অৰুণাচলত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বঙাইগাঁৱৰ সেনা জোৱানে

অৰুণাচলত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে বঙাইগাঁৱৰ সেনা জোৱানে। বুধবাৰে পুৱা সেনা জোৱান আব্দুছ চালামৰ নশ্বৰদেহ লৈ অনা হ’ল বঙাইগাঁৱৰ নিজা বাসগৃহলৈ। ঘৰখনত কান্দোনৰ ৰোল উঠিল। শ শ গুণমুগ্ধই শেষ বিদায় জনালে সাহসী সেনা জোৱানজনক।

সাহসী সেনা জোৱান আব্দুছ চালামক শেষ বিদায়
অশ্ৰুসিক্ত নয়নেৰে জানাজাত অংশ শ শ গুণমুগ্ধৰ
শোকাৱহ দুৰ্ঘটনা, মানিকপুৰত শোকৰ ছাঁ

বঙাইগাঁৱৰ শিমলাবাৰীৰ সেনা জোৱান আব্দুছ চালাম। শেহতীয়াকৈ ছুবেদাৰলৈ উন্নীত হৈছিল তেওঁৰ পদবী। তাৰ পাছতেই অৰুণাচল প্ৰদেশত পাইছিল দায়িত্ব। দায়িত্ব পালন কৰিবলগীয়া স্থানলৈ প্ৰথম জানুৱাৰীতেই ওলাই গৈছিল তেওঁ। তেওঁৰ সৈতে আন সতীৰ্থসকলক লৈ আগবাঢ়িছিল সেনাৰ গাড়ী।
হঠাৎ সেনাৰ গাড়ীৰ ব্ৰেকফেইল হ’ল…
দুৰ্ঘটনাত পতিত হ’ল বাহনখন

কেইবাজনো সেনা আহত হ’ল দুৰ্ঘটনাটোত। গুৰুতৰভাবে আহত আব্দুছ চালামক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও মৃত্যুক সাৱটি লয় তেওঁ।

বুধবাৰে পুৱাৰ ভাগত অৰুণাচলৰ পৰা বঙাইগাঁৱৰ নিজৰ ঘৰলৈ লৈ অনা হয় সেনা জোৱান আব্দুছ চালামৰ মৃতদেহ। শোকত ভাগি পৰে পৰিয়াল। শ শ গুণমুগ্ধই শেষ বিদায় দিবলৈ ভিৰ কৰে বঙাইগাঁৱৰ শিমলাবাৰীত। সমাজৰ সৈতে মিলি চলা ভদ্ৰ, অমায়িক আব্দুছ চালামৰ মৃত্যুত বঙাইগাঁৱত শোকৰ ছাঁ।

১১ বজাত শিমলাবাৰীত সম্পন্ন হ’ল জানাজা। সহস্ৰাধিক লোকে আব্দুছ চালামৰ জানাজাত অংশগ্ৰহণ কৰিলে। অশ্ৰুসিক্ত নয়নেৰে শেষ বিদায় আব্দুছ চালামক। এৰি থৈ যোৱা পত্নী, দুই সন্তান এতিয়া দিশহাৰা। উচুপি উঠিল সকলো।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ভাৰতৰ আক্ৰমণৰ পিছত সেনাৰ মুখ্য কাৰ্যালয় স্থানান্তৰিত কৰাৰ পৰিকল্পনা পাকিস্তানৰ

ভাৰতৰ আক্ৰমণত পাকিস্তানৰ নুৰ খান বিমান ঘাটিত হোৱা ব্যাপক...

আমেৰিকাক শূন্য শুল্ক দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ পাকিস্তানৰ

পাকিস্তানে আমেৰিকাক নিৰ্বাচিত পণ্যৰ ওপৰত শূন্য শুল্কৰ দ্বিপাক্ষিক বাণিজ্য...

ভাৰত-ভূটান সীমান্ত এলেকাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ

জনতা ভৱনত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ স্বাস্থ্যমন্ত্ৰী...

ভাৰতত এপলৰ সামগ্ৰী বনোৱা বন্ধ কৰিবলৈ ট্ৰাম্পৰ প্ৰস্তাৱ

মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে Appleৰ CEO টিম কুকক ভাৰতত...