নলবাৰীৰ কৃষক তপন দত্ত বৰুৱাক ‘অংকুৰিত অসম কৃষি ৰত্ন বঁটা’ প্রদান কৃষিমন্ত্ৰীৰ

কৃষিসহ ৬টা খণ্ডত উৎকৃষ্ট সাফল্য দেখুওৱা ১৮ কৃষককো বঁটা প্ৰদান

ৰাজ্যৰ কৃষক আৰু কৃষি উদ্যমীক উৎসাহ যোগোৱাৰ উদ্দেশ্যে অহৰহ কাম কৰি অহা স্বেচ্ছাসেবী সংগঠন ‘অংকুৰিত অসম’ৰ উদ্যোগত দেওবাৰে প্ৰদান কৰা হয় ২০২৪ বৰ্ষৰ কৃষি বঁটা। এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ৪ শতাধিক কৃষকৰ উপস্থিতিত প্রদান কৰা হয় বঁটাসমূহ। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি কৃষিমন্ত্রী অতুল বৰাই ৰাজ্যৰ কৃষিখণ্ডত এক নীৰৱ বিপ্লৱ চলা বুলি মন্তব্য কৰে। চৰকাৰে কিদৰে কৃষি ক্ষেত্ৰত সহায় কৰিছে তাৰ ওপৰত আলোকপাত কৰাৰ লগতে শেহতীয়াকৈ অসমৰ পৰা কৃষিজাত সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি পোৱাক লৈ সন্তুষ্টি প্রকাশ কৰে কৃষিমন্ত্ৰী বৰাই। ‘অংকুৰিত অসম কৃষি বঁটা’ৰ মনোনয়নত অংশ লোৱা প্ৰায় আঢ়ৈ হাজাৰৰো অধিক কৃষকৰ মাজত নলবাৰীৰ কৃষক তপন দত্ত বৰুৱাক বঁটাৰ জুৰী কমিটীয়ে ৰাজ্যৰ ২০২৩ বৰ্ষৰ শ্রেষ্ঠ কৃষকৰূপে ‘অংকুৰিত অসম কৃষি ৰত্ন বঁটা’ৰ বাবে নিৰ্বাচিত কৰে। বঁটা হিচাপে তেওঁক ফুলাম গামোচা, স্মাৰক, মানপত্র, গছৰ পুলিৰ লগতে ৫০ হাজাৰ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হয়।

আনহাতে কৃষি, উদ্যান শস্য, পশুপালন, মীন পালন, ৰেচম আৰু কৃষি উদ্যমীতা- এই ৬টা শিতানৰ প্রতিটোতে শ্রেষ্ঠ তিনিজন কৃষকক ক্রমে ৩৫,০০০ টকা, ২৫,০০০ টকা, ১৫,০০০ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হয়। এই অনুষ্ঠানৰ আন বঁটাপ্রাপ্ত কৃষকসকল হৈছে- মজিবুৰ ৰহমান, বেনু বৰা, সচিদানন্দ বৰদলৈ, প্রভাকৰ ডেকা, বাবাজান ভূঞা, নলিনী দাস, প্রশান্ত শর্মা, গৌতম শর্মা, তন্ময় জ্যোতি নাথ, হবেন চন্দ্ৰ বৰা, নিত্যানন্দ বার্মা, হবেন্দ্র নাথ ৰাভা, অজিত দাস, পৱন ফুকন, জিষ্ণু ৰাম ৰায়, বাবুৰাম বসুমতাৰী, প্রমিলা বুঢ়াগোহাঁই, প্রশান্ত শইকীয়া। জুৰিৰ বিশেষ বঁটা পাবলৈ সক্ষম হোৱা কৃষকসকল হৈছে- সুমন্ত বৰুৱা, শ্রীমতী পুন্য কোঁৱৰ, ধনীৰাম চেতীয়া, পূর্ণকান্ত বড়ো, পদ্মেশ্বৰ নাথ, দেৱৰাজ স্বর্গীয়াৰী, ৰোহিত চাহু, বিশ্বজ্যোতি কাকতি লভিতা ডেকা গোস্বামী, উৎপল বৰা, মীনাক্ষী শইকীয়া আৰু পংকজ বৰুৱাই।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি বিশিষ্ট সাহিত্যিক, সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে ৰাজ্যত চন পৰি থকা পথাৰসমুহ ব্যৱহাৰৰ বাবে চৰকাৰক ব্যৱস্থা ল’বলৈ আহ্বান জনায়। অসমত প্রায় ৪ নিযুত হেক্টৰ কৃষিভূমি এনেয়ে পেলাই ৰখাটো অপৰাধ বুলিও মন্তব্য মনোজ কুমাৰ গোস্বামীৰ। ইফালে বঁটা প্রদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ লৈ ‘অৰণ্য মানৱ’ যাদৱ পায়েঙে মানৱ জাতিক ৰক্ষাৰ বাবে ক্রমশঃ ক্ষয়মান প্রকৃতি সংৰক্ষণ কৰিবলৈ প্ৰতিটো বছৰতে সমগ্র বিশ্বজুৰি ৭ দিনৰ লকডাউন দিয়াৰ বাবে আহ্বান জনায়। অনুষ্ঠানৰ আৰম্ভণিতে ‘অংকুৰিত অসম’ৰ হৈ আদৰণি ভাষণ দিয়ে সংগঠনটোৰ উপদেষ্টা তথা জ্যেষ্ঠ সাংবাদিক প্রণয় বৰদলৈয়ে। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়া, পৰাগমণি আদিত্য, অসম পশুধন উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, অসম গৌৰৱ ড০ যোগেশ দেউৰী, ৰাজ্যৰ কৃষি সঞ্চালক ভাস্কৰ পেণ্ড, উদ্যান শস্য বিভাগৰ সঞ্চালক ত্ৰিৰংগ ভাবতী, অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ ডীন ডাঃ বিবেকানন্দ শইকীয়া, নেডফিৰ কাৰ্যবাহী সঞ্চালক জিব কুমাৰ বৰুৱা, নাবাৰ্ডৰ সহ প্ৰৱন্ধক শংকৰ দাস, বিটিআৰৰ ৰেচম বিভাগৰ সঞ্চালক ডমৰ গুৰং আদিয়ে বিশিষ্ট অতিথিৰূপে অংশগ্রহণ কৰে। অনুষ্ঠানত ‘অংকুৰিত অসম’ৰ সম্পাদক ৰমেশ পাণ্ডে ছেত্রীয়ে ৰূপ কোঁৱৰৰ ‘অসমীয়া ডেকাৰ উক্তি’ শীর্ষক কবিতা আবৃতি কৰে। সংগঠনটোৰ সভাপতি নাছেৰ হুছেইনে শলাগব শৰাই আগবঢ়োৱাৰ পূৰ্বে অনুষ্ঠানত কেবাটাও গীত পৰিৱেশন কৰে কাল্টিভেটৰ শীৰ্ষক বেণ্ডৰ কণ্ঠ শিল্পী অৰূপ বৰুৱাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...