চীনক প্ৰত্যাহ্বান জনাই ঘোষণা আমেৰিকাৰ

অৰুণাচল প্ৰদেশ ভাৰতৰে অংশ বিশেষ
পুনৰবাৰ চীনক প্ৰত্যাহ্বান জনাই ঘোষণা যুক্তৰাষ্ট্ৰ প্ৰশাসনৰ
আমেৰিকাই অৰুণাচলক ভাৰতৰ অংশ হিচাপে স্বীকৃতি দি আহিছে
প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ভিতৰলৈ আহি এলেকা দখলৰ চেষ্টা বিৰোধিতা কৰিব আমেৰিকাই

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ৯ মাৰ্চত অৰুণাচল প্ৰদেশৰ ছেলা গিৰিপথৰ তলেদি সুৰংগৰ উন্মোচন কৰিছিল। ইয়াৰ পিছতেই ছেলাক লৈ পুনৰ দাবী সাব্যস্ত কৰিছে চীনৰ ঝিংপিঙৰ চৰকাৰে। অৰুণাচল চীনৰ অংশ বুলি প্ৰতিপন্ন কৰিবলৈ উঠি-পৰি লাগিছে ৰঙা চীনৰ কমিউনিষ্ট চৰকাৰ।

চীনৰ বিদেশ দপ্তৰৰ মতে ‘জাংনান’ চীনৰ ভূখণ্ডৰ অধীনস্থ
চীনা ভাষাত অৰুণাচল প্ৰদেশক জনা যায় ‘জাংনান’ বুলি
চীনা সেনা পিএলএৰ দাবী অৰুণাচল চীনৰ ভূখণ্ড বুলি
প্ৰধানমন্ত্ৰীৰ অৰুণাচল ভ্ৰমণৰ পিছতেই চীনৰ এই তৎপৰতা

ইফালে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে চীনৰ দাবী অযুক্তিকৰ বুলি মন্তব্য দিছে। অৰুণাচল প্ৰদেশক লৈ চীনৰ বক্তব্যৰ কোনো ভিত্তি নাই বুলিও বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণবীৰ জয়ছোৱালে মন্তব্য কৰিছে। উল্লেখ্য যে অৰুণাচল প্ৰদেশক ভাৰতীয় ভূখণ্ড বুলি চীনে কেতিয়াও স্বীকৃতি দিয়া নাই। ইয়াৰ পূৰ্বে দুবাৰকৈ চীনা চৰকাৰে অৰুণাচলৰ বিভিন্ন অংশৰ নাম সলনি কৰিছিল। ২০১৭ চনত দালাই লামাৰ অৰুণাচল ভ্ৰমণৰ পিছত চীনে ৰাজ্যখনৰ ৬টাকৈ স্থানৰ নাম সলনি কৰিছিল। ২০২১ চনত ৰাজ্যখনৰ আৰু ১৫টা স্থানৰ নাম সলনি কৰাৰ লগতে অৰুণাচল চীনৰ অংশ বুলিও দাবী কৰিছিল। তাৰ মাজতে চীনা সেনাই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা পাৰ কৰি অৰুণাচলৰ অন্তৰ্ভাগত কেবাবাৰো প্ৰৱেশ কৰিছে। উল্লেখ্য যে আমেৰিকাই অৰুণাচলক সদায়ে ভাৰতৰ অংশ বিশেষ বুলি গণ্য কৰি আহিছে। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ বেদান্ত পেটেলে চীনৰ এনে কূটনৈতিক চেষ্টাৰ তীব্ৰ বিৰোধিতা কৰি মত প্ৰকাশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অৱশেষত ৬০ বছৰৰ মূৰত লাভ কৰিলে BA পাছৰ চাৰ্টিফিকেট! মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জোৰামথাংগাৰ আমোদজনক কাহিনী

গুৱাহাটী বিশ্ববিদ্যালয়ত মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মিজো নেচনেল ফ্ৰণ্টৰ...

ভাৰত-জাপানৰ সামুদ্ৰিক প্ৰতিৰক্ষা হ’ব আৰু শক্তিশালী

সামুদ্ৰিক প্ৰতিৰক্ষা ক্ষেত্ৰত সহযোগিতা অধিক গভীৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ...

অসম প্ৰিমিয়াৰ লীগৰ প্ৰাইজমানি ঘোষণা; চেম্পিয়ন দলে ৫০ লাখ, ৰানাৰ্ছআপ দলে লাভ কৰিব ২৫ লাখ

উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ...