পৰম্পৰাৰ আগত মানৱ ধৰ্মৰ বিজয়ৰ কাহিনী। ছিপাঝাৰৰ এটা ভেলাঘৰ বিশেষভাৱে চৰ্চ্চালৈ আহিছে। বছৰ বছৰ ধৰি ভেলাঘৰটি নিৰ্মাণ কৰি আহিছে গঞাই। নিৰণ নামৰ চুবাটিত এই ভেলাঘৰতে ভোজভাত খোৱাৰ পৰম্পৰা বহুযুগীয়া। এই ভেলাঘৰতে ভোজ ভাত খাই ৰং ৰহইছ কৰে গঞাই। উৰুকাৰ দিনা ভোজ ভাত খোৱাৰ পাছত জ্বলোৱা হয় এই ভেলাঘৰ। কিন্তু এইবাৰ হ’ল ব্যতিক্ৰম। ভংগ হ’ল বহুদিনীয়া পৰম্পৰা। ভেলাঘৰ নজ্বলিল।
এফালে পৰম্পৰা…
আনফালে প্ৰকৃতিপ্ৰীতি…
পৰম্পৰাৰ আগত মানৱ ধৰ্মৰ বিজয়ৰ কাহিনী…
বছৰ বছৰ ধৰি এই ভেলাঘৰটি নিৰ্মাণ কৰি আহিছে গঞাই। চুবাটিত এই ভেলাঘৰতে ভোজভাত খোৱাৰ পৰম্পৰা বহুযুগীয়া। এই ভেলাঘৰতে ভোজ ভাত খাই ৰং ৰহইছ কৰে গঞাই। উৰুকাৰ দিনা ভোজ ভাত খোৱাৰ পাছত জ্বলোৱা হয় এই ভেলাঘৰ। কিন্তু এইবাৰ হ’ল ব্যতিক্ৰম। ভংগ হ’ল বহুদিনীয়া পৰম্পৰা। ভেলাঘৰ নজ্বলিল। আজিও একেদৰেই ৰ’ল এই ভেলাঘৰ। উৰুকাৰ ভোজৰ সকলো ব্যৱস্থা কৰিও বিৰত থাকিল ভোজ ভাতৰ পৰা। কাৰণ এই ভেলাঘৰতে উৰুকাৰ দুদিন আগত দেখা গ’ল এহাল কপৌ। কপৌ হালে পাৰিছে কণী। উৰুকাৰ ভোজ খাম বুলি ভবা গঞা বিমোৰত পৰিল। চলিল আলোচনা। শেষত সিদ্ধান্ত ‘আমি ভেলাঘৰটো নজ্বলাওঁ’
উৰুকাৰ ভোজ ভাতৰ আনন্দতকৈও এইসকল গঞাই প্ৰাধান্য দিলে এহাল কপৌৰ নিৰাপত্তা।
এইবাৰ উৰুকাৰ ভোজ খোৱা নহ’ল। কিন্তু এইসকলৰ অন্তৰ ভৰিছে প্ৰশান্তিৰে। ‘ভালৰ বাবেই কিবা এটা কৰিছোঁ’।