মৰিগাঁৱৰ জাজৰিৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ জীৱন কাহিনী

মৰিগাঁৱৰ জাজৰিৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ জীৱন কাহিনী। ২০২১ বৰ্ষত অৱসৰ গ্ৰহণ কৰিলে তেওঁ। নতুন পেঞ্চন নীতি অনুসৰি তেওঁ মাহিলী পায় মাত্ৰ তেৰশ টকা। সেই ধনেৰে নচলে পৰিয়াল। উপায়ন্তৰ হৈ তেওঁ ক্ৰয় কৰিলে এখন টেম্পো। ৬২ বছৰ বয়সত টেম্পো চলাই তেওঁ চলাইছে সংসাৰ। দুখৰ বৰ্ণনা দি সাংবাদিকৰ সন্মুখত উচুপি উঠিল ছৈয়দ আলী।

মূৰত সংসাৰৰ গধুৰ দায়িত্ব
হাতত এতিয়া জোৰ কম
চৰকাৰী বঞ্চনাই দিয়া চকুলো

তথাপি সদায় টেম্পোখন লৈ ওলাই আহে তেওঁ। জাজৰিৰ পৰা নগাঁও, নগাঁৱৰ পৰা জাজৰিলৈ যাত্ৰী অনা-নিয়া কৰে। দিনটো চকা ঘূৰিলে তেওঁ পায় ৩০০ বা ৪০০টকা। পৰিৱৰ্তিত সময়ত গাড়ী-বাইকৰ সীমা সংখ্যা নাই। টেম্পোখনক যাতায়াতৰ বাবে ব্যৱহাৰ কৰা লোকৰ সংখ্যা তেনেই তাকৰ। কেতিয়াবা ৰৈ ৰৈ তেওঁ অকলেই আহে ঘৰলৈ। লগত লৈ ওলোৱা মোনাখন খালী হৈয়ে পৰি থাকে। পুত্ৰই অধ্যয়ন কৰি আছে বি এছ চি।

কিছুবছৰ আগলৈ কথাবোৰ বেলেগ আছিল
সমাজত তেওঁৰ আছিল সন্মানীয় স্থান
শিক্ষকতা কৰিছিল তেওঁ

ছৈয়দ আলী… জাজৰিৰ গুলেস্তান মধ্য ইংৰাজী বিদ্যালয়ত ১৯৯৪ চনতেই যোগদান কৰিছিল। এওঁ মৰিগাঁৱৰ জাজৰিৰ অৱসৰপ্ৰাপ্ত শিক্ষক ছৈয়দ আলী। ১৯৯৮ চনত এওঁ যোগদান কৰা বিদ্যালয়খন ২০১৩ বৰ্ষত প্ৰাদেশিকীকৰণ হল। ২০২১চনৰ ৩০জুনত তেওঁ অৱসৰ গ্ৰহণ কৰিলে। অৱসৰৰ সময়ত যিকেইটা টকা পালে ঘৰখন কিছু ঠিক কৰিলে। আৰু কিস্তিত ক্ৰয় কৰিলে এইখন টেম্পো।

এতিয়া NPSৰ নীতি অনুসৰি মাহিলী পায় ১,৩৫৯ টকা
যোৱা বহুমাহ ধৰি সেইকেইটাও নাই
এতিয়া তেল-চাউল কিনিবলৈও অসুবিধা

ওৰেটো জীৱন জ্ঞানৰ পোহৰ বিলাইছিল তেওঁ। এতিয়া পুত্ৰৰ শিক্ষাৰ বাবে তেওঁ কাৰো ওচৰত হাত পাতিবও নোৱাৰে। সেয়ে তেওঁ এই টেম্পোখনকে সাৰথি কৰি লৈছে। মুকলি কৰিছে উপাৰ্জনৰ বাট। বুজিব কোনে, ভাবিব কোনে। নগাঁৱৰ সাংবাদিকসকলৰ সন্মুখত মনৰ কথা কৈ উচুপি উঠিল ছৈয়দ আলী।

জীৱনৰ আধা বয়স তেওঁ শিক্ষকতা কৰিলে। ৬০ গৰকিলে। এই বয়সত যেন আন এক সংগ্ৰাম তেওঁৰ। চৰকাৰৰো কোনো সহায়, সহাঁৰি নাই। NPS-ভুগাইছে দুৰ্ভোগ। তেনেকৈয়ে তেওঁ অৱতীৰ্ণ জীৱন যুঁজত। দায়িত্ব। বুকুত বিষাদ লৈ তেনেকৈয়ে ঘূৰিছে এই তিনি চকা। আগবাঢ়িছে জীৱন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...