অসমৰ ইতিহাসৰ কেইটামান শোকাৱহ পথ দুৰ্ঘটনা, যি দুৰ্ঘটনাই আজিও কন্দুৱাই অসমবাসীক

অভিশপ্ত ৩ জানুৱাৰী! কোনেও কাহানিও কল্পনা নকৰা, কোনোদিন সপোনতো নভবা এটা দুৰ্ঘটনাই মুহূৰ্ততে থান-বান কৰি থৈ গ’ল বহুতৰে জীৱন.. দেৰগাওঁ ট্ৰেজেদীয়ে কন্দুৱাই গ’ল অসমবাসীক। মুহূৰ্ততে শেষ হৈ গ’ল বহু ঘৰ, বহু পৰিয়াল। ঘৰৰ পৰা হাঁহি-মাতি ওলাই যোৱা বহু মানুহৰ কোনোবা হৈ পৰিল ঘুণীয়া নাইবা আন কোনোজনে চিৰদিনৰ বাবে মেলানি মাগিলে এই পৃথিৱীৰ পৰা। নিহতসকলৰ মাজত আছে একেটা পৰিয়ালৰে একাধিক লোক। ইয়াৰে কোনোবা হয়তো পিতা-পুত্ৰ, নাইবা মাতৃ-কন্যা। ৩ জানুৱাৰীৰ পুৱাতেই আঠখেলীয়া ভৰলুৱাৰ পৰা তিনিচুকীয়া টিলিঙা মন্দিৰলৈ গৈছিল দলটো। এই ঘটনাই এতিয়া কন্দুৱাইছে সমগ্ৰ অসমকে। কিন্তু অসমৰ ইতিহাসত এই ঘটনাই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও অসমৰ ইতিহাস ক’লা কৰিছিল কেইবাটাও ভয়ংকৰ পথ দুৰ্ঘটনাই। যি ঘটনাই আজিও কন্দুৱাই যায় অসমবাসীক। যি দুৰ্ঘটনাই নিমিষতে কাঢ়ি লৈ গৈছিল বহুতৰ জীৱন-যৌৱন, ধ্বংস কৰিছিল বহুতৰে সংসাৰ।

. প্ৰথমতো ঘটনা ২০১৩চনৰ ৩ অক্টোবৰত সংঘটিত হোৱা বৰেপেটাৰ ভয়ংকৰ বাছ দুৰ্ঘটনা। এই দুৰ্ঘটনাত পতিত হৈছিল দুখনকৈ যাত্ৰীবাহী বাছ। ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল বাছ দুখনৰ। এই শোকাৱহ পথ দুৰ্ঘটনাত নিহত হৈছিল ১৩গৰাকী শিশুসহ ৩০গৰাকীকৈ যাত্ৰী। পুৱা প্ৰায় ৪:৩০ বজাত সংঘটিত হোৱা এই ঘটনাই আজিও কন্দুৱাই যায় নিহতসকলৰ আত্মীয়ক।

২. দ্বিতীয় দুৰ্ঘটনাতো চৰাইবৰীৰ। এই শোকাৱহ পথ দুৰ্ঘটনাতো ২০১১চনৰ ৩১ মেত সংঘটিত হৈছিল। যিটো দুৰ্ঘটনাত বিবাহযাত্ৰী কঢ়িয়াই নিয়া এখন বাছ কাঠৰ দলং ভাঙি দ-খাৱৈত বাগৰি পৰিছিল। এই ভয়ংকৰ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হৈছিল প্ৰায় ২৭ গৰাকীকৈ বিবাহযাত্ৰী। এই দুৰ্ঘটনাৰ পাছত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছিল। বিবাহলৈ বুলি ওলাই যোৱা বেছিভাগৰে সিদিনা প্ৰাণ হানি হৈছিল আৰু বহুজনেই চিৰদিনৰ বাবে ঘুনীয়া হৈছিল। এই দুৰ্ঘটনাৰ পাছত ঘটনাস্থলীৰ পৰা প্ৰায় ১০০ মিটাৰ পৰ্যন্ত হৈছিল মৃতদেহৰ শাৰী।

৩. তৃতীয় ঘটনাটো শিৱসাগৰৰ দিছিয়াল গাঁৱৰ। এই শোকাৱহ ঘটনাতো সংঘটিত হৈছিল ২০১৮চনৰ ছেপ্তেম্বৰ মাহত। য’ত এখন চাৰিচকীয়া বাহন নিয়ন্ত্ৰণ হেৰুৱাই সোমাই পৰিছিল দিখৌ নদীত। এই ঘটনাত মৃত্যু হৈছিল একে পৰিয়ালৰে ৫জনকৈ লোকৰ। তেওঁলোক নামঘৰলৈ গৈ থাকোতেই সংঘটিত হৈছিল এই দুৰ্ঘটনা। এই শোকাৱহ পথ দুৰ্ঘটনাই আজিও কন্দুৱাই যায় অসমবাসীক।

৪. চতুৰ্থটো ঘটনা ২০২০চনৰ ৪ ফেব্ৰুৱাৰীৰ। যিটো দুৰ্ঘটনা সংঘটিত হৈছিল গোৱালপাৰাৰ ধূপধৰাত। এই দুৰ্ঘটনাত পতিত হৈছিল এখন যাত্ৰীবাহী বাছ। ৰাজপথৰ দাঁতিত থকা বিদ্যুতৰ খুঁটাত খুন্দা মাৰিছিল তীব্ৰবেগী বাছে। তাৰ পিছত উফৰি দ-খাৱৈত বাগৰি পৰিছিল যাত্ৰীবাহী বাছখন। এই দুৰ্ঘটনাত থিতাতে নিহত হৈছিল ৭গৰাকীকৈ যাত্ৰী। দুৰ্ঘটনাত আহত হৈছিল ৩০গৰাকীৰো অধিক যাত্ৰী। আহতসকলক চিকিৎসাৰ বাবে বিকালী আদৰ্শ চিকিৎসালয়ত অভাৱ হৈছিল বিছনাৰ। যাৰ বাবে চিকিৎসালয়ৰ সন্মুখভাগতে কৰিব লগা হৈছিল চিকিৎসা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুজৰাটৰ মুখ্যমন্ত্ৰীক কমনৱেল্থ গেমছৰ পতাকা প্ৰদান: ২০৩০চনৰ মেগা ইভেণ্টৰ প্ৰস্তুতিৰ আনুষ্ঠানিক শুভাৰম্ভ

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক (Bhupendra Patel) আনুষ্ঠানিকভাৱে ২০৩০ চনৰ...

“মই মৃত্যুমুখত পৰিলোহেঁতেন”: মমতা বেনাৰ্জীৰ গাড়ীলৈ শিলাবৰ্ষণ, প্ৰতিবাদকাৰীৰ “চোৰ” ধ্বনি

পশ্চিম বংগৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা...