কেংগাৰু বাহিনীৰ বিৰুদ্ধে ভাৰতৰ জয়! তৃতীয়খন মেচত অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰি শৃংখলাৰ সমতা স্থাপন কৰিলে ভাৰতে…

তৃতীয় টি-টুৱেন্টী মেচত অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাজিত কৰিলে ভাৰতে। সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা ল’লে প্ৰথম দুখন মেচত সুযোগ নোপোৱা অৰ্শদীপ সিং, ৱাশ্বিংটন সুন্দৰ আৰু জীতেশ শৰ্মাই। প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই ৬ উইকেটত ১৮৬ ৰান কৰিলে। প্ৰত্যুত্তৰত ভাৰতে ১৮.৩ অভাৰত ৫ উইকেটত ১৮৮ ৰান সংগ্ৰহ কৰি জয়লাভ কৰিলে।

টছ জিকি ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় সূৰ্যই। হোবাৰ্টৰ ২২ গজত শুভাৰম্ভ ভাল নকৰিলে অষ্ট্ৰেলিয়াই। অৰ্শদীপৰ বিধ্বংসী বলিঙত ১৪ ৰানতে ২ উইকেট হেৰুৱালে কেংগাৰু বাহিনীয়ে। বাঁওহতীয়া বলাৰজনে আউট কৰিলে ট্ৰেভিছ হেড (৬) আৰু জছ ইংলিছক (১)। অধিনায়ক মিচেল মাৰ্শক আউট কৰিলে বৰুণ চক্ৰৱৰ্তীয়ে। বিফল মিচেল ৱেনো (০)। তেৱোঁ হ’ল বৰুণৰ চিকাৰ। চাৰি নম্বৰত নামি ডেভিদে চাপ সামৰি ওলোটাই আক্ৰমণৰ সিদ্ধান্ত ল’লে। তাৰ জৰিয়তে সলনি হ’ল অষ্ট্ৰেলিয়ান ইনিংছৰ ৰূপ। তেওঁৰ সৈতে সহযোগ দিলে ছয় নম্বৰত অহা মাৰ্কাছ ষ্টইনিছে। ডেভিদে ৩৮ বলত ৭৪ ৰান কৰিলে। ৮টা চাৰি আৰু ৫টা ছিক্সেৰে সজালে নিজৰ ইনিংছ। ৩৯ বলত ৬৪ ৰান কৰিলে ষ্টইনিছে। তেওঁৰ বেটৰ পৰা আহিল ৮টা চাৰি আৰু ২টা ছিক্স। শেষলৈকে ২২ গজত আছিল মেথ্যু শ্বৰ্টে। তেওঁ ১৫ বলত ৬৪ ৰানৰ ইনিংছ খেলিলে। মাৰিলে ২টা চাৰি আৰু ১টা ছিক্স। তেওঁৰ লগত আছিল জেভিয়াৰ বাৰ্টলেট (২ বলত ৩)। ভাৰতৰ সফলতম বলাৰ অৰ্শদীপে ৩৫ ৰান দি ৩টা উইকেট ল’লে। ৩৩ ৰানত ২ উইকেট বৰুণৰ। ইয়াৰ উপৰিও শিৱম ডুবেয়ে ৪৩ ৰান খৰচ কৰি ১টা উইকেট পালে।

জয়ৰ বাবে ১৮৭ ৰানৰ লক্ষ্য লৈ বেটিং কৰিবলৈ নামি আগ্ৰাসী মনোভাৱেৰে আৰম্ভ কৰিলে অভিষেক শৰ্মাই। ১৬ বলত ২৫ ৰান কৰিলে তেওঁ। ২টা চাৰি আৰু ছয় মাৰিলে তেওঁ। ৰান নাপালে আন এজন অপেনাৰ শুভমন গিলেও। সহ-অধিনায়কৰ বেটৰ পৰা আহিল ১৫ ৰান। অধিনায়ক সূৰ্যইও ১১ বলত ২৪ ৰান কৰি আউট হ’ল। ডাঙৰ ৰান কৰিব নোৱাৰিলে তিলক বাৰ্মাই (২৯), অক্ষৰ পটেলেও (১৭)। সকলোৱে আগ্ৰাসী হ’বলৈ গৈ আউট হ’ল। শেষত ভাৰতীয় ইনিংছক ভৰসা যোগালে জীতেশ শৰ্মা আৰু ৱাশ্বিংটন সুন্দৰে। তেওঁলোকৰ বেটিঙেৰে ছিৰিজত সমতা ঘূৰাই আনিলে ভাৰতে। ৱাশ্বিংটন অপৰাজিত থাকিল ২৩ বলত ৪৯ ৰানৰ ইনিংছ খেলি। মাৰিলে ৩টা চাৰি আৰু ৪টা ছিক্স। জীতেশৰ বেটৰ পৰা আহিল ১৩ বলত ২২ ৰানৰ অপৰাজিত ইনিংছ। ৩টা চাৰি মাৰিলে তেওঁ। তেওঁলোকৰ অবিচ্ছিন্ন ষষ্ঠ উইকেটৰ যুটিত আহিল ৪৩ ৰান।

৩৬ ৰানত ৩ উইকেট ল’লে নাথান এলিছে। তেৱেঁই অষ্ট্ৰেলিয়াৰ সফলতম বলাৰ। ২২ ৰানত ১ উইকেট ল’লে ষ্টইনিছে। ৩০ ৰানত ১ উইকেট জেভিয়াৰ বাৰ্টলেটৰ। দেওবাৰে জয়ী হৈ পাঁচখনীয়া মেচৰ টি-টুৱেন্টী ছিৰিজত সমতা ঘূৰাই আনিলে ভাৰতে। তিনিখন মেচৰ পিছত ছিৰিজ এতিয়া ১-১। উল্লেখ্য যে, দুয়োটা দলৰ প্ৰথম টি-টুৱেন্টী মেচ বৰষুণৰ বাবে বাতিল হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...