বিদ্যালয়ত নাচি নাচি চুৰি কৰিলে চোৰে

ভাতখোৱা নাইবা কাঁহী-বাটি ধুই লৈ যোৱা চোৰ নহয়। এইবাৰ ওলাইছে নাচি নাচি চুৰি কৰা চোৰ। বঙাইগাঁও জিলাৰ অভয়াপুৰী ইকৰাবাৰী বীনাপানি হাইস্কুলত নাচি নাচি চুৰি কৰিলে চোৰে। চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হ’ল CCTVত। চোৰে বিদ্যালয়খনৰ বিভিন্ন সামগ্ৰী লৈ যোৱাৰ উপৰিও লণ্ড-ভণ্ড কৰি থৈ যায় আচবাব। সমগ্ৰ ঘটনা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই দাখিল কৰিছে এজাহাৰ। ঘটনাস্থলীত উত্তৰ শালমাৰা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...

আহি আছে ভাৰতৰ ৰবটিক জোৱান

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্ট...