ৰেচন কাৰ্ড থাকিলে পাব বছৰি ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা

ওদালগুৰি জিলাৰ বিকাশৰ এক নতুন মাত্রা সংযোজনেৰে কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে

ওদালগুৰি জিলাৰ বিকাশৰ এক নতুন মাত্রা সংযোজনেৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে, ওদালগুৰিবাসীৰ মাজলৈ বিকাশৰ ভাগীৰথী বোঁৱাই অনাৰ লক্ষ্যৰে আজি ৰাজ্য চৰকাৰে কেইবাটাও প্ৰকল্পৰ শুভ আৰম্ভণি আৰু আধাৰশিলা স্থাপনৰ জৰিয়তে সমগ্ৰ জিলাখনৰ বিকাশৰ গতি অধিক ত্বৰান্বিত কৰিব বিচাৰিছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে প্ৰতিটো প্ৰান্তৰ সম উন্নয়নক অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ফলত উন্নয়নৰ গতি যি দিশেৰে আগবাঢ়িছে সেয়া অধিক প্ৰাণৱন্ত হ’ব আৰু ৰাইজৰ অসুবিধাসমূহ আঁতৰ হ’ব। ৰাজ্য চৰকাৰখনে জনসাধাৰণৰ দুখ-দুৰ্দশা লাভ কৰাৰ বাবে নিৰন্তৰ প্ৰয়াস চলাই আহিছে। বাজেটত কেইবাটাও উন্নয়নমূলক আঁচনি ঘোষণা কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনি ১৪০০ টকালৈ বৃদ্ধি কৰিব বিচাৰিছে। তদুপৰি, অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ বাবেও ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। মহিলা আত্ম-সহায়ক গোটৰ সদস্যসকলক গাইগুটিয়াকৈ উদ্যোগ গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে সহায় কৰিব বিচাৰিছে। তেওঁ কয় যে যিসকল ব্যক্তিয়ে ৰেচন কাৰ্ড লাভ কৰা নাই তেওঁলোকক ৰেচন কাৰ্ড প্ৰদান কৰা হ’ব। ৰেচন কাৰ্ড থকা পৰিয়ালসমূহক বিনামূলীয়া চাউলৰ লগতে বছৰি ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা ৰেচন কাৰ্ডৰ জৰিয়তে প্ৰদান কৰা হ’ব। তেওঁ কয় যে এই বছৰৰ পৰা ২ লাখ ল’ৰা-ছোৱালীক আত্মসংস্থাপনৰ সুবিধা দিয়াৰ বাবে নতুন আঁচনি লোৱা হৈছে। ইয়াৰ জৰিয়তে যুৱক-যুৱতীসকলক মাটি মর্টগেজ নিদিয়াকৈ বেংকৰ পৰা ২ লাখ টকাকৈ সহায় কৰিব বিচৰা হৈছে যাতে তেওঁলোকে আত্মসংস্থাপনৰ পথ বিচাৰি ল’ব পাৰে।

