অশোক সিংহল
প্ৰায় ডেৰ হাজাৰ বছৰৰ দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত আজি, ২০২৪ চনৰ ২২ জানুৱাৰী তাৰিখে অযোধ্যাত থকা নিজ জন্মভূমিত ৰামলালাক আনুষ্ঠানিকভাৱে পুনৰ স্থাপন কৰাৰ লগে লগেই আমাৰ দেশ ভাৰতবৰ্ষই নিজৰ সহস্ৰাব্দ গৰকা হৃত গৌৰৱ, শক্তি আৰু প্ৰতিপত্তি পুনৰ লাভ কৰিবলৈ সক্ষম হব। মন্দিৰ আৰু ধৰ্মীয় অনুষ্ঠান ধ্বংস কৰা বা জ্বলোৱাক এটা ধৰ্মৰ মনোবল আৰু বিশ্বাস দুৰ্বল কৰাৰ আটাইতকৈ সহজ উপায় বুলি গণ্য কৰা আক্ৰমণাত্মক ইছলামিক সেনা আৰু লুটপাতকাৰীৰ হাতত হিন্দু আৰু দেশৰ নীতি-নিয়ম আৰু বিশ্বাসৰ ওপৰত শতিকাজুৰি চলি থকা আধিপত্যৰ আজি অৱসান ঘটিব। ভাৰতৰ দৰে মহান দেশৰ মানুহৰ বাবে মন্দিৰ আৰু পুথিভঁৰালৰ দৰে পৱিত্ৰ অনুষ্ঠান ধ্বংস কৰাটো বিদেশী ফিলিষ্টাইন সংস্কৃতিৰ প্ৰতিফলনৰ বাদে আন একো নাছিল, কিয়নো আমাৰ দেশৰ কোনো ৰজাই কেতিয়াও বিদেশী ভূমি আক্ৰমণ কৰি তেওঁলোকৰ ধৰ্মীয় প্ৰতীক আৰু ধন-সম্পত্তি নিজৰ কৰি ল’বলৈ আগ্ৰহী নাছিল। সেইটোৱেই আছিল ভাৰতীয়তাৰ সাৰমৰ্ম।
যিহেতু আজিৰ দিনটো মোৰ লগতে আন বহুতৰ বাবে দেশৰ সৰ্বকালৰ আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় অনুষ্ঠান হ’ব, এয়াও নিশ্চিত যে সাংস্কৃতিক, ৰাজনৈতিক আৰু ঐতিহাসিকভাৱে ই আমাৰ জাতিৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ পৰিঘটনাবোৰৰ ভিতৰতো অন্যতমৰূপে পৰিগণিত হব।
ইছলামিক আৰু ইংৰাজ শাসনৰ পাছত যুগ যুগ ধৰি অৱদমিত হৈ থকা ভাৰতীয়সকলৰ মনোজগতখনে অৱশেষত আজিৰ দিনটোত মুক্তি লাভ কৰিব। এই ঘটনাই এক পুনৰুত্থানশীল সভ্যতা আৰু মানৱতাৰ পুনৰুদ্ধাৰৰ বিষয়ে সমগ্ৰ বিশ্বক সংকেত প্ৰদান কৰিব। ই কেৱল এগৰাকী দেৱতাক ঐশ্বৰিক তাৎপৰ্য্যৰে ভূষিত কৰাৰ ক্ষেত্ৰ নহ’ব, বৰঞ্চ ই দেশৰ প্ৰতিপত্তি আৰু মৰ্যাদাক উজলাই তোলাৰ সমাৰ্থক হব। বাওঁপন্থী বুৰঞ্জীবিদ বা তথাকথিত বুদ্ধিজীৱীসকলৰ অধিকাংশই বিশ্বাস কৰা মতে ৰাম মন্দিৰ কেৱল হিন্দুসকলৰ দাবী নাছিল – ই আছিল নিজৰ ভাৰতীয়ত্ব, নিজৰ সভ্যতা আৰু নিজৰ অখণ্ডতা পুনৰ ঘূৰাই অনাৰ বাবে উচ্চাৰিত ১৪০ কোটি ভাৰতবাসীৰ সন্মিলিত দাবী।
মইও আজি কোটি কোটি সহযোগী ভাৰতবাসীৰ সৈতে প্ৰাৰ্থনাত যোগ দিম। একে সময়তে, এই গৌৰৱ পুনৰুদ্ধাৰৰ সংগ্ৰামৰ সৈতে মোৰ সম্পৰ্কৰ কথা, ১৯৯২ চনৰ ৬ ডিচেম্বৰৰ আগৰ সপ্তাহকেইটাৰ কথাও মই গৌৰৱেৰে মনত পেলাম।
ছাত্ৰাৱস্থাৰে পৰাই মই পুনৰুত্থানশীল ভাৰতৰ সাংস্কৃতিক নৱজাগৰণত বিশ্বাস কৰা মতাদৰ্শৰে ৰাজনৈতিকভাৱে সক্ৰিয় আছিলো। এয়া মোৰ বাবে কেৱল এক মতাদৰ্শ নাছিল – এয়া আছিল ভাৰতবৰ্ষৰ গৌৰৱময় ইতিহাসৰ ওপৰত থকা মোৰ অখণ্ড বিশ্বাস, যি ইতিহাসৰ বিষয়ে অবিকৃত ৰূপত মই শৈশৱতেই জ্ঞাত হোৱাৰ সুযোগ লভিছিলোঁ। অযোধ্যাৰ মছজিদৰ ভিতৰত আবদ্ধ হৈ থকা ৰাম মন্দিৰৰ কথা মানুহক সোঁৱৰাই দিয়াৰ উদ্দেশ্যে ১৯৮৫ চনতে মই ৰাম জানকী ৰথযাত্ৰাত যোগদান কৰিছিলোঁ। ১৯৮৯ চনত, মোৰ ২১ বছৰ বয়সত ৰাম শিলা পূজনৰ আয়োজনত মই অগ্ৰণী ভূমিকা পালন কৰিছিলো, য’ত প্ৰতিখন গাঁৱৰ পৰা এটা ইটা আৰু টোকেন হিচাপে ১.২৫ টকাৰ বৰঙনি অযোধ্যালৈ লৈ যোৱা হৈছিল। অনুষ্ঠানটোৰ তাৎপৰ্য কোনেও পাহৰি যোৱা নাছিল। ই জনসাধাৰণৰ মাজত নিজৰ হেৰোৱা আত্মাক পুনৰ জগাই তুলিলে। আনকি অসমৰ মানুহো কম উৎসাহী নাছিল। এতিয়া সেই সৰু-ডাঙৰ খোজবোৰলৈ ঘূৰি চালেই বুজি পাওঁ যে ৰাম মন্দিৰৰ পৱিত্ৰ নিৰ্মাণকাৰ্যত এটা এটাকৈ ইটা সযতনে গাঁথি যোৱাৰ দৰে আজিৰ এই গৌৰৱময় মুহূৰ্তটোৰ আঁৰত সেই তেতিয়াৰ পৰা আৰম্ভ কৰি এটা এটা মুহূৰ্তৰ অৰিহণা আছিল।
সেই বছৰতে অক্টোবৰ মাহত বিশ্ব হিন্দু পৰিষদ, যাৰ ময়ো সদস্য আছিলোঁ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু অন্যান্য সমমনা সংগঠনে কৰ সেৱাৰ বাবে আহ্বান জনাইছিল। ১৯৯০ চনৰ ২৪ অক্টোবৰত, এগৰাকী বাইছ বছৰীয়া যুৱক হিচাপে মই মোৰ সতীৰ্থ ভাতৃসকলৰ সৈতে যোগ দি ৩০ অক্টোবৰত অযোধ্যাত মন্দিৰ নিৰ্মাণ আৰম্ভ কৰিবলৈ হ’বলগীয়া কৰ সেৱাত অংশগ্ৰহণ কৰিলোঁ। প্ৰত্যাহ্বান আছিল যদিও আমি দৃঢ়প্ৰতিজ্ঞ আছিলো। যদিও আমি আমাৰ প্ৰথম পৰিকল্পনাত সফলকাম নহলোঁ, তথাপিও আমাৰ এই পদক্ষেপে ১৯৯২ চনৰ ৬ ডিচেম্বৰৰ গুৰুত্বপূৰ্ণ দিনটোৰ ভেটি স্থাপনত উল্লেখনীয় ভূমিকা পালন কৰিলে। হাজাৰ হাজাৰ কৰ সেৱকৰ ঐশ্বৰিক শক্তিয়ে বাবৰি মছজিদৰ ভেঁটি কঁপাই যি আধাৰশিলা স্থাপন কৰিলে, তাৰেই ভেঁটিত আজি অযোধ্যাৰ পৱিত্ৰ ৰাম মন্দিৰ গঢ়ি উঠিল।
আজিলৈকে ৰাজ্যখনৰ বহুতেই নাজানে যে আধুনিক ভাৰতীয় ইতিহাসত ডাঙৰ প্ৰভাৱ পেলাব পৰা ঐতিহাসিক আন্দোলনৰ অংশ হ’বলৈ নিয়তিয়ে সুযোগ প্ৰদান কৰা অসমৰ মুষ্টিমেয় লোকসকলৰ ভিতৰত মইও এজন আছিলোঁ।
