অসম আৰক্ষীক দেশৰ ভিতৰত অন্যতম শক্তিশালী স্মার্ট আৰক্ষী বাহিনীলৈ ৰূপান্তৰিত কৰাৰ পোষকতা

0 58

কেন্দ্রীয় গৃহমন্ত্রী আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত ২৫৫১ গৰাকী অসম আৰক্ষী কামাণ্ডোৰে অংশগ্রহণ কৰিলে দীক্ষান্ত সমাৰোহ

সমসাময়িক প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ ২৫৫১ গৰাকী কামাণ্ডোৱে অসম আৰক্ষীলৈ বৃহৎ অৰিহণা আগবঢ়াবলৈ সক্ষম হ’বঃ মুখ্যমন্ত্রী

এই কামাণ্ডো বেটেলিয়নৰ জোৱানসকলে অসমৰ সৈতে সংলগ্ন চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সীমান্তৱৰ্তী অঞ্চলসমূহত দ্বিতীয় লাইনৰ নিৰাপত্তাৰক্ষী হিচাপে কাম কৰিবঃ মুখ্যমন্ত্রী

অসম আৰক্ষীক সকলোধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ আৰু দেশৰ ভিতৰত অন্যতম শক্তিশালী স্মার্ট আৰক্ষী বাহিনীলৈ ৰূপান্তৰিত কৰাৰ দিশত আন এক সবল পদক্ষেপ হিচাপে নবগঠিত অসম আৰক্ষীৰ ৫ টা কামাণ্ডো বেটেলিয়নৰ ২৫৫১ গৰাকী কামান্ডোৰে সৰুসজাই ষ্টেডিয়ামত আয়োজিত দীক্ষান্ত সমাৰোহত অংশগ্রহণ কৰে। অনুষ্ঠানত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মুখ্য অতিথি আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।

উল্লেখ্য যে এই নবগঠিত পাঁচটা কমান্ডো বেটেলিয়ন হ’ল হাইলাকান্দি জিলাৰ বিৰছিমাত থকা ২য় অসম কমাণ্ডো বেটেলিয়ন (অপাৰেচন), কাৰ্বি আংলং জিলাৰ ডোডোলিত থকা ৩য় অসম কমাণ্ডো বেটেলিয়ন (অপাৰেচন), শিৱসাগৰ জিলাৰ গেলেকীস্থিত চতুর্থ অসম কমাণ্ডো বেটেলিয়ন (অপাৰেচন), বিশ্বনাথ জিলাৰ পাভৈস্থিত ৫ নং অসম কমান্ডো বেটেলিয়ন (আর্বান অপাৰেচন এণ্ড ল এণ্ড অৰ্ডাৰ) আৰু শদিয়াৰ অম্বিকাপুৰত থকা ৬নং অসম কমান্ডো বেটেলিয়ন (আর্বান অপাৰেচন এণ্ড ল এণ্ড অৰ্ডাৰ)। ৰাজ্যখনৰ আৰক্ষী কমাণ্ডোসকলৰ বাবে পূৰ্বৰ প্ৰশিক্ষণ আৰ্হিৰ পৰা আঁতৰি আহি এই পাঁচটা নতুন কমান্ডো বেটেলিয়নৰ কমাণ্ডোসকলে ভাৰতীয় সেনাবাহিনীৰ অধীনত ৪০ সপ্তাহৰ প্ৰথম পৰ্যায়ৰ কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। তাৰ পিছত তেওঁলোকক দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আইনী জ্ঞান আৰু আনুষংগিক বিষয়সমূহৰ ওপৰতো তিনিমাহ ধৰি প্ৰশিক্ষণ দিয়া হয়।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রীয়ে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্রতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ২৫৫১ গৰাকী কামাণ্ডোক শুভেচ্ছা জ্ঞাপন কৰে। সফলভাবে প্রশিক্ষণ সম্পূৰ্ণ কৰা কামাণ্ডোসকলে ৰাজ্যখনৰ আৰক্ষী বিভাগক অধিক গতিশীল কৰাৰ দিশত বিশেষ ভূমিকা ল’বলৈ সক্ষম হ’ব বুলিও মুখ্যমন্ত্রীয়ে কয়। আইন-শৃংখলা ৰক্ষাৰ লগতে অন্যান্য বিষয়সমূহৰ সৈতে অসম আৰক্ষীয়ে যাতে অধিক কার্যদক্ষতাৰে মোকাবিলা কৰিব পাৰে সেই উদ্দেশ্যেৰে ৫টা নতুন কামাণ্ডো বেটেলিয়ন গঠন কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই ২৫৫১ গৰাকী কামাণ্ডোৰ সংযোজনে অসম আৰক্ষীক বহু পৰিমাণে শক্তিশালী কৰি তুলিব। তেওঁ লগতে কয় যে এই কামান্ডোসকলে যিকোনো প্রত্যাহ্বানৰ সৈতে অতি দক্ষতাৰে মোকাবিলা কৰিবলৈ এক শক্তিলৈ ৰূপান্তৰিত হ’ব। তেওঁ লগতে কয় যে এই কামাণ্ডো বেটেলিয়নৰ জোৱানসকলে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সীমান্তৱতী অঞ্চলসমূহত দ্বিতীয় লাইনৰ নিৰাপত্তাৰক্ষী হিচাপে কাম কৰিব।

স্বাধীনতাৰ পৰৱৰ্তী সময়ছোৱাত অসম আৰক্ষীয়ে দেখুওৱা পাৰদৰ্শিতাৰ কথা আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে আত্মবিশ্বাস প্রকাশ কৰি কয় যে ২৫৫১ জন কামাণ্ডোরে পেছাদাৰী মানসিকতাৰে অসম আৰক্ষীৰ গৌৰৱময় পৰম্পৰা অব্যাহত ৰখাত অৰিহণা যোগাবলৈ সক্ষম হ’ব। তেওঁ লগতে কয় যে এই কামান্ডোসকলক অতি স্বচ্ছ আৰু নিকা প্রক্রিয়াৰে নিযুক্তি দিয়া হৈছে। ইয়াৰ জৰিয়তে চৰকাৰী খালী পদ পূৰণৰ ক্ষেত্ৰত মেধা ভিত্তিক নিযুক্তিৰ প্ৰতি থকা ৰাজ্য চৰকাৰৰ দায়বদ্ধতাকে সূচাইছে বুলি তেওঁ মন্তব্য কৰে।

মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ মাৰ্গ দর্শন আৰু সদিচ্ছাৰ বাবেই ৰাজ্যখনৰ বহু দশকৰ পিছত শান্তি উভতি আহিছে। আলফাকে ধৰি সকলো বিদ্রোহী গোটৰ সৈতে আলোচনাৰ প্ৰক্ৰিয়া সূচনা হোৱাৰ বাবে এয়া সম্ভৱ হৈ উঠিছে বুলি তেওঁ কয়। বিদ্রোহাত্মক কার্যকলাপ হ্রাস পোৱাৰ বাবে মাত্র ৪ খন জিলাতে সশস্ত্রবাহিনীৰ বিশেষ ক্ষমতা আইন বলবৎ হৈ আছে বুলিও তেওঁ কয়।

মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যখনত অপৰাধজনিত ঘটনা বিশেষকৈ মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ যথেষ্ট হ্রাস পাইছে। বাল্যবিবাহ আৰু ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ লগতে অসম আৰক্ষীৰ তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাক দুর্নীতিৰ বিৰুদ্ধে দৃঢ়তাৰে ব্যৱস্থা ল’বলৈ নির্দেশ দিয়া হৈছে বুলিও তেওঁ কয়।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে স্মার্ট আৰক্ষী বাহিনী গঢ়ি তোলাৰ বাবে জনোৱা আহ্বানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে গুৱাহাটীৰ সমীপত ৰাষ্ট্ৰীয় ফ’ৰেন্সিক বিজ্ঞান বিশ্ববিদ্যালয় নিৰ্মাণৰ পদক্ষেপ লোৱাৰ উপৰি আৰক্ষী বিষয়াক ফ’ৰেন্সিক তথ্য সংগ্ৰহৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰাজিৰ বাবেই আগন্তুক দিনত অসম আৰক্ষী দেশৰ ভিতৰতে অন্যতম এক শক্তিশালী আৰক্ষী বাহিনী হিচাপে পৰিগণিত হ’ব। এই অনুষ্ঠানত আৰক্ষী সঞ্চালকপ্রধান জি পি সিং উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.