ইতিবাচক… কিমান আৰু বেয়া খবৰবোৰ পঢ়িব? এনে খবৰ পঢ়ক, যি খবৰে ভালে ৰাখে সমাজ, ভালে ৰাখে পৃথিৱী

শিক্ষা কেৱল জানো চাকৰিৰ বাবে? নিশ্চয়কৈ নহয়। শিক্ষাই আমাক দেখুৱাই পোহৰৰ বাট। কেৱল পথাৰো আমাৰ বজাৰো আমাৰ বুলি ক’লেই শেষ হৈ নাযায় দায়িত্ব। তাৰ বাবে যুঁজিব লাগিব, কাম কৰিব লাগিব সকলোৱে। ক’বলৈ লৈছো কলিয়াবৰৰ ৫ যুৱকৰ কথা। উচ্চ শিক্ষা গ্ৰহণ কৰি, চাকৰিৰ বাবে হাবাথুৰি নাখাই ৫ জন বন্ধুৱে আৰম্ভ কৰিছে এখন ছাগলীৰ ফাৰ্ম। থলুৱা প্ৰজাতিৰ ছাগলী পালনেৰে স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত কৰিছে যুৱককেইজনে। জাগৰণ এণ্টাৰপ্ৰাইজ নামৰ সমবায় সমিতি গঠন কৰি কলিয়াবৰৰ সোনাৰীগাঁৱত যুৱককেইজনে আৰম্ভ কৰিছে ছাগলী ফাৰ্মখন। প্ৰথমাৱস্থাত ২০জনী ছাগলীৰে ফাৰ্মখন আৰম্ভ কৰা যুৱককেইজনে পৰৱৰ্তী সময়ত ৫০০-৬০০ ছাগলী পালন কৰাৰ সপোন পুহি ৰাখিছে। চৰকাৰে সহায় কৰিলে নিশ্চয়কৈ তেওঁলোকৰ এই সপোন পূৰণ বুলিও ক’লে যুৱককেইজনে। সততেই শুনিবলৈ পোৱা যায় নৱপ্ৰজন্ম কৰ্ম বিমুখ হোৱাৰ কথা, তাৰ বিপৰীতে এই যুৱককেইজনৰ এই প্ৰয়াস নিশ্চয়কৈ সলাগ ল’বলগীয়া। সঁচাই, এনে খবৰে ভালে ৰাখে সমাজ ভালে ৰাখে পৃথিৱী…

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...

দিনটোত ৩–৪ কাপ কফি সেৱন কৰিলে শৰীৰৰ জৈৱিক বয়স বৃদ্ধি লেহেমীয়া হয়; নতুন গৱেষণা

এটা নতুন গৱেষণাত দেখা গৈছে যে দৈনিক তিনিৰ পৰা...