১০০ বছৰৰ মূৰত পেৰিছলৈ উভতিছে অলিম্পিক

১০০ বছৰৰ মূৰত পেৰিছলৈ উভতিছে অলিম্পিক। প্ৰথমে ১৯০০ চন আৰু তাৰ পিছত ১৯২৪। এশ বছৰৰ বিৰতিৰ মূৰত কবিতা, ছবি, সুৰা, সুন্দৰী, ফেশ্বন আৰু প্ৰেমৰ নগৰী পেৰিছলৈ উভতিছে দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ। এই এশ বছৰত ব্যাপক পৰিবৰ্তন হৈছে অলিম্পিক গেমছৰ। ১৯২৪ চনত গেমছ আৰম্ভ হৈছিল ৪ মে’ত। সামৰণি পৰিছিল ২৮ জুলাইত। সুদীৰ্ঘ তিনিমাহ ধৰি চলিছিল ১৭ বিধ খেলৰ ১২৬ টা ইভেন্ট।

এইবাৰ গেমছৰ দৈৰ্ঘ মাত্ৰ দুসপ্তাহৰ। ৩২ বিধ খেলৰ ৩২৯ টা ইভেন্ট। ১৯২৪ চনৰ অলিম্পিক গেমছত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত হৈছিল ফুটবল। স্বৰ্ণজয়ী উৰুগুৱেক ফিফাই বিশ্বকাপ জয়ৰ মৰ্যদা দিছিল। সেইবাৰেই আৰম্ভ হৈছিল গেমছ ভিলেজৰ ধাৰণা। অলিম্পিক ষ্টেডিয়ামৰ নিচেই কাষতে কাঠেৰে নিৰ্মিত ঘৰত ৰখা হৈছিল খেলুৱৈসকলক।

এইবাৰ পেৰিছ চহৰৰ উত্তৰ দিশে মূল ষ্টেডিয়ামৰ পৰা ৭ কিঃমিঃ দূৰৈত নিৰ্মিত গেমছ ভিলেজত থাকিব ১০ হাজাৰ ৫০০ খেলুৱৈ।  ১৯২৪ চনত ৪৪ খন দেশৰ মুঠ ৩০৮৯ গৰাকী খেলুৱৈয়ে অংশ লৈছিল অলিম্পিক গেমছত। ২৯৫৪ গৰাকী পুৰুষ খেলুৱৈৰ বিপৰীতে আছিল ১৩৫ গৰাকী মহিলা খেলুৱৈ। আয়োজক ফ্ৰান্সৰ সৰ্বাধিক ৪০১ গৰাকী খেলুৱৈৰ বিপৰীতে ফিলিপাইনছৰ সৰ্বনিম্ন এগৰাকী খেলুৱৈ। ভাৰতীয় দলটো আছিল মাত্ৰ সাতজনীয়া।

৪৫টা স্বৰ্ণ, ২৭টা ৰূপ আৰু ৯৯টা ব্ৰঞ্জৰ পদকেৰে ১৯২৪ৰ অলিম্পিক গেমছত আমেৰিকাই দখল কৰিছিল শীৰ্ষস্থান।

ফিনলেণ্ডৰ পাভো নুৰ্মিয়ে ট্ৰেক এণ্ড ফিল্ডত লাভ কৰিছিল সৰ্বাধিক ৫ টাকৈ স্বৰ্ণপদক। ১৫০০ মিটাৰ দৌৰ সহজে জয় কৰাৰ ৫৫ মিনিট পিছত অনুষ্ঠিত ৫০০০ মিটাৰ দৌৰতো নুৰ্মিয়ে কোনো অসুবিধা নোহোৱাকৈয়ে জয় কৰিছিল দ্বিতীয়টো স্বৰ্ণপদক।

আমেৰিকাৰ সন্তৰণবিদ জনী ৱেইছমুলাৰে দখল কৰিছিল ৩ টাকৈ স্বৰ্ণপদক আৰু এটা ব্ৰঞ্জসহ চাৰিটাকৈ পদক। পৰৱৰ্তী সময়ত হলিউডৰ বিখ্যাত ছবি ‘টাৰ্জান দ্যা এপ মেন’ত টাৰ্জানৰ ভূমিকাত অভিনয় কৰি সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা অৰ্জন কৰিছিল জনী ৱেইছমুলাৰে।

১৯১২ চনৰ ১২ এপ্ৰিলত প্ৰশান্ত মহাসাগৰত দুৰ্ঘটনাগ্ৰস্ত হৈ ডুব গৈছিল টাইটানিক জাহাজ। সেই ঐতিহাসিক দুৰ্ঘটনাত প্ৰাণ ৰক্ষা পৰিছিল ৰিচাৰ্ড নৰিছ উইলিয়ামছৰ। পৰৱৰ্তী সময়ত টেনিছক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰা উইলিয়ামছে ১৯২৪ৰ অলিম্পিক গেমছতে জিকিছিল মিক্সড ডাবলছৰ খিতাপ।

জিমনাষ্টিকছৰ ৰোপ ক্লাইম্বিং ইভেন্টত আশ্চৰ্যজনকভাৱে ২৪ গৰাকী খেলুৱৈয়ে পাইছিল পাৰফেক্ট ১০ পইন্ট।

সুদীৰ্ঘ এশ বছৰৰ মূৰত এই সুৱৰ্ণ স্মৃতিবোৰ সামৰিয়েই পুনৰ দ্যা গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ- অলিম্পিক ২০২৪ আয়োজনৰ বাবে সাজু হৈ উঠিছে সুৰা, সুন্দৰী, ফেশ্বন আৰু প্ৰেমৰ নগৰী পেৰিছ।

Popular

More like this
Related

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰী।...

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া। EDৰ কাৰ্যালয়ত...

পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ

ছাংহাই কো-অপাৰেছন অৰ্গেনাইজেছন বৈঠকৰ বাবে পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ। কূটনৈতিক...

গজৰাজে তাণ্ডৱ চলালে ৰাজপথত

অৰণ্য ধ্বংস কৰাৰ পৰিণামহে যেন ভুগিছে মানৱ জাতিয়ে! দিনক...