চাকৰি হেৰুৱাব ৬৮০ জন আৰক্ষীয়ে

চাকৰিৰ পৰা বিদায় দিবলৈ তালিকা প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে

অসম আৰক্ষী সংস্কাৰৰ বাবে চৰকাৰৰ কঠোৰ পদক্ষেপ। অদক্ষ সুৰাপায়ী, পেটুৱা আৰক্ষী বিভাগটোৰ বাবে বোজা হৈ পৰিছে। গতিকে এইসকল আৰক্ষীক বিদায় দিবলৈ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে। ইতিমধ্যে প্ৰথমখন তালিকা সাজু হৈছে। ইয়াৰ পূৰ্বে DGP জি পি সিঙৰ শেষ সকীয়নি

পেটত কমাওঁক, চাকৰি বচাওঁক

মদ খাই ডিউটিত নকৰিব টলং ভটং

তালিকা প্ৰস্তুত। ৬৮০ জন পেটুৱা আৰু সুৰাপায়ী আৰক্ষীক বিদায় দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। স্বয়ং DGP জি পি সিঙে ঘোষণা কৰিলে এই কথা। এবছৰৰ ভিতৰত স্বাস্থ্য থিক কৰিব লাগিব। নহ’লে হেৰুৱাব লাগিব চাকৰি।

অসম আৰক্ষীত দেধাৰ আছে সুৰাপায়ী আৰু পেটুৱা আৰক্ষী। কামত অদক্ষ এইসকল আৰক্ষী। উদাহৰণ ওলায়েই থাকে এই সকল আৰক্ষীৰ ক্ষেত্ৰত।

বিভিন্ন সময়ত বিভাগটোক সমালোচনাৰ পাত্ৰ হৈ পৰিছে এইসকল আৰক্ষীৰ বাবে। গতিকে আৰক্ষীৰ ফিটনেছৰ ওপৰত গুৰুত্ব চৰকাৰৰ। কেইদিনমান পূৰ্বে অদক্ষ আৰক্ষীক বিদায় দিয়াৰ সন্দৰ্ভত মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীৰ ঘোষণা কাৰ্যকৰী কৰাৰ দিশে আগবাঢ়িছে বিভাগটো। DGP জি পি সিঙে এই কথাৰেই ইংগিত দিলে। এতিয়া আৰক্ষীৰ ওপৰত নিৰ্ভৰ কৰিব স্বাস্থ্য আৰু স্বভাৱ থিকে ৰাখি আৰক্ষীত থাকিব নে বাধ্যতামূলক অৱসৰ লৈ ঘৰতে থাকিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...