উল্লেখ্য যে, মুখ্যমন্ত্রীয়ে বৰলা বহুমুখী গাঁও পাইপযোগে পানী যোগান আঁচনি এখনৰ শুভ উদ্বোধন কৰে। ১৯.৩৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্রকল্পই ২৭ হাজাৰ পৰিয়ালক সামৰি ল’ব। মুখ্যমন্ত্ৰীয়ে টংলা নগৰ পানী যোগান আঁচনি, টংলা পৰিদৰ্শন বঙলা, টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় গৃহ, ননৈ নৈত জালিমুখ বান, টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰক মহকুমা স্বাস্থ্য কেন্দ্ৰলৈ উন্নীতকৰণ আৰু চিলাৰায় ভৱনৰো আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে ভেৰগাঁৱৰ একলব্য আদর্শ আৱাসিক বিদ্যালয়, মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয় তথা আৱাসগৃহ, ভেৰগাঁও আৰক্ষী চকী আৰু ১৪ টা অন্যান্য প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। আনহাতে, মুখ্যমন্ত্ৰীয়ে ডিমাকুছিত ডিমাকুছি মিনি ষ্টেডিয়াম, ননাইখুটি মাল্টি ভিলেজ ৰাজহুৱা পানী যোগান আঁচনি, চাহ বাগান আদর্শ বিদ্যালয়, এলিফেণ্ট ৱাটছ্ টাৱাৰ, হস্ততাঁত ক্লাষ্টাৰ, মহাপ্রভু জগন্নাথ কমিউনিটি হল আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ডিমাকুছি আদৰ্শ চিকিৎসালয়ৰ শুভ উদ্বোধন কৰে। আনহাতে, মুখ্যমন্ত্রীয়ে অঞ্চলটোত বিকাশৰ গতি অধিক ত্বৰান্বিত কৰাৰ বাবে টংলা চহৰৰ নলা-নৰ্দমা আৰু সৌন্দৰ্যৱৰ্দ্ধনৰ কামৰ বাবে ২৫ কোটি টকাৰ লগতে টংলা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে ১০ কোটি টকা ঘোষণা কৰে। তদুপৰি, ভেৰগাঁৱত এখন চৰকাৰী মহাবিদ্যালয়ৰ লগতে ১২ কোটি টকা ব্যয় সাপেক্ষ এখন ষ্টেডিয়াম, ভেৰগাঁও চৰকাৰী বিদ্যালয় পুনৰনিৰ্মাণৰ বাবে ৮ কোটি টকা, ডিমাকুছিত ৩৫ কিঃমিঃ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ, ডিমাকুছিত কোষাগাৰ কাৰ্যালয় আৰু সংহত মহকুমাধিপতিৰ কাৰ্যালয় নিৰ্মাণৰ কথাও সভাত ঘোষণা কৰে। একেদৰে শুক্লাই নৈ আৰু চামৰ নৈৰ ওপৰত একোখনকৈ দলং নিৰ্মাণ, বৰঙাজুলি সত্ৰ, ডিমাকুছি বাথৌ আশ্ৰম আৰু চেইণ্ট পল গীর্জালৈ অসম দৰ্শন আঁচনিৰ অধীনত আর্থিক অনুদান কৰাৰো প্ৰতিশ্ৰুতি প্ৰদন কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে কয় যে ভ উদ্বোধন আৰু শুভ আৰম্ভণি কৰা পানীযোগান প্রকল্পসমূহে জিলাখনৰ জনসাধাৰণে ভুগি অহা বিশুদ্ধ খোৱাপানীৰ সমস্যা সমাধানৰ দিশত সহায়ক হৈ উঠিব। তেওঁ কয় যে ডিমাকুছিবাসীৰ দীৰ্ঘদিনীয়া প্রয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু অঞ্চলটোৰ স্বাস্থ্য সেৱা উন্নীতকৰণৰ উদ্দেশ্যৰে আৱাসিক কোৱাৰ্টাৰ সৈতে ৩০ খন বিচনাযুক্ত ডিমাকুছি আদর্শ চিকিৎসালয় নিৰ্মাণ কৰা হৈছে। এই আদর্শ চিকিৎসালয়খনে অঞ্চলটোৰ প্ৰায় ১ লাখ জনসংখ্যাক মানসম্পন্ন স্বাস্থ্য সেৱা আগবঢ়াব বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে চাহ বাগিচাৰ উঠি অহা প্ৰজন্মৰ শৈক্ষিক উৎকৰ্ষতাৰ বাবে ৰাজ্যৰ চাহ বাগানসমূহত অসম চৰকাৰে ২ কোটি টকাকৈ ব্যয় কৰি সৰ্বমুঠ ২৩৮ কোটি টকা ব্যয়ৰে ১১৯ খন চাহ বাগিচাত আদর্শ বিদ্যালয় নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰি ৯৭ খন এনে বিদ্যালয় ইতিমধ্যে মুকলি কৰা হৈছে।

অসম গৌৰৱ প্ৰয়াত কল্পনা বড়োৰ স্মৃতিত ৰাজ্য চৰকাৰে ওদালগুৰি জিলাৰ ৰৌতাত স্থাপন কৰা প্রতিমূৰ্তি উন্মোচন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এগৰাকী অংগনৱাড়ী কৰ্মীয়ে মাতৃ আৰু শিশুৰ কল্যাণৰ বাবে সমাজত কিমান প্রভাৱ পেলাব পাৰে তাৰ উদাহৰণ কল্পনা বড়োৱে ৰাখি থৈ গৈছে। আনহাতে, মুখ্যমন্ত্ৰীয়ে শ্ৰীশ্ৰী বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত সেৱা যাঁচি ৰাজ্যখনৰ জনসাধাৰণৰ কুশল-মঙ্গল কামনা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ত্যাগ, কষ্ট, শিক্ষাৰ পোহৰ আৰু উদ্যমিতাৰ মাজেৰে অসমৰ উন্নয়ন সাধন কৰিব লাগিব: মুখ্যমন্ত্রী

ডিব্ৰুগড়ত 'বিকাশৰ ১২ দিন' কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণকেইবাটাও প্ৰকল্পৰ নিৰ্মাণ...

বৰষা-ভাস্কৰৰ ঘৰলৈ আহিল লখিমী

নৱবৰ্ষৰ প্ৰাকক্ষণত অভিনেত্ৰী বৰষাৰণী বিষয়াই দিলে ভাল খবৰ বৰষা-ভাস্কৰৰ ঘৰলৈ...

আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব টংলাৰ ২ ভাতৃৰ

আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব টংলাৰ ২ ভাতৃৰ। দেওবাৰে নিশা...

প্ৰৱল শীতত কঁপিছে সমগ্ৰ উত্তৰ ভাৰত

৫০ বছৰৰ শীতলতম নিশাৰ সাক্ষী হ’ল শ্ৰীনগৰ। মাইনাছ ১০...