স্মাৰ্ট চিটি গুৱাহাটীত চুৰি কাণ্ডই গঢ়িছে অভিলেখ

ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে চুৰিৰ ঘটনা। মহানগৰীৰ থানাত ৰুজু হোৱা চুৰিৰ ঘটনাই সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰিছে। বিগত ৮ মাহত প্ৰায় ডেৰ সহস্ৰাধিক গোচৰ ৰুজু মহানগৰীৰ থানাত। চুৰি কাণ্ড ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ মহানগৰ আৰক্ষী। আৰক্ষীৰ পাপা পেট্ৰলিঙৰ অভাৱত চোৰে চলাই গৈছে লুট–পাত।

স্মাৰ্ট চিটি গুৱাহাটীত চুৰি কাণ্ডই গঢ়িছে অভিলেখ। গুৱাহাটীৰ থানাই থানাই ৰুজু চুৰিৰ সহস্ৰাধিক গোচৰ। দিছপুৰ থানাতে সৰ্বাধিক ৰুজু হৈছে ৪২৪ টা চুৰিৰ গোচৰ। ১৯৫টা গোচৰেৰে দ্বিতীয় সৰ্বাধিক স্থানত বশিষ্ঠ থানা । তৃতীয়তে পল্টনবজাৰ থানাত চুৰিৰ গোচৰ ৰুজু ১৪১টা । ১১৯টা গোচৰেৰে তালিকাৰ চতুৰ্থত জালুকবাৰী থানা। হাতীগাওঁ থানাত ৰুজু ৮৫টা , ফটাশীলত ৰুজু ৬৪ টা গোচৰ। গীতানগৰত ৭৫টা, পানবজাৰত ৭৬টা, ভৰলুমুখত ৬৯টা গোচৰ ৰুজু। ভঙাগড়ত ৬১টা, গড়চুকত ৬৬টা, চানমাৰীত ৬৮টা চুৰিৰ গোচৰ ৰুজু । নুনমাটি, সোণাপুৰ, সাতগাওঁ, লতাশীল, আজাৰা, ক্ষেত্ৰীটো চুৰিকাণ্ডৰ গোচৰ ৰুজু । চোৰৰ লুট-পাত, চিলনী চোৰৰ সন্ত্ৰাসত আতংকিত মহানগৰীৰ বাসিন্দা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...