অন্ন সেৱাই হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সেৱা: মুখ্যমন্ত্রী

0 119

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৪২,৮৫,৭৪৫ গৰাকী নতুন হিতাধিকাৰীক ৰেচন কার্ড প্রদানৰ শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰীয়ে

অন্ন সেৱাই হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সেৱা: মুখ্যমন্ত্রী

ৰেচন কার্ড লাভ কৰা হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আৰু প্রধানমন্ত্রী জীৱনজ্যোতি বীমা যোজনাৰ জৰিয়তে সামৰি লোৱাৰ বাবে পদক্ষেপ ল’ব ৰাজ্য চৰকাৰে: মুখ্যমন্ত্ৰী

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৪২,৮৫,৭৪৫ গৰাকী নতুন হিতাধিকাৰীক বেচন কার্ড প্রদানৰ শুভাৰম্ভণি উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ মালিগাঁৱৰ বৰিপাৰাত আয়োজিত এক বিশাল ৰাজহুৱা অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে।

এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে পহিলা মাঘৰ দিনা অসম চৰকাৰে ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইনৰ অধীনত প্রায় ৪০ লক্ষাধিক নতুন হিতাধিকাৰীক অন্তর্ভুক্ত কবি বিনামূলীয়া অন্ন সেৱা আগবঢ়াবলৈ সিদ্ধান্ত গ্রহণ কৰিছে। এই অনুষ্ঠান আজি অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নৱগঠিত জালুকবাৰী সমষ্টিৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম বিধানসভাৰ সমষ্টি পুনৰ বিন্যাস হোৱাৰ পিছত জালুকবাৰী সমষ্টি নতুন ধৰনে গঠন কৰা হৈছে। সেই অনুসৰি উত্তৰ গুৱাহাটী টাউন সমিতিৰ ১০ টা বার্ড, গুৱাহাটী পৌৰ নিগমৰ ১,২,৩,৪,৫,৬,৭,৮,৯,১০ আৰু ১৩, আজাৰা গাওঁ পঞ্চায়ত, ধাৰাপুৰ গাঁও পঞ্চায়ত, গৰল গাঁও পঞ্চায়ত, কাহিকুছি গাঁও পঞ্চায়ত আৰু মাজিৰগাঁও গাঁও পঞ্চায়তক সামৰি জালুকবাৰী সমষ্টিটোক নতুনকৈ গঠন কৰা হৈছে। মুখ্যমন্ত্রীয়ে কয় যে নবগঠিত জালুকবাৰী সমষ্টিৰ বাবে যিসকলে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কার্ড লাভ কৰাৰ বাবে যোগ্য বুলি বিবেচিত হৈছে তেওঁলোকক এই ৰেচন কার্ড প্ৰদান কৰা হ’ব।

মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰী নিয়ম অনুসৰি যিসকলৰ হাতত ৰেচন কার্ড থাকে তেওঁলোকৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই ৫ কেজিকৈ চাউল বিনামূলীয়াকৈ লাভ কৰিব। তেওঁ কয় যে প্রত্যেক মাহৰ অন্ন সেৱা সপ্তাহত এই চাউল প্রদান কৰা হয় আৰু এই মাহৰ ৩১ তাৰিখলৈকে এই সুবিধা লাভ কৰিব। প্রতিটো অন্ত্যোদয় অন্ন যোজনাৰ পৰিয়ালে প্রতিমাহে ৩৫ কেজি চাউল আৰু অগ্রাধিকাৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই প্রতিমাহে ৫ কেজিকৈ চাউল লাভ কৰিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অনুগ্রহত ক’ভিড মহামাৰীৰ পিছৰ পৰা এই চাউল বিনামূলীয়াকৈ প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল। বর্তমান ভাৰতবৰ্ষত ৮০ কোটি জনসাধাৰণে এই বিনামূলীয়া চাউল লাভ কৰি আহিছে বুলিও মুখ্যমন্ত্রীয়ে দোহাৰে। মুখ্যমন্ত্রীয়ে লগতে কয় যে কেন্দ্রীয় চৰকাৰে অসমত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ২ কোটি ৫২ লাখ লোকক বিনামূলীয়াকৈ ৰেচন কার্ড দিয়াৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি দিছিল। অসমত ৩ কোটি ৪০ লাখ লোক আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই জনসংখ্যাৰ ২ কোটি ৫২ লাখ লোকক বিনামূলীয়া ৰেচন কার্ড প্রদান কৰিবলৈ ৰাজ্য চৰকাৰৰ কেন্দ্রই দায়িত্ব প্রদান কৰিছিল। তেওঁ কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে শাসনভাৰ লোৱাৰ সময়ত এই আচনিৰ হিতাধিকাৰীৰ সংখ্যা ২ কোটি আছিল আৰু ৰাজ্য চৰকাৰে নতুনকৈ ৪০ লক্ষাধিক লোকক এই আইনৰ অধীনত সামৰি লোৱাৰ বাবে সিদ্ধান্ত লোৱাৰ ফলত ৰাজ্যখনত খাদ্য সুৰক্ষা আইনৰ অধীনত ৪২, ৮৫,৭৪৫ গৰাকী নতুন হিতাধিকাৰীক অন্তর্ভুক্ত হৈছে। ইয়াৰ ফলত ১০,৭৩, ৪৮৯ টা নতুন পৰিয়াল উপকৃত হ’ব।

