিশেৰে ২০২৪ত পুনৰ বিশ্বশ্ৰেষ্ঠ আমেৰিকা

সামৰিক শক্তি দিশেৰে ২০২৪ত পুনৰ বিশ্বশ্ৰেষ্ঠ আমেৰিকা
আমেৰিকাক শক্তিশালী প্ৰত্যাহ্বান ৰাছিয়া, চীনৰ
চতুৰ্থ স্থানত থকা ভাৰতো নাই বৰ বেছি পিছত
সামৰিক শক্তিৰ ক্ষেত্ৰত বিশ্ব ৰেংকিঙত পাকিস্তানৰ পতন

GLOBAL FIRE POWER INDEX অনুসৰি যুক্তৰাষ্ট্ৰই পুনৰবাৰ সামৰিক শক্তিৰ দিশেৰে শীৰ্ষস্থান অধিকাৰ কৰিছে। ২০২৪ৰ শেহতীয়া GFP ৰেংকিং অনুসৰি আমেৰিকাক সামৰিক শক্তিৰ দিশত কোনো দেশে পিছ পেলাব পৰা অৱস্থাত নাই।

আমেৰিকাৰ আছে ১৩,৩০০খন যুদ্ধ বিমান
আছে ৯৮৩খন যুদ্ধত ব্যৱহাৰ কৰিব পৰা হেলিকপ্টাৰ
আমেৰিকাই সামৰিক দিশত ব্যয় কৰিছে ৮৭৬ বিলিয়ন ডলাৰ
ভাৰতীয় মুদ্ৰাৰ হিচাপত এই পৰিমাণ ৭ লাখ ২৮ হাজাৰ কোটি
আমেৰিকাৰ আছে ২১,২৭,৫০০ সেনা
INDEX অনুসৰি আমেৰিকাৰ ০.০৬৯৯
এইক্ষেত্ৰত ৰাছিয়াৰ স্ক’ৰ হৈছে ০.০৭০২
০.০৭০৬ পইণ্টেৰে ৰাছিয়াৰ কাষ চাপিছে চীনে

এই ৰেংকিঙত ভাৰতে পুনৰ অৱস্থান কৰিছে চতুৰ্থ স্থানত। সেনাৰ সংখ্যা সমৰাস্ত্ৰ বা সামৰিক সৰঞ্জামৰ মান আৰু পৰিমাণ, উৎকৰ্ষ, সেনাৰ কৌশলগত অৱস্থান আৰু সংশ্লিষ্ট দেশখনৰ আৰ্থিক, অৰ্থনৈতিক পৰিস্থিতি পৰ্যৱেক্ষণ কৰি প্ৰস্তুত কৰা হয় GLOBAL FIRE POWER INDEX।

১৪৫খন দেশৰ ভিতৰত ভাৰত ৰৈছে চতুৰ্থ স্থানত
২০০৬ চনৰ পৰাই ভাৰতে অৱস্থান কৰিছে ৪ৰ্থ স্থানতে
POWER INDEXত ভাৰতৰ স্থান ০.১০২৩
ভাৰতীয় সেনাত আছে ৫১ লাখ ৩৭ হাজাৰ ৫৫০ গৰাকী লোক
চীনা সেনাতকৈও ভাৰতীয় সেনাত আছে অধিক লোক
চীনা সেনাৰ মুঠ সংখ্যা হৈছে ৩১ লাখ ৭০ হাজাৰ লোক
২০২৩-২৪ত সামৰিক খণ্ডত চীনৰ বিনিয়োগ ২৯২ বিলিয়ন ডলাৰ
বিপৰীতে ভাৰতৰ বিনিয়োগ হৈছে ৮১.৩ বিলিয়ন ডলাৰ
ভাৰতীয় মুদ্ৰাৰ হিচাপত এই পৰিমাণ প্ৰায় ৬৮ হাজাৰ কোটি টকা

এই তালিকাত ইংলেণ্ডক পিছ পেলাই পঞ্চম স্থান দখল কৰিছে ইংলেণ্ডে। ঠিক সেইদৰে যোৱাবাৰ সপ্তম স্থানত থকা পাকিস্তানক অতিক্ৰমী জাপানে সপ্তম, তুৰস্কই অষ্টম স্থান দখল কৰিছে। তালিকাত পাকিস্তান নৱম আৰু ইটালী দশম স্থানত আছে।

সামৰিক শক্তিৰ দিশেৰে বিশ্বৰ আটাইতকৈ দুৰ্বল দেশ ভূটান
এইক্ষেত্ৰত তলৰ পৰা ২য় স্থানত মলড’ভা, ৩য় স্থানত ছুৰিডাম
ছোমালিয়া, বেনিন আছে ক্ৰমে ৪ৰ্থ, ৫ম স্থানত

সামৰিক শক্তিৰ দিশেৰে ভাৰতে ৪ৰ্থ স্থানত আছে যদিও চীনে সামৰিক খণ্ডত অধিক বিনিময়েৰে ক্ৰমাৎ আগবাঢ়ি গৈছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...