যদি কোনোবাই এই অনুষ্ঠানৰ তাৎপৰ্য্য বিশ্লেষণ কৰিব খোজে, তেন্তে ই মন্দিৰৰ চাৰিসীমাৰ বহু ওপৰলৈ গৈ আমাৰ ব্যক্তিগত জীৱনত বিয়পি পৰে। শক্তি, মমতা, মানৱতাৰ দৰে অনিবৰ্চনীয় মানৱীয় আচৰণৰ পৰা নম্ৰতা, সততা আৰু ক্ষমাক প্ৰতিনিধিত্ব কৰা ভগৱান ৰামৰ জীৱন চৰ্যাক আমি আমাৰ দৈনন্দিন আচৰণত প্ৰতিবিম্বিত কৰিব লাগিব। প্ৰতিজন ভাৰতীয়ৰ এই মানৱীয়তাকেই আমি আজিৰ এই ঐতিহাসিক অনুষ্ঠানৰ কাংক্ষিত প্ৰাপ্তি হিচাপে লক্ষ্য কৰি লোৱা উচিত।
যদি দেশৰ বিৰোধীয়ে ভাৰতীয় জনতা পাৰ্টি বা সংঘ পৰিয়ালে ৰামক লৈ ৰাজনীতি কৰিছে বুলি দাবী কৰিছে, তেন্তে সেয়া তেওঁলোকে কৰা এক গুৰুতৰ ভুল। তেওঁলোকে আৰম্ভণিৰে পৰাই কেতিয়াও ভগৱান শ্ৰীৰামৰ সত্তাৰ তাৎপৰ্য্য বুজি পোৱা নাই। প্ৰভু শ্ৰীৰাম মানৱ মৰ্যাদাৰ উচ্চতম ৰূপৰ প্ৰতীক। তেওঁ সকলোৰে, যেনেকৈ কোৱা হয়- ৰাম সব কে, সবকে আপনে আপনে ৰাম (ৰাম সকলোৰে, প্ৰত্যেকৰে নিজা নিজা ৰাম আছে)। এয়া একো আচৰিত হবলগীয়া কথাই নহয়। যিদৰে প্ৰান্তে প্ৰান্তে ৰামায়ণৰ বহুবোৰ ৰূপ আছে, তেনেকৈ ৰামৰো অজস্ৰ অৱতাৰ আছে – প্ৰত্যেকেই নিজগুণে মহিমামণ্ডিত।
আমি বিজেপিত গৌৰৱেৰে সবকা সাথ, সবকা বিকাশৰ উন্নয়নৰ ৰাজনীতিক লৈ খেলা কৰিছোঁ, ধৰ্মক লৈ নহয়। বিৰোধী দলবোৰেহে ধৰ্মীয় তুষ্টিৰ খেল খেলে আৰু ইয়াক কেন্দ্ৰ কৰি ৰাজনীতি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰত বৰ্তমান চৰকাৰৰ যোৱা দশকত যি প্ৰচণ্ড অৰ্থনৈতিক বিকাশ আৰু নিপীড়িত লোকৰ উত্থান সম্ভৱ হৈছে, সেয়া আমি কেনেধৰণৰ ‘ধৰ্ম’ পালন কৰোঁ তাৰ সাক্ষ্য। প্ৰতিগৰাকী নাগৰিক আৰু দেশৰ বিকাশৰ আহ্বান জনোৱাই হৈছে আমাৰ ধৰ্ম। ই অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্বাস কৰা একেই ৰাজনৈতিক মতাদৰ্শৰে প্ৰতিবিম্ব। আমাৰ ৰাজ্যৰ উন্নয়নৰ জয়যাত্ৰাই মানৱ বিকাশৰ এই প্ৰথাৰ সাক্ষ্য প্ৰদানৰ বাবে যথেষ্ট।
আজি যেতিয়া বিশ্বই ভগৱান ৰামৰ জয়ধ্বনি দিয়াৰ লগতে আমি ৰামৰাজ্য বুলি কোৱা তেওঁৰ জনমুখী নীতিৰ গুণগান গায়, তেতিয়া মোৰ মনলৈ দৃঢ়তাৰে এই কথাই আহে যে মহান মৰ্যাদা-পুৰুষোত্তম প্ৰভু ৰামৰ আদৰ্শ তেওঁৰ গৃহভূমিত প্ৰতিষ্ঠা কৰাৰ বাবে এই অমৃতকালত প্ৰধানমন্ত্ৰী মোদীয়ে আমাৰ দেশক সন্মুখৰ পৰাই নেতৃত্ব প্ৰদান কৰিছে।