মুখ্যমন্ত্রীয়ে কয় যে পূৰ্বে ৰেচন কার্ড লাভ কৰাৰ বাবে এটা পৰিয়ালৰ বার্ষিক আয় ২ লাখ হ’ব লাগিছিল। বর্তমান ৰাজ্য চৰকাৰে এটা পৰিয়ালৰ বাৰ্ষিক আয় ৪ লাখ টকালৈ বৃদ্ধি কৰিছে বুলিও মুখ্যমন্ত্রীয়ে কয়। তেওঁ লগতে কয় যে অসমত বর্তমান দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ সংখ্যা হ্রাস পাইছে। ৩৩ হাজাৰ মাহিলি আয় কৰা পৰিয়ালকো ৰেচন কার্ডেৰে সামৰি লোৱা হৈছে। ইয়াৰ ফলত ক্ষুদ্র ব্যবসায় কৰা পৰিয়ালসমূহেও ৰেচন কার্ড লাভ কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্রীয়ে কয় যে চতুর্থবর্গত কাম কৰি অৱসৰ গ্রহণ কৰা কৰ্মচাৰীকো ৰেচন কার্ড প্রদানৰ বাবে কেবিনেটে সিদ্ধান্ত গ্রহণ কৰিছে আৰু কিছুদিনৰ ভিতৰত ২০ লাখ লোকক নতুনকৈ ৰেচন কার্ড প্রদানৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিব। ৰেচন কার্ড থকা পৰিয়ালে ৫ কেজিকৈ বিনামূলীয়াকৈ চাউল লাভ কৰাৰ উপৰি প্রধানমন্ত্রী বিনামূলীয়া উজ্জ্বলা যোজনা লাভ কৰিব। ইয়াৰ ফলত বিনামূলীয়া গেছ সংযোগ লাভ কৰিব। মুখ্যমন্ত্রীয়ে লগতে কয় যে ৰেচন কার্ড থকা পৰিয়ালসমূহে সকলোৱে আয়ুষ্মান ভাৰত বা আয়ুষ্মান অসম যোজনাৰ কার্ড লাভ কৰিব। এই কার্ড প্রদানৰ বাবে স্বাস্থ্য বিভাগৰ বিষয়াসকল ঘৰে ঘৰে যাব বুলিও তেওঁ কয়। তেওঁ কয় যে এই ৰেচন কার্ড দেখুৱালে মেডিকেল তথা নির্দিষ্ট নাৰ্ছিং হোমত ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেবা লাভ কৰিব।

বেচন কার্ড থকা পৰিয়ালসমূহক ভবিষ্যতে জীবন বীমা আৰু দুর্ঘটনা বীমাৰে সামৰি লোৱা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ৰেচন কার্ড লাভ কৰা হিতাধিকাৰীসকলক প্রধানমন্ত্রী সুৰক্ষা বীমা যোজনা আৰু প্রধানমন্ত্রী জীবনজ্যোতি বীমা যোজনাৰ জৰিয়তে সামৰি লোৱাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ ল’ব। তেওঁ লগতে কয় যে অহা বছৰ এই দুয়োখন বীমা কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ ল’ব আৰু বছৰি প্রিমিয়াম ৰাজ্য চৰকাৰে বহন কৰিব। অসমত ২৭ লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰি আহিছে আৰু ৰেচন কাৰ্ডৰ পৰিয়ালৰ সংখ্যা ৫২ লাখ। ৰাজ্য চৰকাৰে ৰেচন কার্ড থকা পৰিয়ালে যাতে অৰুণোদয় আঁচনিৰ অন্তৰ্ভূক্ত কৰিব পাৰে সেই দিশতো প্রয়াস চলাই যাব বুলিও তেওঁ কয়। কামৰূপ মহানগৰ জিলাত ১ লাখ লোকক দুই এদিনৰ ভিতৰতে ৰেচন কার্ড প্রদান কৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে কয়। মুখ্যমন্ত্রীয়ে কয় যে অন্ন সেৱাই হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সেৱা। ভাষণ প্রসংগত তেওঁ কয় যে অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা হ’ব আৰু এই কেইদিন নামঘৰ, মন্দিৰ এই সমূহত স্বচ্ছতা সেবা প্রদান কৰিব লাগে। অহা ২২ তাৰিখে যেতিয়া ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা হ’ব সেইদিনা গধুলি যাতে সকলোরে নিজৰ ঘৰত একোগছিকৈ চাকি জ্বলায় আৰু নামঘৰত যাতে নাম-কীৰ্তন কৰে তাৰ বাবেও মুখ্যমন্ত্রীয়ে জনসাধাৰনক আহ্বান জনায়।

আজিৰ এই অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্র মাৰ্ঘেৰিটা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়া, গুৱাহাটী পৌৰ নিগমৰ উপ-মেয়ৰ স্মিতা ৰয়, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ আয়ুক্ত আনন্দ কুমাৰ দাস, কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত চাত্তাবন, পৌৰ নিগমৰ পাৰিষদ, উত্তৰ গুৱাহাটী নগৰ সমিতিৰ পাৰিষদ, পঞ্চায়ত প্রতিনিধিসকলকে ধৰি গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.